ধুবুৰী,28জুনঃ ধুবুৰীৰ পানবাৰিস্থিত ৰাজপুত ৰেজিমেণ্টৰ ৯ জনীয়া এটা সেনাৰ দলে গৌৰীপুৰ থানাৰ আৰক্ষীৰ বৃহৎ দলে হঠাৎ অভিযান চলাই আবেদ আলী নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে। সেনাৰ এই অভিযান কালত এটা 7.62 এম এম হস্ত নিৰ্মিত ৰাইফল,7.65 এম এম এটা হস্ত নিৰ্মিত পিষ্টলৰ লগতে চাৰি জাই সজীৱ গুলি উদ্ধাৰ কৰে ৷ পাছত আবেদ আলী নামৰ যুৱকজনক আটক কৰি থানালৈ অনা হয়। ইপিনে আবেদ আলিক পৰিকল্পিতভাৱে আটক কৰা হৈছে বুলি অভিযোগ তুলি স্থানীয় ৰাইজে আৰক্ষী থানা চৌহদ উত্তপ্ত কৰে ৷ লগতে আবেদ আলীক বিনাচৰ্তে মুকলি কৰাৰ দাবী উত্থাপন কৰে।
ধুবুৰী গৌৰীপুৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি - assam police
ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি । সেনা আৰক্ষীৰ যুটীয়া অভিযানত অস্ত্ৰসহ আটক হোৱা যুৱকক মোকলাই দিয়াৰ দাবীত আৰক্ষী থানা চৌহদত প্ৰতিবাদমুখৰ হৈ উঠিল ৰাইজ । ৰাইজৰ অভিযোগ পৰিকল্পিতভাৱে আটক কৰা হৈছে যুৱকজনক ৷
![ধুবুৰী গৌৰীপুৰ আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3690309-thumbnail-3x2-k.jpg?imwidth=3840)
ধুবুৰী,28জুনঃ ধুবুৰীৰ পানবাৰিস্থিত ৰাজপুত ৰেজিমেণ্টৰ ৯ জনীয়া এটা সেনাৰ দলে গৌৰীপুৰ থানাৰ আৰক্ষীৰ বৃহৎ দলে হঠাৎ অভিযান চলাই আবেদ আলী নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে। সেনাৰ এই অভিযান কালত এটা 7.62 এম এম হস্ত নিৰ্মিত ৰাইফল,7.65 এম এম এটা হস্ত নিৰ্মিত পিষ্টলৰ লগতে চাৰি জাই সজীৱ গুলি উদ্ধাৰ কৰে ৷ পাছত আবেদ আলী নামৰ যুৱকজনক আটক কৰি থানালৈ অনা হয়। ইপিনে আবেদ আলিক পৰিকল্পিতভাৱে আটক কৰা হৈছে বুলি অভিযোগ তুলি স্থানীয় ৰাইজে আৰক্ষী থানা চৌহদ উত্তপ্ত কৰে ৷ লগতে আবেদ আলীক বিনাচৰ্তে মুকলি কৰাৰ দাবী উত্থাপন কৰে।
Body: ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানা চৌহদত এজাক মহিলাৰ ৰুদ্ৰ মূৰ্তি। আৰক্ষী থানা চৌহদতেই এইদৰে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। সেনা আৰক্ষীৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ মুখৰ হৈ পৰিছে এইসকল ৰাইজ। দৰাচলতে গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ শিলাইৰপাৰ গাঁওৰ আবেদ আলী নামৰ এইজন যুৱক প্ৰকৃততে এজন মটৰচাইকেল মেকাৰ। আজি পুৱাৰ ভাগত পানবাৰিস্থিত ৰাজপুত ৰেজিমেণ্টৰ ৯ জনীয়া এটা সেনাৰ দলে গৌৰীপুৰ থানাৰ আৰক্ষীৰ বৃহৎ দল এটাক লগত লৈ হঠাৎ অভিযান চলায় আবেদ আলীৰ ঘৰত। অভিযান কালত এটা 7.62 এম এম হস্ত নিৰ্মিত ৰাইফল আৰু 7.65 এম এম এটা হস্ত নিৰ্মিত পিষ্টলৰ লগতে চাৰি জাই সজীৱ গুলি উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে। পাছত আবেদ আলী নামৰ যুৱক জনক আটক কৰি থানালৈ অনা হয়। ইপিনে আবেদ আলি নামৰ এজন নিৰীহ যুৱকক পৰিকল্পিত ভাবে ফচোৱা হৈছে বুলি অভিযোগ তুলি স্থানীয় ৰাইজে আৰক্ষী থানা চৌহদত উপস্থিত হৈ এইদৰেই উত্তপ্ত কৰি তোলে পৰিস্থিতি। নিৰ্দোষী আবেদ আলীক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজে।
Byte:- স্থানীয় মহিলা।।
ইপিনে আবেদ আলী নামৰ যুৱক জনেও কয়ঃ যে, তেওঁক অন্যায় ভাবে পৰিকল্পিত ভাবে ফচোৱা হৈছে।
Byte:- আবেদ আলী।।
Conclusion: উল্লেখযোগ্য যে, সেনাৰ দলে আবেদ আলীক আটক কৰি আৰক্ষীক চমজাই দিয়াৰ বিপৰীতে এখন এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এখন গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। যদিওঁ তদন্তৰ খাতিৰত মুখ খোলা নাই গৌৰীপুৰ আৰক্ষীয়ে।।
ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।