ETV Bharat / city

ৰাজ্যৰ বাবে সুখবৰ : স্থায়ী সমাধান হ'ব গৰাখহনীয়াৰ !

author img

By

Published : Sep 5, 2020, 2:39 PM IST

অসমৰ বাবে এক ভাল খবৰ । শীঘ্ৰেই স্থায়ীভাবে সমাধান হ'ব অসমৰ বান গৰাখহনীয়াৰ সমস্যা । আৰম্ভ হ'ব ব্ৰহ্মপুত্ৰৰ খনন কাৰ্য । উদ্ধাৰ হ'ব লাখ লাখ বিঘা মাটি । কিন্তু কোনে কেনেকৈ কৰিব এই খনন কাৰ্য । এই সম্পৰ্কত চাওঁ আহক ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ৷

ৰাজ্যৰ বাবে সুখবৰ
স্থায়ী সমাধান হ'ব গৰাখহনীয়াৰ

ধুবুৰী, 5 ছেপ্তেম্বৰ : অসমৰ বাবে এক ভাল খবৰ । শীঘ্ৰেই স্থায়ীভাবে সমাধান হ'ব অসমৰ বান গৰাখহনীয়াৰ সমস্যা । আৰম্ভ হ'ব ব্ৰহ্মপুত্ৰৰ খনন কাৰ্য । উদ্ধাৰ হ'ব লাখ লাখ বিঘা মাটি । কিন্তু কোনে কেনেকৈ কৰিব এই খনন কাৰ্য । এই সম্পৰ্কত চাওঁ আহক ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ৷

১৮৯৭ আৰু ১৯৫০ চনৰ বৰ ভূঁইকপৰ পাচৰে পৰাই আৰম্ভ হৈছিল মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া । শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ প্ৰায়ভাগ জিলাতে ত্ৰাসৰ সৃষ্টি কৰি আহিছে গৰাহনীয়াই ৷ ফলত সলনি হৈছে বহু জিলাৰ মানচিত্ৰ ৷ প্ৰতি বছৰে অসমৰ মানচিত্ৰৰ পৰা নোহোৱা হৈছে হাজাৰ হাজাৰ হেক্টৰ মাটি ৷ চৰকাৰে বিভিন্ন সময়ত বিভিন্ন আঁচনিৰ শিতানত কোটি কোটি টকা খৰচ কৰি আহিছে যদিও অপ্ৰতিৰোধ্য মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া । কিন্তু ইয়াৰ স্থায়ী প্ৰতিৰোধ কেতিয়া ?

স্থায়ী সমাধান হ'ব গৰাখহনীয়াৰ

প্ৰতিবছৰৰ দৰে এইবছৰো বানে কাঢ়ি নিলে শতাধিক লোকৰ প্ৰাণ ৷ বহু লোকে হেৰুৱালে আশ্ৰয় স্থল, আপোনজন তথা পোহনীয়া জীৱ-জন্তু ৷ কিন্তু এনে সময়তে আহিছে এটা ভাল খবৰ ৷ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ হ'ব স্থায়ী প্ৰতিৰোধ ব্যৱস্থা ৷ উদ্ধাৰ হ'ব পূৰ্ব পুৰুষে হেৰুৱাই থৈ যোৱা মাটি ভেঁটি । কিন্তু এয়া কেনেকৈ সম্ভৱ ? কোনে কৰিব এই ব্যৱস্থা ? অবিশ্বাস্য যেন লাগিলেও এয়া বাস্তৱত ৰূপায়িত হ'ব অসমত ৷ প্ৰথমে মন কৰক এই দৃশ্য । এয়া চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ দৃশ্য । বাংলাদেশৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে যোৱা ২০১২-১৩ বৰ্ষৰ পৰাই আৰম্ভ হৈছিল এক পাইলট প্ৰজেক্ট । নদী খনন কাৰ্যৰ এই প্ৰজেক্টৰ জৰিয়তে ইতিমধ্যে বহুখিনি উপকৃত হৈছে বাংলাদেশ চৰকাৰ ।

স্থায়ী সমাধান হ'ব গৰাখহনীয়াৰ
ৰাজ্যৰ বাবে সুখবৰ

ঠিক এইদৰেই এনে এক পাইলট প্ৰজেক্ট হাতত লৈছে অসমৰ এক কোম্পানীয়ে । "Purboshi oil and Gas Limited" নামৰ কোম্পানীটোৱে ব্ৰহ্মপুত্ৰ নদী খনন কৰি নদীৰ বুকুত থকা মাটি উদ্ধাৰ কৰাৰ লগতে স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰিব গৰাখহনীয়াৰ ৷

স্থায়ী সমাধান হ'ব গৰাখহনীয়াৰ
ৰাজ্যৰ বাবে সুখবৰ

কেইবছৰমান পূৰ্বেই "Purboshi oil and Gas Limited" চমুকৈ POGL নামৰ কোম্পানীটোৱে হাতত লৈছিল ব্ৰহ্মপুত্ৰ খনন কাৰ্য্যৰ এক বিশাল পাইলট প্ৰজেক্ট । কোম্পানীটোৰ স্বত্বাধিকাৰী পি কে দত্তই ব্ৰহ্মপুত্ৰ খননৰ "PPPP প্ৰজেক্ট" অৰ্থাৎ বহুমুখী বিকাশ-ভূমি পুনৰুদ্ধাৰ প্ৰকল্প নামৰ বিশাল প্ৰজেক্ট প্ৰস্তুত কৰি চৰকাৰৰ সৈতে সম্পন্ন কৰিছিল আলোচনা । আনহাতে এই প্ৰজেক্টৰ বাবে প্ৰয়োজনীয় নিবনুৱা যুৱক-যুৱতীক এবছৰীয়া স্কিল ট্ৰেইনিঙো প্ৰদান কৰি থকা হৈছে ৷ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এই প্ৰজেক্টৰ বাবে মুকলি কৰি দিছে এহেজাৰ কোটি টকাৰ পেকেজ ৷

স্থায়ী সমাধান হ'ব গৰাখহনীয়াৰ
ৰাজ্যৰ বাবে সুখবৰ

জানিব পৰা মতে, আঢ়ৈ কিলোমিটাৰ বহল আৰু প্ৰায় ২২ মিটাৰ তললৈ খনন কৰা হ'ব মহাবাহু ব্ৰহ্মপুত্ৰ । আনহাতে ব্ৰহ্মপুত্ৰৰ দুয়োফালে উদ্ধাৰ কৰা হ'ব লাখ লাখ হেক্টৰ মাটি ৷ POGL নামৰ কোম্পানীটোৱে ৰূপায়ণ কৰিবলগীয়া বিশাল প্ৰজেক্টৰ সফলতা লাভ কৰিলে নিশ্চিতভাৱে স্থায়ী সমাধান হ'ব কালৰূপী গৰাখহনীয়াৰ । কিন্তু সমগ্ৰ প্ৰক্ৰিয়া আৰম্ভ হওঁতে আৰু কিমানদিন প্ৰয়োজন হয় সেয়াই হ'ব লক্ষণীয় বিষয় ।

স্থায়ী সমাধান হ'ব গৰাখহনীয়াৰ
ৰাজ্যৰ বাবে সুখবৰ

লগতে পঢ়ক : লাওখোৱাত বান হে শেষ হ’ল, সমস্যা নহয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.