ETV Bharat / city

ধুবুৰীত চোৰাং গৰুসহ চাৰিজনক গ্ৰেপ্তাৰ - INDI BANGLADESH BOARDER

ভাৰত বাংলাদেশ সীমান্তত দক্ষিণ শালমাৰা আৰক্ষীৰ ব্যাপক অভিযান। ৪ জন চোৰাং বেপাৰী সহ ১০ টা গৰু জব্দ। আনফালে বিএছএফৰ অভিযানত ৪ জন গৰুৰ চোৰাং বেপাৰী সহ ১৫ টা গৰু জব্দ

ধুবুৰীত চোৰাং গৰুসহ চাৰিজনক গ্ৰেপ্তাৰ
ধুবুৰীত চোৰাং গৰুসহ চাৰিজনক গ্ৰেপ্তাৰ
author img

By

Published : Jul 14, 2020, 3:30 PM IST

ধুবুৰী,14 জুলাইঃ সোমবাৰে নিশা দক্ষিণ শালমাৰা আৰক্ষীয়ে ব্যাপক অভিযান চলাই ভাৰত বাংলাদেশ সীমান্তৰ পৰা ৪ জন গৰুৰ চোৰাং বেপাৰীক আটক কৰে আৰু লগতে ১০ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়। চোৰাং গৰুৰ বেপাৰী কেইজন হল নুৰুল ইছলাম,নুৰ জামাল,খাইবুৰ হুছেইন আৰু নুৰ শ্বেখ।

DHUBRI CATTLE SMUGGLER ARRESTED ETV BHARAT ASSAM NEWS
গ্ৰেপ্তাৰ হোৱা চোৰাং গৰুৰ বেপাৰী কেইজন
ইফালে ভাৰত বাংলাদেশ সীমান্তৰ পৰা যোৱা নিশা ৬ নং বিএন বিএছএফে অভিযান চলাই ৪ জন চোৰাং বেপাৰীক আটক কৰে আৰু লগতে ১৫ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়। চোৰাং গৰুৰ বেপাৰী কেইজন হল মুকতাৰ হুছেইন, আকতাৰ হুছেইন, মহিজুদিন বেপাৰী আৰু সফিকুল ইছলাম। বানপানী আৰু লক ডাউনৰ বাবে জিলাত চোৰাং বেপাৰীয়ে এনে কাৰ্য সংগঠিত কৰিবলৈ ব্যাপক তৎপৰ হৈ পৰিছে। এই সন্দ'ভত আৰক্ষী প্রশাসন আৰু বিএছএফে চোকা দৃষ্টি ৰাখিছে।

নদী পথেৰে কলৰ ভুৰৰ তলত লুকুৱাই সৰবৰাহ কৰে চোৰাং গৰু

উল্লেখযোগ্য যে,বানপানীৰ সুযোগ লৈ উন্মুক্ত নদী পথেৰে বাংলাদেশলৈ গৰুৰ চোৰাং চালান দি থকাৰো সন্দেহ কৰা হৈছে ৷ সোমবাৰৰ ঘটনাই পুনৰ প্ৰমাণ কৰিলে বাংলাদেশলৈ অসমৰ পৰা চলি থকা গৰুৰ চোৰাং বেহাৰ কথা ৷

আৰক্ষী আৰু বি এছ এফে জব্দ কৰা গৰু সমূহ
লগতে চাওকঃ কৰ’ণাত আক্ৰান্ত নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ চিকিৎসক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.