পশ্চিম বিলাসীপাৰা, 21 অক্টোবৰ : বিলাসীপাৰাত পঞ্চায়তৰ এগৰাকী নৱ-নিৰ্বাচিত সভাপতিয়ে দাঙি ধৰিছে মানৱতা আৰু ভাতৃত্ববোধৰ নিদৰ্শন ৷ তেওঁ হৈছে বিলাসীপাৰা উন্নয়ন খণ্ডৰ অধীনস্থ আনন্দ নগৰ বাঙালীপাৰা গাঁও পঞ্চায়তৰ সভাপতি পদত নিৰ্দলীয় হিচাপে জয়ী হোৱা জামাল হক ৷

জামাল হকে দুই শতাধিক হিন্দু দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰে নতুন বস্ত্ৰ ৷ পঞ্চায়তখনৰ অধীনস্থ দুই শতাধিক পৰিয়ালৰ মাজত শাৰী,ধুতিকে ধৰি বিভিন্ন বস্ত্ৰ বিতৰণ কৰে সভাপতিগৰাকীয়ে ৷

সম্পূৰ্ণ নিজৰ গাঁঠিৰ ধনেৰে দৰিদ্ৰ পৰিয়ালসমূহৰ মাজত বস্ত্ৰ বিতৰণ কৰি অতি সুখী বুলি জানিবলৈ দিয়ে জামাল হকে ৷ ইফালে দুৰ্গা পূজাৰ প্ৰাক্ মুহূৰ্তত এযোৰকৈ নতুন বস্ত্ৰ উপহাৰ হিচাপে পাই দৰিদ্ৰ পৰিয়াল কেইটাৰ মুখত হাঁহি বিৰিঙি উঠে ৷
লগতে পঢ়ক : ঔৰংগাবাদত নিৰ্বাচনী প্ৰচাৰত তেজস্বী যাদৱলৈ চেণ্ডেল নিক্ষেপ