ETV Bharat / city

পূৱ বিলাসীপাৰাত আধ্যাত্মিক নীতি-নিয়মেৰে চড়ক পূজা

author img

By

Published : Apr 15, 2021, 9:44 AM IST

পূৱ বিলাসীপাৰাৰ চাপৰৰ পালপাৰা আৰু বহলপুৰৰ বৰপাৰা প্ৰথম খণ্ডৰ মেস্ত্ৰীপাৰাত অতীজৰে পৰা প্ৰচলিত হৈ অহা চড়ক পূজা দিনযোৰা কাৰ্যসূচীৰে সমাপন কৰা হয় ৷ জনশ্ৰুতি অনুসৰি চড়ক পূজাৰ দ্বাৰা বতাহ, ধুমুহা, শিলাবৃষ্টি, বজ্ৰপাত, অসূয়া-অশান্তিৰ পৰা পৰিত্ৰাণ পাব পাৰি ।

পূৱ বিলাসীপাৰাত আধ্যাত্মিক নীতি-নিয়মেৰে চড়ক পূজা
পূৱ বিলাসীপাৰাত আধ্যাত্মিক নীতি-নিয়মেৰে চড়ক পূজা

পূৱ বিলাসীপাৰা, 15 এপ্ৰিল: পূৱ বিলাসীপাৰাৰ চাপৰত আধ্যাত্মিক নীতি-নিয়মেৰে চড়ক পূজা পালন ৷ পূৱ বিলাসীপাৰাৰ চাপৰৰ পালপাৰা আৰু বহলপুৰৰ বৰপাৰা প্ৰথম খণ্ডৰ মেস্ত্ৰীপাৰাত অতীজৰে পৰা পালন কৰা হয় চড়ক পূজা ৷ এইবাৰো দিনযোৰা কাৰ্যসূচীৰে চড়ক পূজা সমাপন কৰে লোক সকলে ৷ অসমৰ বিভিন্ন প্ৰান্তত চড়ক পূজা চ’ত মাহৰ সংক্ৰান্তিৰ পৰা উদযাপিত হয় । স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে এই পূজা যোৱা 100 বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে ৷ বিগত বছৰত মহামাৰী ক’ভিড-19 ৰ প্ৰট’কল মানি পূজা পালন কৰা হোৱা নাছিল ৷

উল্লেখ্য যে, জনশ্ৰুতি অনুসৰি চড়ক পূজাৰ দ্বাৰা বতাহ, ধুমুহা, শিলাবৃষ্টি, বজ্ৰপাত, অসূয়া-অশান্তিৰ পৰা পৰিত্ৰাণ পাব পাৰি । এই পূজা বিভিন্নধৰণৰ অলৌকিক, তান্ত্ৰিক পদ্ধতিৰে সমাপন কৰা হয় । চড়ক পূজাত বিশেষকৈ শিৱ-পাৰ্বতীৰ পূজা অৰ্চনা কৰি অঞ্চলটোত অমংগল দূৰ কৰি শান্তি সমৃদ্ধিৰ বাবে ভক্ত সকলে প্ৰাৰ্থনা জনায় ৷ চড়ক পূজাত বিশেষ পূজা বিধি হ'ল এজন ভক্তক পিঠিত বৰশীৰে বিন্ধাই ওলমাই ঘূৰোওৱা দৃশ্য । এই দৃশ্য চাবলৈ চাপৰ আৰু বহলপুৰত সমবেত হয় অঞ্চলটোৰ সহস্ৰাধিক লোক ৷

লগতে পঢ়ক: মেৰাপানীত ৰঙালী বিহু উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.