ETV Bharat / city

Murder in Dhubri: ডেগাৰেৰে হানি খুচি যুৱকক হত্যা

ধুবুৰীত দিন দুপৰতে লোমহৰ্ষক হত্যাকাণ্ড (Murder in Dhubri)। হত্যাকাৰীক খেদি খেদি আটক কৰি ৰাইজে গতালে আৰক্ষীক । নবৌৱেকৰ শালিনতা ৰক্ষা কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে দেওৰেকে ৷

author img

By

Published : Mar 11, 2022, 3:53 PM IST

murder in Dhubri
murder in Dhubri

ধুবুৰী, 11 মাৰ্চ : নবৌৱেকৰ শালিনতা ৰক্ষা কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে দেওৰেকে ৷ এই ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ আলমগঞ্জৰ হাজাৰীঝৰ্ণা তথা নৱম খণ্ড গাঁৱত (Brutal murder in Dhubri) ৷ অভিযোগ অনুসৰি বৃহস্পতিবাৰে দুপৰীয়া গাঁওখনৰ ছেলিম উদ্দিন নামৰ এজন যুৱকে এগৰাকী মহিলাৰ শ্লীলতা হানিৰ চেষ্টা চলাইছিল ৷ মহিলাগৰাকীয়ে কোনোমতে ছেলিমৰ কৱলৰ পৰা নিজকে ৰক্ষা কৰি ঘৰৰ ভিতৰত সোমাই দুৱাৰ বন্ধ কৰি দিয়ে ৷

ঘটনাৰ কথা জানিব পাৰি মহিলাগৰাকীৰ দেওৰেকে ইয়াৰ প্ৰতিবাদ কৰি ছেলিমক গালি-শপনি পাৰে ৷ তেনে সময়তে ছেলিমে ঘৰৰ পৰা এখন ডেগাৰ আনি ছফিকুল নামৰ যুৱকজনক উপৰ্যুপৰি আঘাত কৰে (Dhubri murder news)৷ ফলত মৃত্যু হয় ছফিকুলৰ ৷ ইফালে এই ঘটনা সংঘটিত কৰি পলায়নৰ চেষ্টা চলাইছিল ছেলিমে ৷ কিন্তু স্থানীয় ৰাইজে পাচে পাচে খেদি গৈ পানবাৰী অঞ্চলৰ জংঘলত আটক কৰে ছেলিমক ৷ পিচত ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ ছেলিম আৰু তেওঁৰ পত্নীক আটক কৰি থানালৈ লৈ আহে ৷

ডেগাৰেৰে হানি খুচি যুৱকক হত্যা

ইফালে কোকৰাঝাৰতো সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড (Teacher killed in Kokrajhar)৷ কোনো অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গ’ল এজন প্ৰধান শিক্ষকক ৷ জিলাখনৰ কুমগুৰীৰ তিনকোণা গাঁৱৰ বাসিন্দা তথা কুমগুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বেৰ্লাও বাৰ্থাও ব্ৰহ্মৰ মৃতদেহ বৃহস্পতিবাৰে সন্ধিয়া মাগুৰমাৰীৰ সমীপৰ চেঁচাপানীৰ শালবাগানত উদ্ধাৰ হয় (Kokrajhar murder news)।

হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হোৱা শিক্ষকজনৰ মৃতদেহটোত মূৰৰ পিছফালে আৰু গুপ্তাংগত আঘাতৰ চিন পোৱা গৈছে ৷ আঘাতৰ চিনলৈ চাই হত্যাকাৰীয়ে যে অতি নৃশংসভাৱে শিক্ষকগৰাকীক হত্যা কৰিছিল সেয়া স্পষ্ট হৈ পৰিছে । কিন্তু কোনে কি কাৰণে শিক্ষকজনক হত্যা কৰিলে সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক : Guwahati Gang rape : গুৱাহাটীৰ গাড়ীগাঁৱত পাঁচ যুৱকৰ কামনাৰ বলি কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.