ETV Bharat / city

ভোট গণণাৰ বাবে সাজু বিলাসীপাৰা মহকুমা প্ৰশাসন

২ মে'ত ৰাজ্যখনৰ ১২৬ সমষ্টিতে অনুষ্ঠিত হ’ব ভোট গণনা ৷ ভোট গণনাৰ বাবে সাজু বিলাসীপাৰাৰ মহকুমা প্ৰশাসন ৷

ভোট গণণাৰ বাবে সাজু বিলাসীপাৰা মহকুমা প্ৰশাসন
ভোট গণণাৰ বাবে সাজু বিলাসীপাৰা মহকুমা প্ৰশাসন
author img

By

Published : May 1, 2021, 2:28 PM IST

বিলাসীপাৰা, 1 মে’ : ধুবুৰী জিলাৰ ২৬নং পশ্চিম আৰু ২৭ নং পূৱ বিলাসীপাৰা সমষ্টিৰ দুটা সমষ্টিৰ ভোট গণণাৰ বাবে সাজু হৈছে বিলাসীপাৰাৰ মহকুমা প্ৰশাসন ৷ মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত ভোটগণনা কেন্দ্ৰৰ চৌহদত প্ৰৱেশৰ বাবে লাগিব ক’ভিড-19 নিগেটিভ প্ৰমাণপত্ৰ ৷

ভোট গণণাৰ বাবে সাজু বিলাসীপাৰা মহকুমা প্ৰশাসন

২৬ নং পশ্চিম আৰু ২৭ নং পূৱ বিলাসীপাৰা সমষ্টিত মুঠ ১৮ জন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । ভোটগণনাৰ বাবে প্ৰতিটো সমষ্টিৰ বাবে এটাকৈ মুঠ দুটা দুটাকৈ হল সাজু কৰি তোলা হৈছে ৷ প্ৰতিটো হলত ১৪ টাকৈ টেবুলকে ধৰি মুঠ ২৮ টা টেবুলত কৰা হ'ব ভোটগণনা । ভোটগণনা প্ৰক্ৰিয়াত নিয়োজিত হৈ থাকিব প্ৰায় ৩০০ গৰাকীকৈ গণনা নিৰীক্ষক, গণনা সহায়ক, মাইক্ৰ' অবজাৰভাৰ, ছিলিং বিষয়া আৰু ছিলিং কৰ্মচাৰী ৷

ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি সম্পূৰ্ণ ক’ভিড বিধি পালন কৰি ভোটগণনা কৰা হ'ব বুলি মহকুমাধিপতি মৃদুল যাদৱে জানিবলৈ দিয়ে । উল্লেখ্য যে বিলাসীপাৰা পূৱ সমষ্টিত ২৯৯ আৰু পশ্চিম বিলাসীপাৰা সমষ্টিত ২৪৭ টা কেন্দ্ৰত ভোটগ্ৰহণ সম্পন্ন হৈছিল ৷

লগতে পঢ়ক : হোজাই জিলাত ১৪৪ ধাৰা জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.