ETV Bharat / city

ধুবুৰীত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়

ধুবুৰীত ভুৱা চালানেৰে চলিছে গৰুৰ চোৰাং ব্যৱসায় ৷ ভুৱা চালানেৰে সৰবৰাহ হৈছে লাখ লাখ টকাৰ চুৰি গৰু ৷ গৰুৰ চোৰাং বেপাৰীৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ তীব্ৰ অভিযান ৷

ধুবুৰীত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়
author img

By

Published : Aug 2, 2019, 3:28 PM IST

ধুবুৰী, 2 আগষ্ট : ধুবুৰীৰ ভাৰত বাংলা সীমান্ত উন্মুক্ত হৈ থকাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি একাংশ চোৰাং গৰু বেপাৰীয়ে শ শ গৰু বাংলাদেশলৈ চোৰাংভাৱে চালান দি আহিছে ৷ বহিঃৰাজ্যৰ পৰা ট্ৰাকে ট্ৰাকে গৰু পশ্চিম বংগ, শ্ৰীৰামপুৰ হৈ ধুবুৰীত আমদানি কৰি স্থানীয় গো-হাটৰ পৰা কিনি অনা বুলি ভুৱা চালান দেখুৱাই সৰবৰাহ কৰে গৰু চুৰি চক্ৰই ৷ এনে সময়তে ধুবুৰী আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ পিছত পোহৰলৈ আহিছে চোৰাং ব্যৱসায়ৰ এক ভয়ংকৰ তথ্য । গো হাটক মেনেজ কৰি ভুৱা চালান লৈ প্ৰতিদিনে বাংলাদেশলৈ শ শ গৰু চালান দিয়ে চক্ৰটোৱে ৷ আৰক্ষীয়ে যোৱা কেইটা বছৰৰ পৰা বিভিন্ন সময়ত চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই নিয়াৰ বিপৰীতে বহু পৰিমাণৰ গৰুৰ লগতে চোৰাং বেপাৰী আৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ২০১৭ চনত মুঠ ৯১৮ টা চোৰাং গৰু জব্দ কৰাৰ বিপৰীতে জন চোৰাং বেপাৰী আৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। একেদৰে ২০১৮ চনত ১১২ টা চোৰাং গৰু সহ চাৰিজন লোক আৰু চলিত বৰ্ষত ২২৭ টা চোৰাং গৰু জব্দ কৰাৰ বিপৰীতে ১৫ জনকৈ চোৰাং বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষীয়ে ।

ধুবুৰীত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায়

ইপিনে ধুবুৰী আৰক্ষীয়ে যোৱা চব্বিশ ঘণ্টাত ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ ভিন্ন প্ৰান্তত অভিযান চলাই পাঁচজনকৈ চোৰাং গৰু বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ আটক হোৱা গৰু চোৰৰ ভিতৰত জাকিৰ হুছেইন বেপাৰী আৰু হামিদূৰ ৰহমানক ইতিমধ্যে আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰাৰ বিপৰীতে সাহজাহান আলী, নুৰুল ইছলাম আৰু জাহিনুৰ ইছলামকে ধৰি তিনিজনক দুদিনৰ বাবে নিজৰ জিম্মালৈ লৈছে ধুবুৰী আৰক্ষীয়ে ৷ ধৃত চোৰাং গৰুৰ বেপাৰীৰ পৰা ভুৱা চালান উদ্ধাৰ হোৱাৰ পিছত অধিক তৎপৰ হৈ পৰিছে আৰক্ষী ৷ অধিক তথ্য উদ্ঘাটনৰ বাবে বৰ্তমান অব্যাহত ৰাখিছে জেৰা ৷

Intro: ধুবুৰীত ভুৱা চালানেৰে চলিছে গৰুৰ ভয়াৱহ চোৰাং কাৰবাৰ। যোৱা কেইটা বছৰত ভুৱা চালানেৰে ধুবুৰীত সৰবৰাহ হৈছে লাখ লাখ চোৰাং গৰু। গৰুৰ চোৰাং বেপাৰীৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে ধুবুৰী আৰক্ষীয়ে। যোৱা চব্বিশ ঘণ্টাত পাঁচজনকৈ চোৰাং গৰু বেপাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

Body:

যোৱা কেইটা বছৰৰ পৰা ধুবুৰীৰ ভাৰত বাংলা সীমান্ত উন্মুক্ত হৈ থকাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি একাংশ চোৰাং গৰু বেপাৰীয়ে শ শ গৰু চোৰাং ভাবে চালান দি আহিছে বাংলাদেশলৈ। বহিঃৰাজ্যৰ পৰা ট্ৰাকে ট্ৰাকে গৰু পশ্চিম বংগ, শ্ৰীৰামপুৰ হৈ ধুবুৰীত আমদানি কৰি স্থানীয় গো হাটৰ পৰা ক্ৰয় বিক্ৰয় কৰা বুলি এনেদৰে ভুৱা চালান লৈ বৈধ ভাবে গৰু সৰবৰাহ কৰি থকা বুলি দেখুৱাই আহিছে চোৰাং গৰু বেপাৰীয়ে। ইপিনে আৰক্ষীয়ে চোৰাং গৰু জব্দ কৰাৰ পিছত চোৰাং গৰু বেপাৰীয়ে গো হাটৰ পৰা এনে ধৰণৰ ভুৱা চালান দেখুৱাই আদালতৰ পৰা মুকলি কৰি নিয়ে জব্দ কৰা গৰু সমূহ। এনে সময়তে ধুবুৰী আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ পিছত পোহৰলৈ আহিছে চোৰাং কাৰবাৰৰ এক ভয়ংকৰ তথ্য। চোৰাং গৰুৰ বেপাৰীয়ে বিগত দিনত দেখুৱাই অহা চালান সম্পূৰ্ণৰূপে ভুৱা চালান। গো হাটক মেনেজ কৰি ভুৱা চালান লৈ প্ৰতিদিনে বাংলাদেশলৈ চালান দি আহিছে শ শ চোৰাং গৰু। আৰক্ষীয়ে যোৱা কেইটা বছৰৰ পৰা বিভিন্ন সময়ত চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই নিয়াৰ বিপৰীতে বহু পৰিমাণৰ গৰুৰ লগতে চোৰাং বেপাৰী আৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰাপ্ত তথ্য অনুসৰি ২০১৭ চনত মুঠ ৯১৮ টা চোৰাং গৰু জব্দ কৰাৰ বিপৰীতে জন চোৰাং বেপাৰী আৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। একেদৰে ২০১৮ চনত ১১২ টা চোৰাং গৰু সহ চাৰিজন লোক আৰু চলিত বৰ্ষত ২২৭ টা চোৰাং গৰু জব্দ কৰাৰ বিপৰীতে ১৫ জনকৈ চোৰাং বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষীয়ে।

ইপিনে ধুবুৰী আৰক্ষীয়ে যোৱা চব্বিশ ঘণ্টাত ধুবুৰীৰ গৌৰীপুৰ আৰক্ষী থানা এলেকাৰ ভিন্ন প্ৰান্তত অভিযান চলাই পাঁচজনকৈ চোৰাং গৰু বেপাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰে ভিতৰত জাকিৰ হুছেইন বেপাৰী আৰু হামিদূৰ ৰহমানক ইতিমধ্যে আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰাৰ বিপৰীতে সাজাহান আলী, নুৰুল ইছলাম আৰু জাহিনুৰ ইছলামকে ধৰি তিনিজনক দুদিনৰ বাবে জিম্মালৈ নিয়ে ধুবুৰী আৰক্ষীয়ে। ইপিনে ধৃত চোৰাং গৰুৰ বেপাৰীৰ পৰা ভুৱা চালান উদ্ধাৰ হোৱাৰ পিছত অধিক তৎপৰ হৈ পৰিছে ধুবুৰী আৰক্ষীয়ে। জিম্মালৈ নিয়া তিনি চোৰাং গৰুৰ বেপাৰীৰ পৰা অধিক তথ্য উদ্ঘাটনৰ বাবে জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে।

Byte: Nirupam Hazrika, Adl SP, Dhubri

Conclusion:উল্লেখযোগ্য যে, আৰক্ষীৰ জেৰাৰ পিছত বিগত বছৰত ধুবুৰীত হৈ অহা গৰুৰ চোৰাং কাৰবাৰৰ এক ভয়াৱহ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

# গৰু আৰু সীমান্তৰ ফাইল ফুটেজ লগাব প্লিজ #
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.