ধুবুৰী, 2 চেপ্তেম্বৰ: ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ শেহতীয়াকৈ ধুবুৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ বুধবাৰে নিশা নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীয়ে পৃথক দুটাকৈ অভিযান চলাই ড্ৰাগছসহ ছয়জন লোকক আটক কৰে (6 detained in Dhubri with Brown Sugar) ৷
প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে নিশা ধুবুৰী আৰক্ষীয়ে অভিযান চলাই ধুবুৰী চহৰৰ বিদ্যাপাৰা অঞ্চলৰ পৰা তিনিজন ড্ৰাগছ সৰৱৰাহকাৰীক আটক কৰে ৷ লগতে ১৬ টা ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে (Brown Sugar seized in Dhubri) ৷ আটকাধীন লোককেইজন সাহজাহান খন্দকাৰ, নুৰ খান, নিজান শেখ আৰু সত্তামূল শেখ বুলি আৰক্ষীয়ে জনায় ৷
তাৰ পিছতেই ধৃত লোককেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে বৃহস্পতিবাৰে পুনৰ উক্ত অঞ্চলটোৰ পৰা এগৰাকী মহিলা (Women drugs paddler arrested) আৰু ছিকান্দাৰ আলী নামৰ আন দুজনক আটক কৰে । তেওঁলোকৰ জিম্মাৰ পৰা প্ৰায় ৫০ টা খালী কণ্টেইনাৰ আৰু নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । সম্প্ৰতি অধিক তথ্যৰ বাবে আটাইকে জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে ।