ধুবুৰী, 18 জুনঃ ধুবুৰী জিলাৰ ছাগলীয়াৰে অব্যাহত আছে বহিঃ ৰাজ্যৰ পৰা অসমলৈ ওভতি অহা লোক । উক্ত লোকসকলৰ বহু সংখ্যক লোকৰেই দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ৷
উল্লেখ্য যে, ধুবুৰী জিলাৰ অসম-বংগ সীমান্তবৰ্তী ছাগলীয়াৰে অব্যাহত আছে বহিঃ ৰাজ্যৰ পৰা অসমলৈ ওভতি অহা লোক। বহিঃ ৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰাৰ পিছত অসমৰ বিভিন্ন জিলাৰ লোক সকলক সংশ্লিষ্ট জিলা সমূহলৈ প্ৰেৰণ কৰাৰ বিপৰীতে ধুবুৰী জিলাৰ লোকসকলক জিলা খনৰ বিভিন্ন প্ৰান্তত কোৱাৰেন্টাইনৰ ব্যাৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। ধুবুৰী জিলাৰ তিনিটা স্থানত ক্ৰমে ধুবুৰী ,গোলকগঞ্জ আৰু বিলাসীপাৰাত বিভিন্ন ঠাইত কোৱাৰেন্টাইন কৰা লোক সকলৰ স্বাৱ সংগ্ৰহৰ বাবে স্বাৱ সংগ্ৰহ কেন্দ্ৰ স্থাপন কৰিছে জিলা স্বাস্থ্য বিভাগে ।
উল্লেখ্য যে, ছাগলীয়াৰ এই স্বাৱ সংগ্ৰহ কেন্দ্ৰৰ যোগেদি বৰ্তমানলৈ ৯৭১৯ গৰাকী লোকৰ স্ৱাৱ সংগ্ৰহ কৰা হয় । ধুবুৰী জিলাত ধৰা পৰা ৩৫৮ কৰ'ণা ৰোগীৰ ভিতৰত গোলকগঞ্জৰে প্ৰায় ১৭০ জন কৰ'ণা পজিটিভ । তাৰে প্ৰায় ৬০ জন কৰ'ণা ৰোগীৰ স্বাৱ এই কেন্দ্ৰটোৰ পৰা সংগ্ৰহ কৰা হৈছিল । এই ক্ষেত্ৰত কেন্দ্ৰটোত নিয়োজিত চিকিৎসক কৰ্মচাৰী সকলে দিনে নিশাই নিজৰ দায়িত্ব-কৰ্তব্য পালন কৰিছিল । সেয়ে জিলা উপায়ুক্তই উল্লেখ কৰা মতে কোভিড -১৯ ৰ যুঁজত যি সকল চিকিৎসকৰ লগতে স্বাস্থ্য কৰ্মী কৰ'ণাত আক্ৰান্ত লোক সংস্পৰ্শলৈ আহিছিল তেখেত সকলৰ পৰ্যায়ক্ৰমে অহা ২৮ জুন লৈকে স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰে । উল্লেখযোগ্য যে, জিলা খনত কৰ'ণা ৰোগীৰ সংখ্যা 350 ৰ ঘৰ অতিক্ৰম কৰাৰ বিপৰীতে ইয়াৰে ১৭০ জনেই গোলকগঞ্জৰ বুলি জানিবলৈ পোৱা গৈছে ৷
লগতে পঢ়ক- বিপিএফ আৰু ইউপিপিএল দলৰ বিৰুদ্ধে মন্তব্য নৱ কুমাৰ শৰনীয়াৰ