ধুবুৰী, 18 মে' : কাল কৰ’ণা ক্ৰমাৎ মহামাৰী ৰূপ লৈছে নামনি অসমৰ ধুবুৰী জিলাত । ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ ধুবুৰী জিলাখনতো উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা । মঙলবাৰে নতুনকৈ জিলাখনত সৰ্বাধিক ১৬৮ জন লোকৰ দেহত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰে । ইয়াকে লৈ জিলাখনত কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা মুঠ ২১১২ জনলৈ বৃদ্ধি পায় ।
ইয়াৰে ৯৯৫ জন ৰোগী সুস্থ হোৱাৰ বিপৰীতে এতিয়াওঁ সক্ৰিয় হৈ আছে মুঠ ১০৯৬ গৰাকীকৈ ৰোগী । আনহাতে কৰ’ণাত আক্ৰান্ত হৈ মঙলবাৰৰ দিনটোত পুনৰ ধুবুৰী জিলাৰ এজন ৰোগীৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । ইপিনে ধুবুৰী চহৰৰ ষোল্লটা ৱাৰ্ডত মঙলবাৰৰ দিনটোত ১২ জনৰ দেহত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰে ।
আনহাতে ধুবুৰী চহৰৰ তিনিটা স্থানত ১৮ বছৰৰ পৰা ৪৪ বছৰৰ ভিতৰৰ মুঠ ৪০০ লোকক কৰ’ণা প্ৰতিষেধক প্ৰদান কৰা হয় ।
লগতে পঢ়ক : টীয়কত চাৰিলেনযুক্ত পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ