ETV Bharat / city

বিলাসীপাৰাত পিতৃয়ে হত্যা কৰিলে 14 মহীয়া পুত্ৰক

author img

By

Published : Apr 28, 2021, 9:01 PM IST

বিলাসীপাৰাৰ গুটিপাৰা তৃতীয় খণ্ড শিঙপাৰাত জঘন্য ঘটনা ৷ পিতৃয়ে ডিঙি চেপি হত্যা কৰিলে ফুলকুমলীয়া ১৪ মহীয়া শিশুক ৷

বিলাসীপাৰাত পিতৃয়ে হত্যা কৰিলে 14 মহীয়া পুত্ৰক
বিলাসীপাৰাত পিতৃয়ে হত্যা কৰিলে 14 মহীয়া পুত্ৰক

বিলাসীপাৰা, 28 এপ্ৰিল : পৱিত্ৰ ৰমজান মাহত এক জঘন্য কাণ্ডই জোকাৰি গৈছে সমগ্ৰ বিলাসীপাৰা অঞ্চল ৷ বিলাসীপাৰাৰ গুটিপাৰা তৃতীয় খণ্ডৰ শিঙপাৰা গাঁৱত পিতৃয়ে হত্যা কৰে 14 মহীয়া এটি শিশুক ৷ উল্লেখ্য যে, যোৱা শুকুৰবাৰে নিশা ৰমজানৰ চেহেৰী খাবলৈ উঠি পত্নীক ৰান্ধনী ঘৰত ভাত ৰান্ধিবলৈ দি জয়নাল আবেদিনে ডিঙি চেপি হত্যা কৰিছিল শিশুটিক ৷ প্ৰথম অৱস্থাত ঘটনাটো লুকুৱাই সাধাৰণ মৃত্যু হোৱা বুলি জানাজা সম্পন্ন কৰা হয় ৷

সমগ্ৰ ঘটনাক লৈ শিশুটিৰ মাতৃ হালিমা খাতুনৰ সন্দেহ হোৱাত মঙলবাৰে বিলাসীপাৰা থানাত নিজ স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত বুধবাৰে দণ্ডাধীশ আৰু আৰক্ষীয়ে গুটিপাৰাৰ তৃতীয় খণ্ডৰ শিংপাৰা গাঁৱত উপস্থিত হয় ৷ আৰক্ষীয়ে কবৰ খান্দি উৱলি যোৱা 14 মহীয়া শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ইফালে আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলায়ন কৰে পাষণ্ড পিতৃ জয়নাল আবেদিনে ৷ উল্লেখ্য, যে ঘটনা সন্দৰ্ভত বিলাসীপাৰা আৰক্ষীয়ে তদন্তৰ লগতে পলাতক হত্যাকাৰী পিতৃৰ সন্ধান অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : ভূমিকম্পৰ ফলত বাইহাটাৰ মনসা মন্দিৰত খহি পৰিল বিগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.