ETV Bharat / business

PF Withdrawal: EPF ৰ ধন কেনেকৈ উলিয়াব, কি কি নথি-পত্ৰৰ প্ৰয়োজন হ’ব, জানি লওক সম্পূৰ্ণ প্ৰক্ৰিয়া

author img

By

Published : Jun 4, 2023, 7:10 PM IST

বহুবাৰ দেখা যায় কিছুমান পৰিস্থিতিৰ বাবে চাকৰিয়ালে পি এফৰ ধন আগতীয়াকৈ উলিয়াব লগা হয় । গতিকে জানিব লওক পিএফৰ ধন উলিওৱাৰ প্ৰক্ৰিয়া (PF Withdrawal) ৷

PF Withdrawal - Know how To Withdraw PF Amount
EPF ৰ ধন উলিওৱাৰ প্ৰক্ৰিয়া

চাকৰিত নিয়োজিত হৈ থকা লোকসকলৰ দৰমহাৰ কিছু অংশ নিশ্চিতভাৱে প্ৰতিমাহে কৰ্মচাৰী ভৱিষ্য নিধি (EPF) লৈ যায় । ইয়াৰ জৰিয়তে প্ৰতিগৰাকী লোকৰ অৱসৰৰ বাবে ধন সংগ্ৰহ কৰাত আৰাম অনুভৱ কৰে । কিন্তু বহুবাৰ দেখা যায় যে, কিছুমান পৰিস্থিতিৰ বাবে চাকৰিয়ালে পি এফৰ ধন আগতীয়াকৈ উলিয়াব লগা হয় । এনে পৰিস্থিতিত এই প্ৰতিবেদনত আমি আপোনাক বিতংভাৱে ক’ম পিএফৰ ধন উলিওৱাৰ প্ৰক্ৰিয়াৰ বিষয়ে, যাতে আপুনি কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নোহাৱোকৈ এই ধন উলিয়াব পাৰে (Pf account money withdrawal form)। ইয়াৰ বিষয়ে জানো আহক...

কোনে উলিয়াব পাৰিব পি এফৰ ধন ?

- পি এফ উলিয়াবলৈও কিছু যোগ্যতা থাকিব লাগে । এই যোগ্যতাৰ মাপকাঠীৰ বাবেহে পি এফৰ ধন উলিয়াব পাৰিব ।

- অৱসৰৰ এবছৰৰ আগতে আপুনি কমেও ৯০ শতাংশ কৰ্পাছৰ ধন উলিয়াব পাৰে ।

- নিবনুৱা অৱস্থাৰ এমাহৰ পিচত আপুনি ৭৫ শতাংশ পৰ্যন্ত পুঁজি উলিয়াব পাৰিব । কৰ্মচাৰীজনে চাকৰি পোৱাৰ পিচত বাকী থকা ধন নতুন ইপিএফলৈ স্থানান্তৰ কৰি দিয়া হ’ব ।

- ইপিএফৰ পৰা ধন উলিয়াবলৈ আপোনাৰ ইউএএন সক্ৰিয় হ’ব লাগিব আৰু আধাৰ, পেনকে ধৰি আপোনাৰ বেংকৰ তথ্য আপোনাৰ ইউএএনৰ সৈতে সংযুক্ত হ’ব লাগিব ।

ইপিএফৰ ধন উলিয়াবলৈ তলত দিয়া নথি-পত্ৰ জমা দিব লাগিব

- আবেদনকাৰীৰ কেৱাইচি নথি-পত্ৰৰ প্ৰমাণিত কপি (আধাৰ কাৰ্ড, ভোটাৰ আইডি, পাছপ’ৰ্ট বা ড্ৰাইভিং লাইচেন্স)

- বাতিল কৰা চেক বা আপডেট কৰা বেংক পাছবুক বা আন যিকোনো নথিপত্ৰ যাৰ সহায়ত আবেদনকাৰীৰ বেংক একাউণ্টৰ সবিশেষ পৰীক্ষা কৰিব পাৰি ।

- যদি কৰ্মচাৰীজনে ৫ বছৰৰ অবিৰত সেৱাৰ পূৰ্বে ইপিএফ উলিয়াই লয়, তেন্তে আইটিআৰ ফৰ্ম ২ আৰু আইটিআৰ ফৰ্ম ৩ ৰ প্ৰয়োজন হয় ।

- বেংক একাউন্টৰ বিৱৰণ

- ৰাজহ ষ্টাম্প যদি আপুনি আপোনাৰ বেংক একাউণ্টত ধনৰাশি লাভ কৰিবলৈ বাছি লয় ।

- যথাযথভাৱে পূৰণ কৰা ইপিএফ দাবী প্ৰ-পত্ৰ।

অনলাইনযোগে আপোনাৰ ইপিএফ একাউণ্টৰ পৰা ধন উলিয়াবলৈ আপোনাৰ মোবাইল নম্বৰ আপোনাৰ আধাৰ কাৰ্ড নম্বৰৰ সৈতে লিংক কৰিব লাগে (Pf account money withdrawal online)। মন কৰিব যে নূন্যতম কাগজ-পত্ৰৰ সৈতে অনলাইনত উলিওৱা কাম সহজে কৰিব পাৰি (Pf account money withdrawal limit) । আপুনি আপোনাৰ পূৰ্বৰ নিয়োগকৰ্তা বা কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেচন (ইপিএফঅ’)ৰ কাৰ্যালয়লৈ পৰীক্ষণৰ বাবে যোৱাৰ প্ৰয়োজন নাই (How to withdraw full pf amount) ।

লগতে পঢ়ক: Motorola Razr 40 Ultra: আকৰ্ষণীয় বৈশিষ্টৰ সৈতে মুকলি হ’ল Motorolaৰ দুটাকৈ নতুন ফল্ডেবল স্মাৰ্টফোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.