ইন্টাৰনেশ্যনেল ডেস্ক, 19 জুন : ইলন মাস্ক (Elon Musk)ৰ মালিকানাধীন টেছলা (Tesla)ই নিশ্চিত কৰিছে যে কোম্পেনীটোৰ নতুন মডেল এছ (Model S) গাড়ীখনত নতুন বেটাৰী পেকৰ শক্তি হ্ৰাস কৰা হৈছে । অৱশ্যে, টেছলা (Tesla)ৰ আগৰ মডেলৰ গাড়ী সমূহতকৈ Model Sৰ পৰিসৰ যথেষ্ট বৃদ্ধি কৰা হৈছে।
বৃহস্পতিবাৰে, আমেৰিকান ওৱেবচাইট ইলেক্ট্ৰেকে জনোৱা অনুসৰি, এতিয়া সকলো দক্ষতাৰ ওপৰত নিৰ্ভৰশীল । ইয়াৰ পূৰ্বৰ প্ৰতিবেদনত ৱেবছাইটটোৱে উল্লেখ কৰিছিল যে, নতুন Model S ৰ বাবে, টেছলা (Tesla)ই ইয়াৰ পেলেডিয়াম প্ৰগ্ৰেমৰ অধীনত এটা সম্পূৰ্ণ নতুন পাৱাৰট্ৰেইন বিকশিত কৰিছে ।
![tesla-reduces-energy-capacity-of-battery-pack-in-new-model-s](https://etvbharatimages.akamaized.net/etvbharat/prod-images/5715ef8ba8bbb92159b39551d2e804fc_1506a_1623745281_202.jpg)
বিগত সপ্তাহত Model S ৰ মুকলি অনুষ্ঠানৰ সময়ত, টেছলা (Tesla)ই ইয়াৰ নতুন বৈদ্যুতিক মটৰৰ বিষয়ে মন্তব্য কৰিছিল কিন্তু, ই নতুন বেটাৰী পেকৰ বিষয়ে কোনো ঘোষণা কৰা নাছিল ।
উদাহৰণ স্বৰূপে, টেছলা (Tesla)ই গ্ৰাহকৰ মেনুৱেলত নিশ্চিত কৰিছে যে বেটাৰী পেকে 450 ভ’ল্টলৈ ভল্টেজ বাম্প লাভ কৰিছে । এই সপ্তাহৰ আৰম্ভণিতে, ইপিএ (EPA)ই নতুন মডেল এছ লং ৰেঞ্জ (Model S long range) ৰ বাবে ইয়াৰ অফিচিয়েল ৰেটিং মুকলি কৰে ৷
এই অফিচিয়েল ৰেটিং যোগে সংস্থাটোৱে উল্লেখ কৰে যে, ই পৰিসৰ বৃদ্ধিতকৈ অধিক দক্ষতা লাভ কৰিছে, ইয়াৰ অৰ্থ হৈছে যে, শক্তিৰ ক্ষেত্ৰত বেটাৰি পেকটো সৰু । ইফালে, টেছলাৰ নতুন মডেল এছ লং ৰেঞ্জ গাড়ীখনে ইপিএ (environmental protection agency)ৰ আনুমানিক পৰিসৰৰ ৪০৭ মাইল লাভ কৰিছে ৷
লগতে পঢ়ক :সোণৰ মূল্য কিমান বাঢ়িল আপুনি জানেনে ?