২০১৯ চনৰ ৩১ অক্টোবৰত যেতিয়া ভাৰতৰ ছেনচেক্সে প্ৰথমবাৰৰ বাবে ৪০,৩৯২ পইণ্ট স্পৰ্শ কৰিছিল তেতিয়া ছপা আৰু ইলেক্ট্ৰনিক সংবাদ মাধ্যমসমূহত সৰৱ চৰ্চা চলিছিল বিনিয়োগকাৰীসকলৰ বাবে এয়া স্মৰণীয় মুহূৰ্ত হ’লেও অৰ্থনীতিৰ আন এটা দিশৰ প্ৰতি মনোযোগ দিয়াটো বৰ্তমান সময়ত প্ৰাসংগিক হিচাপে পৰিগণিত হৈছে । ছেনচেক্সৰ এই উত্থানৰ আনন্দত মতলীয়া হৈ মূলসুঁতিৰ সংবাদ মাধ্যমসমূহে আন এটা গুৰুত্বপূৰ্ণ দিশ পাহৰি থাকিল । ২০১৯ চনৰ ৩০ অক্টোবৰত ভাৰতৰ এটা অগ্ৰণী বিত্তীয় সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান জে এম ফাইনেন্সিয়েল গ্ৰুপে ১৩খন ৰাজ্যত চলোৱা গৱেষণাৰ ভিত্তিত এক প্ৰতিবেদন প্ৰকাশ কৰিছিল । এই প্ৰতিবেদন অনুসৰি খাদ্য সামগ্ৰীৰ কম মূল্যৰ ফলত কৃষিজাত উপাৰ্জনৰ বিকাশৰ হাৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে যিয়ে অনাগত দিনত কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ লক্ষ্যক বাস্তৱায়িত কৰাত সমস্যাৰ সৃষ্টি কৰিব । এই প্ৰতিবেদন প্ৰকাশৰ কিছুদিন পূৰ্বে লাভ কৰা আন এক তথ্যমতে ছেপ্টেম্বৰৰ ভাগত ভাৰতৰ দ্ৰুতবেগী গ্ৰাহক সামগ্ৰী (Fast Moving Consumers Goods) বজাৰখনৰ অৱনমন ঘটিছে । গ্ৰামীণ ভাৰতত এই হাৰ বিগত বৰ্ষত ১৬ শতাংশৰ পৰা ২ শতাংশলৈ হ্ৰাস পাইছে । প্ৰথমবাৰৰ বাবে এনেদৰে FMCG-ৰ গ্ৰাম্য অঞ্চলৰ বিকাশৰ হাৰ নগৰীয়া অঞ্চলতকৈ হ্ৰাস পাইছে । এই দুটা বাতৰিয়ে দেশৰ গ্ৰাম্য অৰ্থনীতিৰ বৰ্তমানৰ উদ্বেগজনক অৱস্থাক প্ৰতিফলিত কৰে । প্ৰথম বাতৰিয়ে গ্ৰাম্য উপাৰ্জন সন্দৰ্ভত সাৱধানবাণী প্ৰেৰণ কৰাৰ লগতে দ্বিতীয়টো বাতৰিয়ে গ্ৰাম্য অঞ্চলত চাহিদাৰ অৱনতি সম্পৰ্কত স্পষ্ট ধাৰণা প্ৰদান কৰে আৰু ইয়াৰ লগত উপাৰ্জন আৰু গ্ৰামোন্নয়নৰ প্ৰত্যক্ষ সম্পৰ্ক আছে । দেশত আৰ্থিক মন্দাৱস্থাৰ দৰে সংকটাৱস্থাৰ সৃষ্টি হ’লেই গ্ৰামীণ ভাৰতে অধিক ব্যয়েৰে ৰক্ষা কৰাৰ লগতে পুনৰুজ্জীৱিতকৰণত সহায় কৰে । বৰ্তমান দেশৰ আৰ্থিক অৱস্থাটো চাই গ্ৰাম্য অৰ্থনীতিৰ গুৰুত্ব অপৰিসীম। বিগত দহ বছৰত ব্ৰেণ্ডেড দৈনন্দিন ব্যৱহৃত ঘৰুৱা সামগ্ৰীসমূহৰ বিক্ৰী অধিক হাৰত বৃদ্ধি পাইছে । কিয়নো দেশৰ ৮০ কোটি মানুহে গ্ৰামাঞ্চলত বাস কৰে । এফ এম চি জি বজাৰৰ মুঠ বিক্ৰীৰ ৩৬ শতাংশই গ্ৰামাঞ্চলৰ । এই তথ্যই গ্ৰামাঞ্চলৰ চাহিদাৰ গুৰুত্ব আৰু দেশৰ আৰ্থিক উন্নয়নত ইয়াৰ অৱদানকে সূচায় । সেয়ে এই সময়ত ভাৰতৰ গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ বিভিন্ন দিশসমূহ আলোচনা কৰাৰ লগতে অৱনতিৰ কাৰণসমূহ ফহিয়াই চোৱা আৰু অনাগত দিনৰ কাৰ্যপন্থাৰ সন্ধান কৰাটো জৰুৰী ।
গ্ৰাম্য অৰ্থনীতিৰ অৱনতিৰ কাৰণসমূহ কি কি ?
ইটোৰ লগতে সিটো বিভিন্ন কাৰকে ভাৰতৰ গ্ৰামোন্নয়নক পশ্চাদমুখী কৰিছে । প্ৰথম আৰু প্ৰধান কাৰণটো হ’ল গ্ৰামাঞ্চলত মজুৰি বৃদ্ধিৰ হাৰ নিম্নমুখী । ইয়াৰ লগতে বিগত কিছু বছৰৰে পৰা গ্ৰামাঞ্চলৰ উপাৰ্জনত স্থবিৰতা বিৰাজ কৰিছে । গ্ৰামাঞ্চলত চাকৰিৰ সংখ্যা তেনেই কম হোৱাৰ লগতে বৰষুণৰ পৰিমাণ সঠিক নোহোৱাৰ বাবেও পৰিস্থিতি অধিক চিন্তনীয় কৰি তুলিছে উল্লেখনীয় যে উপাৰ্জন হ্ৰাস পালে ব্যয় বা চাহিদাও হ্ৰাস পায় । যোগানৰ ফালৰ পৰা ব্যৱসায়ী বা কৃষিৰ লগত জৰিতসকলে তৰলতা সংকট বা লিকুইডিটি ক্ৰাঞ্চৰ সন্মুখীন হৈ আহিছে ।ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নীতি নিৰ্ধাৰণ কৰি দিয়া স্বত্বেও বহু বেংকে নিম্ন হাৰত ঋণ প্ৰদানৰ সুবিধাসমূহ জনসাধাৰণক দিয়া নাই যিয়ে আৰ্থিক উন্নয়নত নেতিবাচক প্ৰভাৱ পেলাইছে ।উদাহৰণস্বৰূপে দেশৰ বেংকসমূহৰ ঋণ প্ৰদান বা ক্ৰেডিট বিকাশৰ হাৰ মাত্ৰ ৮.৮ শতাংশ যি বিগত দুটা বছৰৰ ভিতৰতে সৰ্বনিম্ন ।আনকি অনাবেংক বিত্তীয় প্ৰতিষ্ঠানসমূহেও ইনফ্ৰাষ্ট্ৰাকছাৰ লিজিং এণ্ড ফাইনেন্সিয়েল চাৰ্ভিছ চমুকৈ আই এল এণ্ড এই এছৰ বিফলতাৰ পাছত গ্ৰামাঞ্চলত আৰু অনানুষ্ঠানিক ক্ষেত্ৰত ঋণ প্ৰদানত সতৰ্কতা অৱলম্বন কৰি আহিছে সাধাৰণতে এনে অৱস্থাত চহৰাঞ্চলতকৈ গ্ৰামাঞ্চলত অধিক ক্ষতি হয় । নগৰীয়া বজাৰৰ বাবে পুঁজি আহৰণৰ অনেক উপায় থকাৰ বিপৰীতে গ্ৰামাঞ্চলৰ বজাৰৰ বাবে পুঁজি আহৰণৰ পন্থা আৰু সহজলভ্যতাৰ ক্ষেত্ৰত সমস্যা আছে ।চাহিদা হ্ৰাসৰ উপৰি এনেবোৰ কাৰকে গাঁৱলীয়া বজাৰৰ ওপৰত বোজা বৃদ্ধি কৰিছে।যাৰ ফলত দেশত বিগত সাত বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে নগৰীয়া বজাৰৰ তুলনাত গ্ৰামীণ বজাৰৰ সম্পসাৰণ আৰু বিকাশ মন্থৰ হৈ পৰিছে। গ্ৰাম্য অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণঃ গ্ৰামাঞ্চলৰ বিকাশৰ কথা ওলালেই কৃষিৰ লগত জড়িত বিষয়সমূহ আলোচনা কৰাটো অপৰিহাৰ্য।কিয়নো দেশৰ মুঠ জনসংখ্যাৰ ৬০ শতাংশই গ্ৰামাঞ্চলৰ আৰু দেশৰ মুঠ কৰ্মশক্তিৰ ৫০ শতাংশই কৃষি বা কৃষিজাত কৰ্মৰ সৈতে জড়িত । সেয়ে গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ সৈতে জড়িত সমস্যাসমূহ সমাধানৰ ক্ষে্ত্ৰত কৃষিয়ে মূল ভূমিকা গ্ৰহণ কৰিব পাৰে । গ্ৰামোন্নয়নৰ সমস্যা সমাধানৰ বাবে চাহিদা আৰু যোগান দুয়োটা দিশেতে গুৰুত্ব দিব লাগিব । যোগানৰ দিশৰ পৰা চাবলৈ গ’লে বেংকসমূহে যাতে কম সুতৰ বিনিময়ত কৃষি আৰু ব্যৱসায়ৰ বাবে গ্ৰামাঞ্চলত ঋণ প্ৰদান কৰে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি তৰলীয় সংকট বা লিকুইডিটি ক্ৰাঞ্চৰ সমস্যা দূৰ কৰিব লাগিব । ইয়াৰ ফলত যোগান ব্যৱস্থা ঠন ধৰি উঠাৰ লগতে পুঁজিৰ অভাৱত সৃষ্ট বিতৰণৰ সমস্যাসমূহ সমাধান কৰাটো সম্ভৱপৰ হৈ উঠিব। আনহাতে চাহিদাৰ ক্ষেত্ৰত প্ৰথমে গ্ৰাম্য চাহিদাৰ অৱনমন বন্ধ কৰাৰ পাছত ইয়াক উন্নত কৰাৰ চেষ্টা কৰিব লাগিব । সাধাৰণতে যেতিয়া গ্ৰামাঞ্চলত চাহিদাৰ পৰিমাণ হ্ৰাস পায় তেতিয়া এক সাধাৰণ সূত্ৰ প্ৰয়োগ কৰিবলৈ উন্নয়নকেন্দ্ৰিক অৰ্থনীতিবিদসকলে পৰামৰ্শ দিয়ে। এই সূত্ৰ অনুসৰি অৰ্থনীতিবিদসকলে গ্ৰামাঞ্চলত চৰকাৰৰ ব্যয়ৰ পৰিমাণ বৃদ্ধি কৰি গ্ৰামাঞ্চলত উপাৰ্জন আৰু চাহিদা বৃদ্ধিৰ উপদেশ দিয়ে।কিন্তু উল্লেখনীয় কথাটো হ’ল যে ১.৫ ত্ৰিলিয়ন ধন প্ৰধানমন্ত্ৰী কিষাণ আৰু গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ দৰে উপাৰ্জনমুখী আঁচনিত ব্যয় কৰা স্বত্বেও গ্ৰাম্য অৰ্থনীতিৰ অগ্ৰগতি নঘটিল । মই
ক’ব খোজা নাই যে এইবোৰ আঁচনি বন্ধ কৰিব লগে।ইয়াৰ দ্বাৰা এয়া প্ৰমাণিত হ’ল যে কেৱল মাত্ৰ চৰকাৰৰ ব্যয় বৃদ্ধি কৰিলেই সমস্যাৰ সমাধান নহয়, বহনক্ষম দীৰ্ঘমযাদী সমাধানৰ বাবে আন বহুতো উপায় অৱলম্ব কৰাৰ প্ৰয়োজন আছে। যিহেতু দেশৰ গ্ৰাম্য অৰ্থনীতিৰ সিংহভাগেই কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীল সেয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে গাঁথনিগত আৰু প্ৰতিষ্ঠানিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেয়ে এই ক্ষেত্ৰত কৃষি উতপাদন শক্তি বৃদ্ধি আৰু কৃষি প্ৰযুক্তিত ৰাজ সাহায্যৰ লগতে বিনিয়োগ বৃদ্ধি কৰাত মনোনিৱেশ কৰাটো উচিত।আনহাতে, কৃষি আন্তঃগাঁথনি আৰু খাদ্য সংশাধন উদ্যোগত বিনিয়োগ কৰিলে গ্ৰাম্য উপাৰ্জন বহনক্ষমভাৱে বৃদ্ধি কৰাৰ লগতে স্থানীয় যুৱ প্ৰজন্মক সংস্থাপনৰ যথেষ্ট সুযোগ প্ৰদান কৰিব পাৰে।একেদৰে ভাৰতবৰ্ষৰ গাঁৱৰ সামগ্ৰীসমূহ সহজলভ্য কৰি তোলাৰো প্ৰয়োজনীয়তা আহি পৰিছে। সেয়ে গাঁৱৰ পৰা ৰপ্তানি কৰাৰ ক্ষেত্ৰত উপযুক্ত বিনিয়োগতো গুৰুত্ব দিব লাগে। ইয়াৰ উপৰি কৃষিজাত সামগ্ৰীৰ বজাৰখনত সংস্কাৰ সাধন কৰি কৃষকে যাতে উচিত মূল্য লাভ কৰে সেয়া নিশ্চিত কৰিব লাগে ।এই সকলোবোৰ প্ৰচেষ্টা এক সময়সীমা নিৰ্ধাৰণ কৰি সমান্তৰালভাৱে অব্যাহত ৰাখিব লাগিব । আন এক প্ৰাসংগিক বিষয় হৈছে যে কৃষকৰ আয় দুগুণ হ’লেই সমস্যাৰ সমাধান নহয় ।কিয়নো বিনা পাৰিশ্ৰমিক মূল্যৰ অনুপস্থিতিত সূচকাংকৰ দৰত উৎপাদন ব্যয় বাঢ়ি গৈ আছে। তাৰ বাবে উৎপাদন শক্তি বৃদ্ধিৰ লগতে উৎপাদন ব্যয় হ্ৰাস কৰি গ্ৰামাঞ্চলৰ লোকসকলৰ ক্ৰয় ক্ষমতা বৃদ্ধি কৰিব লাগিব। ইয়াৰ ফলত ব্যৱহাৰ আৰু চাহিদা বৃদ্ধি হৈ গ্ৰাম্য অৰ্থনীতিয়ে নতুন প্ৰাণ লাভ কৰিব। এনেদৰেই গ্ৰাম্য অৰ্থনীতিয়ে ভাৰতৰ আৰ্থিক বিকাশত মূল ভূমিকা গ্ৰহণ কৰিব পাৰে। এইক্ষেত্ৰত এক সুদৃঢ় ফলাফলৰ লাভৰ বাবে এতিয়া মাথো প্ৰয়োজন শক্তিশালী ৰাজনৈতিক সদিচ্
Intro:Body:
Reviving Rural Economy is the Key to Economic Growth---
গ্ৰাম্য অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণেই আৰ্থিক বিকাশৰ চাবিকাঠী
ড০ মহেন্দ্ৰ বাবু কুৰুৱা
২০১৯ চনৰ ৩১ অক্টোবৰত যেতিয়া ভাৰতৰ ছেনচেক্সে প্ৰথমবাৰৰ বাবে
৪০,৩৯২ পইণ্ট স্পৰ্শ কৰিছিল তেতিয়া ছপা আৰু ইলেক্ট্ৰনিক সংবাদ
মাধ্যমসমূহত সৰৱ চৰ্চা চলিছিল। বিনিয়োগকাৰীসকলৰ বাবে এয়া
স্মৰণীয় মুহূৰ্ত হ’লেও অৰ্থনীতিৰ আন এটা দিশৰ প্ৰতি মনোযোগ
দিয়াটো বৰ্তমান সময়ত প্ৰাসংগিক হিচাপে পৰিগণিত হৈছে । ছেনচেক্সৰ
এই উত্থানৰ আনন্দত মতলীয়া হৈ মূলসুঁতিৰ সংবাদ মাধ্যমসমূহে আন
এটা গুৰুত্বপূৰ্ণ দিশ পাহৰি থাকিল । ২০১৯ চনৰ ৩০ অক্টোবৰত ভাৰতৰ
এটা অগ্ৰণী বিত্তীয় সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান জে এম ফাইনেন্সিয়েল
গ্ৰুপে ১৩খন ৰাজ্যত চলোৱা গৱেষণাৰ ভিত্তিত এক প্ৰতিবেদন প্ৰকাশ
কৰিছিল । এই প্ৰতিবেদন অনুসৰি খাদ্য সামগ্ৰীৰ কম মূল্যৰ ফলত
কৃষিজাত উপাৰ্জনৰ বিকাশৰ হাৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছে যিয়ে
অনাগত দিনত কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ লক্ষ্যক বাস্তৱায়িত কৰাত
সমস্যাৰ সৃষ্চি কৰিব । এই প্ৰতিবেন প্ৰকাশৰ কিছুদিন পূৰ্বে লাভ কৰা
আন এক তথ্যমতে ছেপ্টেম্বৰৰ ভাগত ভাৰতৰ দ্ৰুতবেগী গ্ৰাহক সামগ্ৰী
(Fast Moving Consumers Goods) বজাৰখনৰ অৱনমন ঘটিছে ।
গ্ৰামীণ ভাৰতত এই হাৰ বিগত বৰ্ষৰ ১৬ শতাংশৰ পৰা ২ শতাংশলৈ হ্ৰাস
পাইছে । প্ৰথমবাৰৰ বাবে এনেদৰে FMCG-ৰ গ্ৰাম্য অঞ্চলৰ বিকাশৰ
হাৰ নগৰীয়া অঞ্চলতকৈ হ্ৰাস পাইছে ।
এই দুটা বাতৰিয়ে দেশৰ গ্ৰাম্য অৰ্থনীতিৰ বৰ্তমানৰ উদ্বেগজনক
অৱস্থাক প্ৰতিফলিত কৰে । প্ৰথম বাতৰিয়ে গ্ৰাম্য উপাৰ্জন সন্দৰ্ভত
সাৱধাণবাণী প্ৰেৰণ কৰাৰ লগতে দ্বিতীয়টো বাতৰিয়ে গ্ৰাম্য অঞ্চলত
চাহিদাৰ অৱনতি সম্পৰ্কত স্পষ্ট ধাৰণা প্ৰদান কৰে আৰু ইয়াৰ লগত
উপাৰ্জন আৰু গ্ৰামোন্নয়নৰ প্ৰত্যক্ষ সম্পৰ্ক আছে । দেশত আৰ্থিক
মন্দাৱস্থাৰ দৰে সংকটাৱস্থাৰ সৃষ্টি হ’লেই গ্ৰামীণ ভাৰতে অধিক ব্যয়েৰে
ৰক্ষা কৰাৰ লগতে পুনৰুজ্জীৱিতকৰণত সহায় কৰে । বৰ্তমান দেশৰ আৰ্থিক
অৱস্থাটো চাই গ্ৰাম্য অৰ্থনীতিৰ গৰুত্ব অপৰিসীম। বিগত দহ বছৰত
ব্ৰেণ্ডেড দৈনন্দিন ব্যৱহৃত ঘৰুৱা সামগ্ৰীসমূহৰ বিক্ৰী অধিক হাৰত বৃদ্ধি
পাইছে । কিয়নো দেশৰ ৮০ কোটি মানুহে গ্ৰামাঞ্চলত বাস কৰে । এফ এম চি
জি বজাৰৰ মুঠ বিক্ৰীৰ ৩৬ শতাংশই গ্ৰামাঞ্চলৰ । এই তথ্যই গ্ৰামাঞ্চলৰ
চাহিদাৰ গুৰুত্ব আৰু দেশৰ আৰ্থিক উন্নয়নত ইয়াৰ অৱদানকে সূচায় । সেয়ে
এই সময়ত ভাৰতৰ গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ বিভিন্ন দিশসমূহ আলোচনা
কৰাৰ লগতে অৱনতিৰ কাৰণসমূহ ফহিয়াই চোৱা আৰু অনাগত দিনৰ
কাৰ্যপন্থাৰ সন্ধান কৰাটো জৰুৰী ।
গ্ৰাম্য অৰ্থনীতিৰ অৱনতিৰ কাৰণসমূহ কি কি ?
ইটোৰ লগতে সিটো বিভিন্ন কাৰকে ভাৰতৰ গ্ৰামোন্নয়নক পশ্চাদমুখী
কৰিছে । প্ৰথম আৰু প্ৰধান কাৰণটো হ’ল গ্ৰামাঞ্চলত মজুৰি বৃদ্ধিৰ হাৰ
নিমন্মুখী । ইয়াৰ লগতে বিগত কিছু বছৰৰে পৰা গ্ৰামাঞ্চলৰ উপাৰ্জনত
স্থবিৰতা বিৰাজ কৰিছে । গ্ৰামাঞ্চলত চাকৰিৰ সংখ্যা তেনেই কম হোৱাৰ
লগতে বৰষুণৰ পৰিমাণ সঠিক নোহোৱাৰ বাবেও পৰিস্থিতি অধিক চিন্তনীয়
কৰি তুলিছে উল্লেখনীয় যে উপাৰ্জন হ্ৰাস পালে ব্যয় বা চাহিদাও হ্ৰাস পায় ।
যোগানৰ ফালৰ পৰা ব্যৱসায়ী বা কৃষিৰ লগত জৰিতসকলে তৰলতা সংকট বা
লিকুইডিটি ক্ৰাঞ্চৰ সন্মুখীন হৈ আহিছে ।ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নীতি
নিৰ্ধাৰণ কৰি দিয়া স্বত্বেও বহু বেংকে নিম্ন হাৰত ঋণ প্ৰদানৰ সুবিধাসমূহ
জনসাধাৰণক দিয়া নাই যিয়ে আৰ্থিক উন্নয়নত নেতিবাচক প্ৰভাৱ পেলাইছে
।উদাহৰণস্বৰূপে দেশৰ বেংকসমূহৰ ঋণ প্ৰদান বা ক্ৰেডিট বিকাশৰ হাৰ
মাত্ৰ ৮.৮ শতাংশ যি বিগত দুটা বছৰৰ ভিতৰতে সৰ্বনিম্ন ।আনকি অনাবেংক
বিত্তীয় প্ৰতিষ্ঠানসমূহেও ইনফ্ৰাষ্ট্ৰাকছাৰ লিজিং এণ্ড ফাইনেন্সিয়েল
চাৰ্ভিছ চমুকৈ আই এল এণ্ড এই এছৰ বিফলতাৰ পাছত গ্ৰামাঞ্চলত আৰু
অনানুষ্ঠানিক ক্ষেত্ৰত ঋণ প্ৰদানত সতৰ্কতা অৱলম্বন কৰি আহিছে।
সাধাৰণতে এনে অৱস্থাত চহৰাঞ্চলতকৈ গ্ৰামাঞ্চলত অধিক ক্ষতি হয় ।
নগৰীয়া বজাৰৰ বাবে পুঁজি আহৰণৰ অনেক উপায় থকাৰ বিপৰীতে
গ্ৰামাঞ্চলৰ বজাৰৰ বাবে পুঁজি আহৰণৰ পন্থা আৰু সহজলভ্যতাৰ
ক্ষেত্ৰত সমস্যা আছে ।চাহিদা হ্ৰাসৰ উপৰি এনেবোৰ কাৰকে গাঁওলীয়া
বজাৰৰ ওপৰত বোজা বৃদ্ধি কৰিছে।যাৰ ফলত দেশত বিগত সাত বছৰৰ
ভিতৰত প্ৰথমবাৰৰ বাবে নগৰীয়া বজাৰৰ তুলনাত গ্ৰামীণ বজাৰৰ
সম্পসাৰণ আৰু বিকাশ মন্থৰ হৈ পৰিছে।
গ্ৰাম্য অৰ্থনীতিৰ পুনৰুজ্জীৱিতকৰণঃ
গ্ৰামাঞ্চলৰ বিকাশৰ কথা ওলালেই কৃষিৰ লগত জড়িত বিষয়সমূহ
আলোচনা কৰাটো অপৰিহাৰ্য।কিয়নো দেশৰ মুঠ জনসংখ্যাৰ ৬০ শতাংশই
গ্ৰামাঞ্চলৰ আৰু দেশৰ মুঠ কৰ্মশক্তিৰ ৫০ শতাংশই কৃষি বা কৃষিজাত
কৰ্মৰ সৈতে জড়িত । সেয়ে গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ সৈতে জড়িত
সমস্যাসমূহ সমাধানৰ ক্ষে্ত্ৰত কৃষিয়ে মূল ভূমিকা গ্ৰহণ কৰিব পাৰে ।
গ্ৰামোন্নয়নৰ সমস্যা সমাধানৰ বাবে চাহিদা আৰু যোগান দুয়োটা দিশেতে
গুৰুত্ব দিব লাগিব । যোগানৰ দিশৰ পৰা চাবলৈ গ’লে বেংকসমূহে যাতে কম
সুতৰ বিনিময়ত কৃষি আৰু ব্যৱসায়ৰ বাবে গ্ৰামাঞ্চলত ঋণ প্ৰদান কৰে
তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি তৰলীয় সংকট বা লিকুইডিটি
ক্ৰাঞ্চৰ সমস্যা দূৰ কৰিব লাগিব । ইয়াৰ ফলত যোগান ব্যৱস্থা ঠন ধৰি
উঠাৰ লগতে পুঁজিৰ অভাৱত সৃষ্ট বিতৰণৰ সমস্যাসমূহ সমাধান কৰাটো
সম্ভৱপৰ হৈ উঠিব।
আনহাতে চাহিদাৰ ক্ষেত্ৰত প্ৰথমে গ্ৰাম্য চাহিদাৰ অৱনমন বন্ধ
কৰাৰ পাছত ইয়াক উন্নত কৰাৰ চেষ্টা কৰিব লাগিব । সাধাৰণতে যেতিয়া
গ্ৰামাঞ্চলত চাহিদাৰ পৰিমাণ হ্ৰাস পায় তেতিয়া এক সাধাৰণ সূত্ৰ
প্ৰয়োগ কৰিবলৈ উন্নয়নকেন্দ্ৰিক অৰ্থনীতিবিদসকলে পৰামৰ্শ দিয়ে।
এই সূত্ৰ অনুসৰি অৰ্থনীতিবিদসকলে গ্ৰামাঞ্চলত চৰকাৰৰ ব্যয়ৰ
পৰিমাণ বৃদ্ধি কৰি গ্ৰামাঞ্চলত উপাৰ্জন আৰু চাহিদা বৃদ্ধিৰ উপদেশ
দিয়ে।কিন্তু উল্লেখনীয় কথাটো হ’ল যে ১.৫ ত্ৰিলিয়ন ধন প্ৰধানমন্ত্ৰী
কিষাণ আৰু গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনিৰ দৰে উপাৰ্জনমুখী
আঁচনিত ব্যয় কৰা স্বত্বেও গ্ৰাম্য অৰ্থনীতিৰ অগ্ৰগতি নঘটিল । মই
ক’ব খোজা নাই যে এইবোৰ আঁচনি বন্ধ কৰিব লগে।ইয়াৰ দ্বাৰা এয়া
প্ৰমাণিত হ’ল যে কেৱল মাত্ৰ চৰকাৰৰ ব্যয় বৃদ্ধি কৰিলেই সমস্যাৰ
সমাধান নহয়, বহনক্ষম দীৰ্ঘমযাদী সমাধানৰ বাবে আন বহুতো উপায়
অৱলম্ব কৰাৰ প্ৰয়োজন আছে।
যিহেতু দেশৰ গ্ৰাম্য অৰ্থনীতিৰ সিংহভাগেই কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীল
সেয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে গাঁথনিগত আৰু প্ৰতিষ্ঠানিক
প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সেয়ে
এই ক্ষেত্ৰত কৃষি উতপাদন শক্তি বৃদ্ধি আৰু কৃষি প্ৰযুক্তিত ৰাজ সাহায্যৰ
লগতে বিনিয়োগ বৃদ্ধি কৰাত মনোনিৱেশ কৰাটো উচিত।আনহাতে, কৃষি
আন্তঃগাঁথনি আৰু খাদ্য সংশাধন উদ্যোগত বিনিয়োগ কৰিলে গ্ৰাম্য উপাৰ্জন
বহনক্ষমভাৱে বৃদ্ধি কৰাৰ লগতে স্থানীয় যুৱ প্ৰজন্মক সংস্থাপনৰ যথেষ্ট
সুযোগ প্ৰদান কৰিব পাৰে।একেদৰে ভাৰতবৰ্ষৰ গাঁৱৰ সামগ্ৰীসমূহ সহজলভ্য
কৰি তোলাৰো প্ৰয়োজনীয়তা আহি পৰিছে। সেয়ে গাঁৱৰ পৰা ৰপ্তানি কৰাৰ
ক্ষেত্ৰত উপযুক্ত বিনিয়োগতো গুৰুত্ব দিব লাগে।
ইয়াৰ উপৰি কৃষিজাত সামগ্ৰীৰ বজাৰখনত সংস্কাৰ সাধন কৰি কৃষকে যাতে
উচিত মূল্য লাভ কৰে সেয়া নিশ্চিত কৰিব লাগে ।এই সকলোবোৰ প্ৰচেষ্টা এক
সময়সীমা নিৰ্ধাৰণ কৰি সমান্তৰালভাৱে অব্যাহত ৰপাখিব লাগিব । আন এক
প্ৰাসংগিক বিষয় হৈছে যে কৃষকৰ আয় দুগুণ হ’লেই সমস্যাৰ সমাধান নহয়
।কিয়নো বিনা পাৰিশ্ৰমিক মূল্যৰ অনুপস্থিতিত সূচকাংকৰ দৰত উৎপাদন
ব্যয় বাঢ়ি গৈ আছে। তাৰ বাবে উৎপাদন শক্তি বৃদ্ধিৰ লগতে উৎপাদন ব্যয়
হ্ৰাস কৰি গ্ৰামাঞ্চলৰ লোকসকলৰ ক্ৰয় ক্ষমতা বৃদ্ধি কৰিব লাগিব। ইয়াৰ
ফলত ব্যৱহাৰ আৰু চাহিদা বৃদ্ধি হৈ গ্ৰাম্য অৰ্থনীতিয়ে নতুন প্ৰাণ লাভ
কৰিব। এনেদৰেই গ্ৰাম্য অৰ্থনীতিয়ে ভাৰতৰ আৰ্থিক বিকাশত মূল ভূমিকা
গ্ৰহণ কৰিব পাৰে। এইক্ষেত্ৰত এক সুদৃঢ় ফলাফলৰ লাভৰ বাবে এতিয়া মাথো
প্ৰয়োজন শক্তিশালী ৰাজনৈতিক সদিচ্ছাৰ।
Figure:
Apr-12Aug-13Dec-14May-16Sep-17Feb-19Jun-20
-3
-2
-1
0
1
2
3
4
5
6
Real Rural Wage Growth
Source:CMIE
The Author is an Assistant Professor, Department of Business
Management, H.N.B.Garhwal Central University, Uttarakhand
লেখক উত্তৰাখণ্ডৰ এইচ এন বি গাৰৱাল কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ
বাণিজ্য ব্যৱস্থাপন বিভাগৰ সহকাৰী অধ্যাপক
Conclusion: