ETV Bharat / business

তিনি দিনত পুনৰবাৰে বৃদ্ধি হ’ল পেট্ৰ’ল ডিজেলৰ মূল্য

author img

By

Published : Jan 18, 2021, 1:00 PM IST

বিশ্ব তৈল বজাৰত কেঁচা তেলৰ মূল্য প্ৰতি বেৰেলত 55 ডলাৰ হ্ৰাস পোৱা পিচতেই ভাৰতত তিনি দিনৰ ভিতৰত পুনৰবাৰে বৃদ্ধি কৰা হৈছে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷

তিনি দিনত পুনৰবাৰে বৃদ্ধি হ’ল পেট্ৰ’ল ডিজেলৰ মূল্য
তিনি দিনত পুনৰবাৰে বৃদ্ধি হ’ল পেট্ৰ’ল ডিজেলৰ মূল্য

নিউজ ডেস্ক, 18 জানুৱাৰী : সোমবাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত কেঁচা তেলৰ মূল্য প্ৰতি বেৰেলত 55 ডলাৰলৈ হ্ৰাস হয় ৷ ইয়াৰ পিচতেই তেলৰ মূল্য নিৰ্ধাৰণকাৰী সংস্থাসমূহে খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আৰু ইয়াৰ প্ৰভাৱ ভাৰতীয় বজাৰতো দেখিবলৈ পোৱা গৈছে ৷ যাৰ ফলত বিগত তিনিদিনৰ ভিতৰত ভাৰতত প্ৰতিলিটাৰ পেট্ৰ’ল ডিজেলৰ মূল্য পুনৰবাৰ বৃদ্ধি হৈছে ৷ ভাৰতত প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য সোমবাৰে 25 পইচা প্ৰতি লিটাৰত বৃদ্ধি হয় ৷

সোমবাৰে ভাৰতীয় বজাৰ (দিল্লী)ত পেট্ৰ’লৰ মূল্য হয় প্ৰতিলিটাৰত ₹84.95 আৰু ডিজেলৰ মূল্য হয় প্ৰতিলিটাৰত ₹75.13 ৷ যদিও পেট্ৰ’ল ডিজেলৰ মূল্য প্ৰতিলিটাৰত 25 পইচাকৈ বৃদ্ধি পাইছে ইয়াৰ পৰিমান কৰৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰিব ৷ যাৰ ফলত প্ৰতিখন ৰাজ্যতে প্ৰতিলিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বেলেগ বেলেগ হ’ব ৷

দিল্লীত 2018ৰ 4 অক্টোবৰৰ পিচত এয়া হৈছে পেট্ৰ’লৰ সৰ্বাধিক মূল্য ৷ 2018ৰ 4 অক্টোবৰত দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য আছিল ₹84 আৰু একেদৰেই 2020ৰ 7 ডিচেম্বৰত ₹83.71 লৈ মূল্য হ্ৰাস পাইছিল ৷

লগতে পঢ়ক : সোমবাৰৰ পৰা মহানগৰীত নাপাব পেট্ৰ'ল আৰু ডিজেল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.