নেচনেল ডেক্স, 15 আগষ্ট: 2019-20 বিত্তীয় বৰ্ষত প্ৰথম চাৰি মাহত 30 শতাংশ বৃদ্ধি পালে উত্তৰ পূব ভাৰতত জি এছ টি সংগ্ৰহ ৷ এই সাত-ভনী ৰাজ্যকেইখনৰ পৰা হোৱা এই জি এছ টি সংগ্ৰহৰ শতাংশ মুঠ দেশীয় সংগ্ৰহ 30 শতাংশতকৈও অধিক ৷ উল্লেখযোগ্যযে পি টি আইৰ তথ্য অনুসৰি এপ্ৰিল-জুলাইত সমগ্ৰ দেশত জি এছ টি সংগ্ৰহৰ পৰিমাণ আছিল 3.65 লাখ কোটি টকা ৷ সাত ভনী ৰাজ্যৰ মাজৰ পৰা নাগালেণ্ডত সৰ্বাধিক 39 শতাংশ বৃদ্ধি পাইছে য'ত ৰাজ্যখনৰ পৰা এপ্ৰিলৰ পৰা জুলাইৰ মাজত সংগ্ৰহ কৰা হৈছে মুঠ 393 কোটি টকা ৷
উত্তৰ-পূবত জি এছ টি সংগ্ৰহ বৃদ্ধি ঠিক সেইদৰে অৰুনাচলত 35 শতাংশ, চিকিমত 32 শতাংশ, মেঘালয়ত 30 শতাংশ, আৰু মিজোৰামত সৰ্বনিম্ন 27 শতাংশ জি এছ টি সংগ্ৰহ বৃদ্ধি পাইছে ৷ মন কৰিব লগীয়া যে কেন্দ্ৰ পৰা যথেষ্ট কম পুজি আৱন্টন হোৱা ত্ৰিপুৰা আৰু মনিপুৰৰ দৰে তুলনামূলক পিছপৰা ৰাজ্যত জি এছ টি সংগ্ৰহ 16 শতাংশ বৃদ্ধি পাইছে, যিটো মহাৰাষ্ট্ৰ, হাৰিয়ানাৰ দৰে উদ্যোগিক তথা উন্নত ৰাজ্যৰ তুলনাত দুগুণ ৷ 37 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজত দিল্লী, লক্ষদ্বীপ আৰু পুডুচেৰীত জি এছ টি সংগ্ৰহ ক্ৰমে 2,17 আৰু 8 শতাংশ ৷ দিল্লীৰ জি এছ টি সংগ্ৰহ যোৱা বৰ্ষৰ 13,000 কোটিৰ তুলনাত 2019-20 বিত্তীয় বৰ্ষত হ্ৰাস পাই 12,700 কোটি টকা হৈছেগৈ ৷ অৰ্থনৈতিক বিশেষজ্ঞ সকলৰ মতে ৰাজ্যখনৰ পৰা কৰ মধ্যস্থতা কৰি কেন্দ্ৰীয় চেলছ টেক্স (ছি এছ টি) ব্যৱস্থা উঠাই লোৱাৰ পাছত ৰাজ্যখনৰ অৰ্থনীতি ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে ৷ গুজৰাট-মহাৰাষ্ট্ৰ দৰে ডাঙৰ ৰাজ্যত জি এছ টি সংগ্ৰহৰ শতাংশ একক সংখ্যালৈ হ্ৰাস পাইছে ৷ তাৰ উপৰিও পাঞ্জাৱ, বিহাৰ, উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ তুলনাত উত্তৰ পূব ভাৰতৰ জি এছ টি সংগ্ৰহ যথেষ্ট উন্নত ৷