ETV Bharat / business

বিত্তীয় বৰ্ষৰ দ্বিতীয়টো Q2ত IOCৰ লোকচান 83 শতাংশ - ইণ্ডিয়ান অইল কৰ্পৰেচন

IOCৰ অধ্যক্ষ সঞ্জীৱ সিঙে সংবাদ মাধ্যমক জনাই যে বিগত বৰ্ষৰ তুলনাত IOCৰ 2018-19 বিত্তীয় বৰ্ষত লাভ হয় 564 কোটি টকা ৷ তেঁও কয় যে বিগত বৰ্ষৰ 3,247 কোটি টকাৰ তুলনাত এই লাভ 82.6 শতাংশ কম ৷

লোকচানৰ সন্মুখীন ইণ্ডিয়ান অইল কৰ্পৰেচনে
author img

By

Published : Nov 1, 2019, 12:28 AM IST

নিউজ ডেস্ক, 31 অক্টোবৰ: চৰকাৰী প্ৰতিষ্ঠান ইণ্ডিয়ান অইল কৰ্পৰেচনে বৃহস্পতিবাৰে ৰিফাইনেৰী মাৰ্জিন আৰু ইনভেন্টৰী লোকচানৰ বাবে বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰিমাসিকত মূল লাভত 83 শতাংশ অৱনতি ঘটা বুলি উল্লেখ কৰে ৷

লগতে পঢ়কঃ পুনৰ বঞ্চিত থলুৱা: ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত নিলাম মধ্যাহ্ন ভোজন আঁচনি

IOCৰ অধ্যক্ষ সঞ্জীৱ সিঙে সাংবাদিকক জনাই যে, জুলাই-ছেপ্টেম্বৰৰ ত্ৰিমাসিকত মুঠ লাভ 564 কোটি আছিল যি বিগত বৰ্ষৰ 3,247 কোটিৰ তুলনাত 82.6 শতাংশ কম আছিল ৷ বিগত বৰ্ষত প্ৰতি বেৰেল খাৰুৱা তেল ইন্ধনলৈ ৰূপান্তৰ কৰাত IOCয়ে লাভ কৰিছিল 6.79 মাৰ্কিন ডলাৰ যাৰ বিপৰীতে এই বৰ্ষত প্ৰতি বেৰেলত লাভ কৰিছে 1.28 মাৰ্কিন ডলাৰ ৷

লগতে পঢ়কঃ মহাত্মা গান্ধী আৰু বল্লভ ভাই পেটেলক বিজেপিয়ে হাইজেক কৰিলেঃ তৰুণ গগৈ

অধ্যক্ষ সঞ্জীৱ সিঙে জানিবলৈ দিয়ে যে প্ৰতিষ্ঠানটোৱে চলিত বৰ্ষত এই পৰ্যন্ত মুঠ 1,807 কোটি টকাৰ লোকচানৰ সন্মুখীন হ'ব লগা হৈছে ৷ ইয়াৰ বিপৰীতে বিগত বৰ্ষত প্ৰতিষ্ঠানটোৰ লাভৰ পৰিমান আছিল 2,895 কোটি টকা ৷ উল্লেখযোগ্য যে. কোনো প্ৰতিষ্ঠানে ইনভেন্টৰী লোকচানৰ সন্মুখীন তেতিয়া হ’ব লগা হয় যেতিয়া কেঁচা সামগ্ৰীৰ দৰ উৎপাদিত সামগ্ৰীতকৈ বেছি হয় ৷

Intro:Body:

blank

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.