বিজনেছ ডেস্ক, 6 মাৰ্চ : শতিকাৰ নিম্নতম স্থানলৈ অৱনতি ঘটিছে য়েছ বেংকৰ ব্যৱসায় ৷ শুকুৰবাৰে শ্বেয়াৰ মাৰ্কেটত 73.10 পইন্ট অৱনতিৰে 26.90 পইন্টত থমকি ৰয় য়েছ বেংকৰ ব্যৱসায় ৷ উল্লেখ্য যে, ইয়াৰ এদিন পূৰ্বে ৰিজাৰ্ভ বেংকে য়েছ বেংকৰ পৰিচালন বোৰ্ডক অপসাৰণ কৰিছিল ৷
শুকুৰবাৰে প্ৰথমভাগৰ ব্যৱসায়ত য়েছ বেংকৰ এটা শ্বেয়াৰত 12.85 টকা অথবা 34 শতাংশ অৱনতি ঘটে ৷ ইয়াৰ পূৰ্বে য়েছ বেংকৰ এটা শ্বেয়াৰ আছিল 34.87 টকাৰ ৷ ইয়াৰ বিপৰীতে ভাৰতীয় ষ্টেট বেংকৰ শ্বেয়াৰ 6 শতাংশ অৱনতি ঘটি এটা শ্বেয়াৰত 269.20 টকা হয় ৷