ETV Bharat / business

WhatsAppত অন্তৰ্ভুক্ত হ'ব গ্ৰুপ ভোটদানৰ সুবিধা - WhatsApp ব্যৱহাৰকাৰীসকলৰ বাবে ভাল খবৰ

WhatsApp ব্যৱহাৰকাৰীসকলৰ বাবে ভাল খবৰ । ব্যৱহাৰকাৰীসকলে হোৱাটাছএপত অতিশীঘ্ৰে গ্ৰুপ ভোটদানৰ সুবিধা লাভ কৰিব (WhatsApp may introduce group polling feature soon)। WhatsApp কতৃপক্ষই ইতিমধ্যে এই লৈ চলাই আছে পৰীক্ষা । বৰ্তমান এই সুবিধা টেলিগ্ৰাম আৰু টুইটাৰত উপলব্ধ ।

WhatsApp
WhatsAppত অন্তৰ্ভুক্ত হ'ব গ্ৰুপ ভোটদানৰ সুবিধা
author img

By

Published : Mar 8, 2022, 7:06 PM IST

বিজনেছ ডেস্ক,৮ মাৰ্চ : আপুনি ব্যৱহাৰ কৰা হোৱাটছএপত (WhatsApp) বিভিন্ন ধৰণৰ নতুন নতুন সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে । প্ৰথম অৱস্থাৰ পৰা হোৱাটছএপৰ বহুতো পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে । এইবাৰ আন নতুন কেইবাটাও সুবিধা দিবলৈ সাজু হৈছে মেটা মালিকাধীন হোৱাটছএপ । ব্যৱহাৰকাৰীসকলে হোৱাটাছএপত অতিশীঘ্ৰে গ্ৰুপ ভোটদানৰ সুবিধা লাভ কৰিব (WhatsApp may introduce group polling feature soon)।

বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, হোৱাটছএপে সোনকালেই Group Chat ত নিৰ্বাচনী প্ৰশ্ন টাইপ কৰিব পৰা সুবিধাৰ প্ৰৱৰ্তন কৰিব । এই সুবিধাটো ইতিমধ্যে টেলিগ্ৰাম আৰু টুইটাৰত উপলব্ধ । বিশেষ সূত্ৰৰ প্ৰতিবেদনত এটা স্ক্ৰীণশ্বটও শ্বেয়াৰ কৰা হৈছে য'ত আই.ও.এছ.(iOS)ত "ক্ৰিয়েট পোল"(Create Poll) সুবিধা প্ৰদৰ্শন কৰা হৈছে ।

এইটো v2.22.6.70 বিটা এপত দেখা গৈছে যিটো বৰ্তমানে সকলোৰে বাবে উপলব্ধ নহয় । হোৱাটছএপে কিছুমান বিটা এণ্ড্ৰইড (beta Android) ব্যৱহাৰকাৰীৰ বাবে ভইচ কলিঙৰ সুবিধা সন্নিৱিষ্ট কৰাৰ বাবে চেষ্টা চলায় আছে । এই নতুন সুবিধা এণ্ড্ৰইড আৰু আই.ও.এছ.(iOS) ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰা হ'ব, কিন্তু বৰ্তমান ইয়াক বিটা এণ্ড্ৰইড ব্যৱহাৰকাৰী সকলৰ বাবে পৰীক্ষা কৰি থকা হৈছে । iOS আৰু এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলৰ বাবে পূৰ্বৰ বিটা আপডেটত ডিজাইন পৰিৱৰ্তনৰ প্ৰসংগ ইতিমধ্যে উল্লেখ কৰা হৈছিল ।

লগতে পঢ়ক:Maruti Suzuki India: ফেব্ৰুৱাৰীত সামান্য বৃদ্ধি পালে মাৰুতি চুজুকীৰ উৎপাদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.