হায়দৰাবাদ, 4 জুলাইঃ বুধবাৰে গধূলি বিশ্বজুৰি ব্যাহত হৈ পৰে ফেচবুক, WhatsApp আৰু ইনষ্টাগ্ৰাম সেৱা ৷ বিশ্বজুৰি কিছু সময় ধৰি ডাউন হৈ ৰয় ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক, WhatsApp আৰু ইনষ্টাগ্ৰাম ৷
WhatsAppত ব্যৱহাৰকাৰীয়ে ফটো, ভিডিঅ’ আৰু ডকুমেণ্ট শ্বেয়াৰ কৰাত অসুবিধাৰ সৃষ্টি হোৱাৰ বিপৰীতে টুইটাৰৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হোৱা নাই ৷ আনহাতে, এই সমস্যাৰ পৰা বিৰত থাকে ইউৰোপ, আমেৰিকা আৰু আফ্ৰিকাৰ ব্যৱহাৰকাৰীসকল ৷