নিউজ ডেস্ক, 11 এপ্ৰিলঃ যোৱা সপ্তাহত কেন্দ্ৰীয় কেবিনেটে সিদ্ধান্ত লৈছিল যে, লোকসভাৰ সকলো সদস্যৰে এবছৰলৈ 30 শতাংশ ধন কৰ্তন কৰা হ'ব আৰু দুবছৰলৈ স্থানীয় উন্নয়ন পুঁজিৰ ধন বন্ধ কৰি দিয়া হৈছে । মহামৰী COVID-19 ৰ সৈতে মোকাবিলা কৰাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । কিয়নো লক ডাউনৰ লগতে স্বাস্থ্যসেৱাৰ নামত ইতিমধ্যে অৰ্থনীতিৰ ব্যাপক ক্ষতি হৈছে ।
ইপিনে কংগ্ৰেছৰ মুৰব্বী ছোনীয়া গান্ধীয়ে সকলো মন্ত্ৰীৰে চৰকাৰী খৰচত বিদেশ ভ্ৰমণ বাতিল কৰিবলৈ পৰামৰ্শ দিছে প্ৰধানমন্ত্ৰী মোডীক । দুবছৰলৈ বাতিল কৰিলে ৰাহি হোৱা ধন কৰ'ণা ভাইৰচৰ ফলত হোৱা ক্ষতি পূৰণত কাম আহিব বুলি প্ৰকাশ কৰে গান্ধীয়ে।
এই সমূহ কথাৰ পৰা অনুমান কৰিব পাৰি যে, মহামাৰী দীৰ্ঘদিন থাকিলে মোডীয়ে বিত্তীয় জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে ।
ভাৰতীয় সংবিধানৰ 360 নং অনুচ্ছেদে বিত্তীয় জৰুৰী অৱস্থা প্ৰদানৰ ক্ষমতা কেন্দ্ৰীয় চৰকাৰক দিছে । পিডিটি আচাৰি, প্ৰাক্তন সাধাৰণ মুখ্য বিত্তসচিবে কোৱা মতে, বিত্তীয় জৰুৰী অৱস্থাই চৰকাৰ এখনত বিত্তীয় অস্থিৰতাৰ কথা প্ৰকাশ কৰে ।
ভাৰতীয় সংবিধান মতে কি আছে বিত্তীয় জৰুৰী অৱস্থাত?
ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 360 অনুসৰী ৰাষ্ট্ৰপতিয়ে অৰ্থনৈতিক অস্থিৰতা বা অৰ্থনীতিৰ প্ৰতি ভাবুকি অহা বুলি সৈমান হলে ভাৰত বা ভাৰতৰ যিকোনো অংশত বিত্তীয় জৰুৰী অৱস্থাৰ ঘোষণা কৰিব পাৰে ।
বিত্তীয় জৰুৰী অৱস্থা দুমাহৰ বাবে ঘোষণা কৰিব পাৰে কিন্তু সংসদত তাৰ প্ৰস্তাৱ দাখিল কৰি তাৰ ম্যাদ বঢ়াব পাৰে ।
বিত্তীয় জৰুৰী অৱস্থাৰ সময়ত ৰাজ্যৰ অৰ্থনৈতিক নিয়ন্ত্ৰণ কেন্দ্ৰীয় কাৰ্যপালিকাৰ হাতত থাকে আৰু কেন্দ্ৰই নিৰ্ধাৰণ কৰা অৰ্থনৈতিক ক্ষেত্ৰৰ নিৰ্দেশনা মানি চলিব লাগে ।
নিৰ্দেশনা সমূহৰ ভিতৰত যি কোনো ৰাজ্যিক কৰ্মচাৰীৰৰ বেতন তথা বানচ কৰ্তন কৰা নিৰ্দেশনা থাকে । তাৰ লগতে ৰাজ্যিক বিত্তীয় বিধেয়ক ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে সংৰক্ষণ কৰা হয় ।
পিডিটি আচাৰিয়ে কয় যে, বিত্তীয় জৰুৰী অৱস্থাৰ জৰিয়তে কেন্দ্ৰই বহুত কিবা কিবি কৰাৰ সুযোগ পায় । ৰজ্য চৰকাৰৰ বাজেট মঞ্জুৰীৰ পৰা, কৰ্মচাৰী তথা ন্যায়াধীশ আৰু সকলো বৰ্ডৰ সদস্যৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিয়াৰ ক্ষমতা পায় ।
আচাৰিয়ে লগতে কয়, সমগ্ৰ বিশ্বই কৰ'ণা ভাইৰাচৰ লগত যুঁজি আছে যদিও এতিয়ালৈ কোনো দেশেই বিত্তীয় জৰুৰী অৱস্থা ঘোষণা কৰা নাই । আনহতে এনে ক্ষেত্ৰত বৈদেশিক বিনিয়োগৰ বাবে দেশৰ ভাল প্ৰতিচ্ছবিও ধৰি ৰখা প্ৰয়োজনীয় ।