ETV Bharat / business

আগষ্টৰ মাজ ভাগলৈ অধিক বৃদ্ধি হ'ব সোণ আৰু ৰূপৰ মূল্য ! - মূল্য বৃদ্ধি

যোৱাটো বৰ্ষৰ চেপ্তেম্বৰ মাহত প্ৰতি কিল' ৰূপৰ মূল্য ৭৩,৬০০ টকাৰ পৰা ৭৪,৩৫০০টকালৈ বৃদ্ধি হৈ এক অভিলেখ স্থাপন হৈছিল । পুনৰ বৰ্তমানৰ ৭৪,৩৫০টকালৈ এই মূল্য বৃদ্ধি হৈ দ্বিতীয়বাৰৰ বাবে অত্যাধিক মূল্যৰে এক নতুন অভিলেখ স্থাপন হ'ল । ইফালে একাধাৰে সোণৰ মূল্যও প্ৰতি ১০ গ্ৰামত আন এক অভিলেখ মূল্যৰে ৫৫,৫৪০ টকালৈ বৃদ্ধি পালে ।

Silver at new high of Rs 74,350/kg; gold above Rs 55,000/10 gm
আগষ্টৰ মাজ ভাগলৈ অধিক বৃদ্ধি হ'ব সোন আৰু ৰূপৰ মূল্য !
author img

By

Published : Aug 6, 2020, 10:03 PM IST

নিউজ ডেস্ক,৬আগষ্ট: নতুন চাহিদা আৰু সীমাবদ্ধতাৰ পৰিপেক্ষিতত মাল্টি ক'মডিটি এক্সেঞ্জ (MCX)ত ৰূপৰ মূল্য বৃদ্ধিৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এক নতুন অভিলেখৰ দিশে গতি কৰিলে ।

যোৱাটো বৰ্ষৰ চেপ্তেম্বৰ মাহত পূৰ্বৰ ৭৩,৬০০ টকাৰ অভিলেখ ভংগ কৰি সৰ্বোচ্চ ৭৪,৩৫০ টকা হৈছিলগৈ ৰূপৰ মূল্য । বৰ্তমান সময়ত ৰূপৰ প্ৰতি কিল'ত ৭৪,৩৫০ টকালৈ বৃদ্ধি হৈ পূৰ্বৰ তুলনাত টকাৰ হিচাবত ২,১৩৯ টকা আৰু শতাংশৰ হিচাবত ২.৯৮ শতাংশ বৃদ্ধি পালে ।

বজাৰ বিশেষজ্ঞৰ মতে, উদ্যোগিক আৰু বিনিয়োগৰ চাহিদা ৰূপৰ ক্ষেত্ৰত কিছু পলমকৈ আহিছে । তাৰোপৰি সাম্প্ৰতিক বিশ্ব সৰবৰাহৰ ক্ষেত্ৰত থকা কিছুমান সীমাবদ্ধতাও পূৰ্বে এটা বৃহৎ সমস্যা আছিল ।

বিশ্বৰ দ্বিতীয় বৃহত্তম ৰূপ উৎপাদনকাৰী এখন দেশ হৈছে পেৰু । কিন্তু শেহতীয়াকৈ মহামাৰী ক'ৰণাৰ বাবে সৃষ্ট লকডাউনৰ ফলত দেশখনত এক তৃতীয়াংশ ৰূপৰ উৎপাদন হ্ৰাস পাইছে ।

DVP- Commodities and Currenciesৰ বিশেষজ্ঞ অনুজ গুপ্তাই ক'লে, আগষ্ট মাহৰ মাজৰ সময়চোৱালৈ ৰূপৰ এই মূল্য বৃদ্ধি হৈ ৭৬,০০০-৭৮,০০০ টকালৈকে আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱণা আছে ।

ইফালে একাধাৰে সোনৰ মূল্যও প্ৰতি ১০গ্ৰামত আন এক অভিলেখ মূল্যৰে ৫৫,৫৪০ টকালৈ বৃদ্ধি পাইছে ।

অনুজ গুপ্তাই এইবুলিও কলে যে, আগষ্ট মাহৰ মাজৰ সময়চোৱালৈ এই সোনৰ মূল্যও বৃদ্ধি হৈ প্ৰতি ১০গ্ৰামত ৫৬,৫০০ টকা পৰ্যন্ত হোৱাৰ অধিক সম্ভাৱনা আছে ।

বজাৰ বিশেষজ্ঞ সকলে ক'ব বিচাৰে যে, বিনিয়োগৰ চাহিদাৰ ওপৰিও সোনৰ বেক এক্সেঞ্জৰ ট্ৰেডিং ফাণ্ডবোৰত অধিক প্ৰবাহ আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সোনৰ মূল্য বৃদ্ধিয়েও ঘৰুৱা বজাৰখনত অধিক প্ৰভাৱ পেলাইছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.