নিউজ ডেস্ক, 29 জুলাইঃ ভাৰতীয় ষ্টেট বেংকে ইয়াৰ অধীনস্থ বিভিন্ন মুলধন জমাকাৰী আঁচনিত সুদৰ হাৰ হ্ৰাস কৰিছে ৷ সৰ্বভাৰতীয় পৰ্যায়ৰ চৰকাৰী বেংকটোৱে সোমবাৰে ঘোষণা কৰিছে এই কথা ৷ 179 দিনতকৈ কম দিনৰ মূলধন জমাকাৰী আঁচনিত বেংকটোৱে 50-75 সংখ্যাৰ আধাৰত সুদৰ হাৰ হ্ৰাস কৰিছে ৷ বেংকটোৱে জাৰী কৰা নতুন নিৰিখ অহা আগষ্ট মাহৰ 1 তাৰিখৰ পৰা সমগ্ৰ দেশতে প্ৰযোজ্য হ'ব ৷
