ETV Bharat / business

বেংককত প্ৰধানমন্ত্ৰী, ভাৰতৰ ওপৰত আছিয়ানৰ দৃষ্টি নিবদ্ধ - মুক্ত বাণিজ্য চুক্তি

ASEANৰ দহ সদস্য ৰাষ্ট্ৰ আৰু মুক্ত বাণিজ্য চুক্তিত সন্মতি প্ৰদান কৰা 6 সহযোগী ৰাষ্ট্ৰ ক্ৰমে ভাৰত,চীন,জাপান,দক্ষিণ কোৰিয়া,অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজৰ প্ৰস্তাৱিত মুক্ত বাণিজ্য সম্পৰ্কত উদ্ভাৱিত প্ৰতিশ্ৰুতি বিশ্বৰ সৰ্ববৃহৎ মাণ্ডলিক বাণিজ্যিক ক্ষেত্ৰ হিচাপে পৰিগণিত হ'বলৈ ওলাইছে ৷

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে মোডী
author img

By

Published : Nov 4, 2019, 1:07 PM IST

নিউজ ডেস্ক, 4 নৱেম্বৰ : ASEANৰ শীৰ্ষ সন্মিলনত উপস্থিত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বেংককত শীৰ্ষ নেতাসকলৰ সৈতে পৃথকে পৃথকে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ সময়তে মাণ্ডলিক সহযোগিতা শীৰ্ষক অৰ্থনৈতিক মিত্ৰতা (RCEP) সম্পন্ন কৰাৰ বাবে দেশৰ শীৰ্ষ আমোলাসকলে অংশীদাৰী দেশসমূহৰ সৈতে বুজাবুজি চূড়ান্ত কৰাৰ প্ৰক্ৰিয়াত ব্যস্ত হৈ পৰিছে ৷ দক্ষিণ চীনৰ সংবাদ প্ৰতিষ্ঠানত প্ৰকাশিত বাতৰি মতে,মাণ্ডলিক অৰ্থনৈতিক মিত্ৰতা সম্পৰ্কত ভাৰতে উত্থাপন কৰা বিভিন্ন নতুন দাবী লৈ বিষয়া পৰ্যায়ত আলোচনা ক্ষীপ্ৰতৰ কৰি তুলিছে ৷

ASEANৰ দহ সদস্য ৰাষ্ট্ৰ আৰু মুক্ত বাণিজ্য চুক্তিত সন্মতি প্ৰদান কৰা 6 সহযোগী ৰাষ্ট্ৰ ক্ৰমে ভাৰত,চীন,জাপান,দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজৰ প্ৰস্তাৱিত মুক্ত বাণিজ্য সম্পৰ্কত উদ্ভাৱিত প্ৰতিশ্ৰুতি বিশ্বৰ সৰ্ববৃহৎ মাণ্ডলিক বাণিজ্যিক ক্ষেত্ৰ হিচাপে পৰিগণিত হ'বলৈ ওলাইছে ৷ মাণ্ডলিক অৰ্থনৈতিক সহযোগিতা ক্ষেত্ৰখনৰ এই 16 ৰাষ্ট্ৰৰ সন্মিলিত প্ৰচেষ্টা বিশ্বৰ তৃতীয় বৃহৎ ঘৰুৱা উৎপাদকৰ গোট হিচাপে পৰিগণিত হোৱাৰ লগতে ই বিশ্বৰ প্ৰায় অৰ্ধাংশ জনসংখ্যাক সামৰি লোৱাৰ লগতে ট্ৰিলিয়ন ডলাৰৰ হিচাপত বাণিজ্যক সামৰি ল'ব ৷

দক্ষিণ-পূৱ এছিয়াৰ নেতাসকলক সম্বোধন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মাণ্ডলিক সহযোগিতাৰ বিষয়টোক উল্লেখ নকৰাকৈয়ে আঁৰত আৰু ASEAN দেশসমূহৰ মাজত চলি থকা বাণিজ্যিক চুক্তি পৰ্যালোচনা কৰাৰ আৱশ্যকতা আছে বুলি দোহাৰে ৷ প্ৰধানমন্ত্ৰীয়ে কয়, "ইয়ে কেৱল আমাৰ অৰ্থনৈতিক সম্পৰ্কক সূদৃঢ় কৰাই নহয় বৰং আমাৰ মাজত বাণিজ্যৰ ভাৰসাম্যতাও বৃদ্ধি কৰিব ৷ ASEAN দেশ আৰু ভাৰতৰ মাজৰ বাণিজ্যিক লেন-দেনৰ ক্ষেত্ৰত দুই বিলিয়ন মানুহক সামৰি লৈছে আৰু ই বিশ্বৰ ঘৰুৱা উৎপাদনত 5.5 ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অধিক হ'ব ৷"

দক্ষিণ এছিয়াৰ দেশসমূহে সোমবাৰে ভাৰতৰ উপস্থিতিত সম্ভাৱ্য চুক্তিত উপনীত হোৱাৰ আশা কৰিছে৷ ইপিনে,দেওবাৰে ASEAN ৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী প্ৰয়ুথ চান-অ'চোয়ে বাণিজ্যিক চুক্তি সম্পাদন কৰাৰ ওপৰত জোৰ দিয়ে ৷ "আমি মাণ্ডলিক সহযোগিতা সম্পৰ্কত প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তিৰ ওপৰত সহমতত উপনীত হোৱাৰ বাবে গুৰুত্ব প্ৰদান কৰা উচিত আৰু বাণিজ্য তথা বিনিয়োগৰ ক্ষেত্ৰখনত চলিত বৰ্ষৰ ভিতৰতে অৰ্থনৈতিক বিকাশৰ ধাৰাক তৰান্বিত কৰাটো আৱশ্যক ৷"

উল্লেখ্য যে,জাপান,চীন আৰু থাইলেণ্ডৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে,কৃষি উদ্যোগ খণ্ডত ঘাইকৈ চীনৰ উৎপাদিত সামগ্ৰীয়ে আগ্ৰাসনৰ ৰূপ লোৱাৰ আশংকা সম্পৰ্কত চুক্তি স্বাক্ষৰিত নহ'লেও শীৰ্ষ সন্মিলনত যুটীয়া বিবৃতি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়কঃৰোহটগ পাছঃ হিমাচলৰ এইমুহুৰ্তৰ সকলোতকৈ মনোমোহা পৰ্যটনস্থলী

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.