ETV Bharat / business

প্ৰধানমন্ত্ৰী জন-ধন যোজনাত জমা 1লাখ কোটি টকা

author img

By

Published : Aug 17, 2019, 5:09 PM IST

প্ৰধানমন্ত্ৰী জন-ধন যোজনাত বৰ্তমান সময়লৈ জমা হৈছে সৰ্বমুঠ 1,00,831 কোটি টকা ৷ সৰ্বমুঠ 36.25 কোটি একাউন্টৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিখনত জমা হৈছে বৃহৎ পৰিমানৰ ধন ৷

প্ৰধানমন্ত্ৰী জন-ধন যোজনাত জমা 1লাখ কোটি টকা

নিউজ ডেস্ক, 17 আগষ্টঃ দুখীয়া জনতাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনি প্ৰধানমন্ত্ৰীৰ জন-ধন যোজনাত জমা হৈছে লাখ কোটি পৰিমানৰ ধন ৷ বিশেষ আঁচনিখনত আজিৰ দিনটোলৈকে সৰ্বমুঠ জমাৰাশিৰ পৰিমান হৈছেগৈ মুঠ 1,00,831 কোটি টকা ৷ প্ৰায় 36.25 কোটি একাউন্টৰ দ্বাৰা এইসমূহ ধন জমা হৈছে এই বিশেষ আঁচনিখনত ৷

কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত প্ৰদান কৰিছে এই তথ্য ৷ মধ্যপ্ৰদেশৰ নিমুচ জিলাৰ বাসিন্দা তথা আৰটিআই কৰ্মী চন্দ্ৰশেখৰ গৌড় নামৰ ব্যক্তিগৰাকীয়ে বিত্ত মন্ত্ৰালয়ৰ ওচৰত দাখিল কৰিছিল এই আবেদন ৷ ব্যক্তিগৰাকীৰ আবেদনৰ ভিত্তিত বিত্ত মন্ত্ৰালয়ে প্ৰদান কৰা ডাটাত চলিত বৰ্ষৰ আগষ্ট মাহৰ 17 তাৰিখলৈ অৰ্থাৎ শনিবাৰৰ দিনটোলৈ দেশৰ বিভিন্ন প্ৰান্তৰ সৰ্বমুঠ 36.25 কোটি একাউন্টত জমা হৈছে মুঠ 1,00,831 কোটি টকা ৷ আনহাতে আঁচনিখন মুকলি কৰা পাঁচ বছৰৰ ভিতৰত 4.99 কোটি অৰ্থাৎ 14 শতাংশ একাউন্টত জিৰো বেলেন্সযুক্ত বুলি তথ্য প্ৰদান কৰিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে ৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী জন-ধন যোজনাৰ জৰিয়তে সমাজৰ অৰ্থনৈতিকভাৱে পিচপৰা লোকসকলৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ বাবে 2014 চনৰ 15 আগষ্টত মুকলি কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ আঁচনিখনৰ অধীনত 20বছৰ বয়সৰ পৰা 65 বছৰ বয়সৰ ভিতৰৰ লোকসকলে বেংক একাউন্ট খোলাৰ লগতে সকলোধৰনৰ বেংকি সুবিধা লাভ কৰিবলৈ সক্ষম ৷

Intro:Body:

Reply to a RTI application revealed that till July 17, 2019, around 36.25 crore accounts were opened under the scheme in which Rs 1,00,831 crore have been deposited.

Bhopal: More than Rs 1 lakh crore have been deposited in over 36 crore bank accounts opened under the Pradhan Mantri Jan Dhan Yojana (PMJDY), reveals an RTI.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.