বিজনেছ ডেস্ক, 22 মাৰ্চ : দেশৰ সৰ্ববৃহৎ টেলিকম সেৱা প্ৰদানকাৰী ব্যক্তিগত খণ্ডৰ সংস্থা ৰিলায়েন্স জিঅ'ই ঘোষণা কৰিছে ইয়াৰ আন এক ধামাকা পেক ৷ কৰ'ণা ভাইৰাছৰ বাবে ৰিলায়েন্স জিঅ'ই ঘোষণা কৰিছে ইয়াৰ অন্যতম তথা শেহতীয়া ৱৰ্ক ফ্ৰম হ'ম পেক ৷ বিভিন্ন সংস্থাসমূহত কৰ্মৰত ব্যক্তিসকলৰ বাবে জিঅ'ই এই পেকটো মুকলি কৰিছে ৷
এই পেকৰ বৈধতা 51 দিনৰ বাবে থাকিব আৰু প্ৰতিদিনে 2 জিবিকৈ ডাটাৰ সুবিধা প্ৰদান কৰিব ৷ অৱশ্যে এই পেকটোৱে কোনোধৰণৰ ভইচ কলৰ লগতে এছএমএছৰ সুবিধা প্ৰদান নকৰিব ৷
ইয়াৰ উপৰিও জিঅ'ই ইয়াৰ 4জি ডাটা ভাউচাৰটো দুগুন ডাটাৰ লগতে অতিৰিক্ত নন-জিঅ' টক-টাইম প্ৰদান কৰিছে ৷ ইয়াৰ দ্বাৰা জিঅ'ৰ 11 টকীয়া, 21 টকীয়া, 51 টকীয়া আৰু 101 টকীয়া ভাউচাৰকেইখন পূৰ্বৰ তুলনাত এতিয়া ক্ৰমে, 800 এমবি, 2 জিবি, 6 জিবি আৰু 12 জিবি হাই-স্পীড ডাটা উপভোগ কৰিব পাৰিব গ্ৰাহকে ৷ এই ভাউচাৰকেইখনে নন-জিঅ' গ্ৰাহকলৈ ক্ৰমে, 75 মিনিট, 200 মিনিট, 500 মিনিট আৰু 1,000 মিনিটৰ টক-টাইমৰ সুবিধা আগবঢ়াব ৷