ETV Bharat / business

200 আৰৱ ডলাৰৰো অধিক সম্পত্তিৰ গৰাকী হ'ল জেফ বেজ'ছ

কৰ‘ণা মহামাৰীৰ কালচোৱাত আমাজ'নৰ সেৱা সমূহৰ চাহিদা যথেষ্ট বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ বছৰৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে কোম্পানীটোৰ ষ্ট'ক 80 শতাংশলৈ বৃদ্ধি হৈছে ৷

author img

By

Published : Aug 27, 2020, 7:12 PM IST

Jeff Bezos becomes world's first person with net worth of over $200 billion
200 আৰৱ ডলাৰৰ অধিক সম্পত্তিৰ গৰাকী হ'ল জেফ বেজ'ছ

নিউজ ডেস্ক, 27 আগষ্ট : আমাজ'নৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া জেফ বেজ'ছ 200 আৰৱ আমেৰিকান ডলাৰ (149 লাখ কোটি) সম্পত্তি পাৰ হোৱা একমাত্ৰ ব্যক্তি ৰূপে পৰিগণিত হৈছে ৷ ফোবৰ্স আৰু ব্লুমবাৰ্গ বিলিয়নেয়ৰ্চ ইণ্ডেক্সত এই কথা পোহৰলৈ আহিছে ৷

ফোবৰ্স ৰিপৰ্ট মতে, আমাজ‘নৰ ষ্ট'ক দুই গুণলৈকে বৃদ্ধি পোৱাৰ লগতে বুধবাৰে দুপৰীয়ালৈকে বিশ্বৰ সবাতোকৈ ধনী ব্যক্তি গৰাকীৰ সম্পত্তি 4.9 আৰৱ ডলাৰলৈকে বৃদ্ধি হয় ৷

ফোবৰ্সৰ ৰিপৰ্টৰ কোৱা হৈছে যে, কৰ‘ণা মহামাৰীৰ কালচোৱাত আমাজ'নৰ সেৱা সমূহৰ চাহিদা যথেষ্ট বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ বছৰৰ আৰম্ভণিৰ পৰা লৈ এতিয়ালৈকে কোম্পানীটোৰ ষ্ট'ক 80 শতাংশলৈ বৃদ্ধি হৈছে ৷ তদপুৰি 1 জানুৱাৰীলৈকে বেজ'ছৰ মুঠ সম্পত্তি 115 আৰৱ ডলাৰৰ আশে পাশে আছিল বুলিও ৰিপৰ্টত উল্লেখ কৰা হৈছে ৷

লগতে পঢ়ক : টিক্ টক ক্ৰয় কৰাৰ দৌৰত নাই গুগলঃ সুন্দৰ পিচাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.