নিউজ ডেস্ক, 14 জুলাই : গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচায়ে ভাৰতত তেওঁৰ প্ৰতিষ্ঠানটোৱে 75হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে ৷ দেশৰ ডিজিটেল অৰ্থনীতি আৰু প্ৰযুক্তিক অনাগত 5-7 বছৰত শক্তিশালী কৰাৰ উদ্দেশ্যে এইদৰে ভাৰতত কোম্পানীটোৱে বিনিয়োগ কৰাৰ বিষয়ে তেওঁ প্ৰকাশ কৰে ৷ ভাৰতত জন্মগ্ৰহণ কৰা গুগলৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে হোৱা এক ভাৰ্ছুৱেল আলোচনাত এই কথা প্ৰকাশ কৰে ৷
বাৰ্ষিক গুগল ফৰ ইণ্ডিয়া অনুষ্ঠানত এইদৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে তেওঁ এই কথা ঘোষণা কৰি, ইয়াক গুগল ফৰ ইণ্ডিয়া ডিজিটাইজেশ্বন ফাণ্ডৰ দ্বাৰা ব্যৱহাৰ কৰা হ'ব বুলি প্ৰকাশ কৰে আৰু ইয়ে ভাৰতৰ ভৱিষ্যত আৰু অৰ্থনীতিক অধিক শক্তিশালী কৰি তুলিব বুলি কয় ৷ অধিকসংখ্যক নতুন প্ৰযুক্তিয়ে ভাৰতত জন্মগ্ৰহণ কৰে আৰু এই প্ৰযুক্তিলৈ ভাৰতত কাম কৰাত গুগলে আৰু অধিক অপেক্ষা কৰিব নিবিচাৰে বুলি পিচায়ে উল্লেখ কৰে ৷
গুগলে এই বৃহৎ পৰিমানৰ ধনৰাশি ইকুইটি বিনিয়োগ, পাৰ্টনাৰশ্বীপ, কাৰ্যক্ষম, আন্তঃগাঁথনি আৰু ইকোচিষ্টেম বিনিয়োগৰ দ্বাৰা ভাৰতত ব্যয় কৰিব ৷ ইয়াক ভাৰতৰ চাৰিটা মুখ্য দিশত ব্যৱহাৰ কৰা হ'ব, যাৰ ভিতৰত ভাৰতৰ ডিজিটাইজেশ্বন, স্থানীয় ভাষাসমূহৰ দ্বাৰা পৰিপূৰ্ণ কৰা হ'ব ৷ ভাৰতৰ প্ৰয়োজন অনুসৰি নতুন সামগ্ৰী প্ৰস্তুত, ডিজিটেল প্লেটফৰ্মত ব্যৱসায়ক শক্তিশালী কৰি গঢ়ি তোলা, প্ৰযুক্তিখণ্ড আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত স্বাস্থ্যখণ্ড, শিক্ষা আৰু কৃষিৰ ওপৰত এই ধনৰাশি বিনিয়োগ কৰিব গুগলে ৷
-
This morning, had an extremely fruitful interaction with @sundarpichai. We spoke on a wide range of subjects, particularly leveraging the power of technology to transform the lives of India’s farmers, youngsters and entrepreneurs. pic.twitter.com/IS9W24zZxs
— Narendra Modi (@narendramodi) July 13, 2020 " class="align-text-top noRightClick twitterSection" data="
">This morning, had an extremely fruitful interaction with @sundarpichai. We spoke on a wide range of subjects, particularly leveraging the power of technology to transform the lives of India’s farmers, youngsters and entrepreneurs. pic.twitter.com/IS9W24zZxs
— Narendra Modi (@narendramodi) July 13, 2020This morning, had an extremely fruitful interaction with @sundarpichai. We spoke on a wide range of subjects, particularly leveraging the power of technology to transform the lives of India’s farmers, youngsters and entrepreneurs. pic.twitter.com/IS9W24zZxs
— Narendra Modi (@narendramodi) July 13, 2020
সুন্দৰ পিচাইৰ সৈতে হোৱা বাৰ্তালাপক লৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে টুইটযোগে প্ৰকাশ কৰে ৷ ভাৰতৰ যুৱপ্ৰজন্ম, কৃষক আৰু উদ্যমীসকলৰ উন্নতিৰ বাবে সুন্দৰ পিচাইৰ সৈতে বাৰ্তালাপত মিলিত হোৱাৰ বিষয়ে তেওঁ টুইট কৰে ৷ প্ৰধানমন্ত্ৰীৰ এই টুইটৰ প্ৰত্যুত্তৰত পিচায়ে প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়াৰ প্ৰতি থকা ধাউতিক স্বীকাৰ কৰাৰ লগতে ইয়াৰ বাবে কাম কৰাৰ কতা প্ৰকাশ কৰে ৷
লগতে পঢ়কঃ কোৱাৰেন্টাইনত থকা মুখ্যমন্ত্ৰীকে ধৰি মৃত্যুমুখত পৰা বিধায়ক: কোভিড-19 বিৰুদ্ধে ভাৰতীয় ৰাজনৈতিক নেতা