নতুন দিল্লী,1 ফেব্ৰুৱাৰীঃ শনিবাৰে দিনৰ 11 বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উত্থাপন কৰে কেন্দ্ৰীয় বাজেট ৷ উক্ত বাজেটৰ জৰিয়তে বিত্তমন্ত্ৰীগৰাকীয়ে কেইবাটাও দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ সমান্তৰালকৈ প্ৰযুক্তি ক্ষেত্ৰতো ম’বাইল নিৰ্মান, অৰ্ধ চালক আৰু অন্যান্য বৈদ্যুতিক সৰঞ্জামৰ উৎপাদনৰ ক্ষেত্ৰত এক নতুন আঁচনি উত্থাপন কৰে৷
নৰেন্দ্ৰ মোডী চৰকাৰখনে তেঁওলোকৰ দ্বিতীয় কাৰ্যকালৰ বিত্তীয় বৰ্ষৰ প্ৰথম পূৰ্ণাংগ বাজেটত প্ৰতিটো ক্ষেত্ৰতে কিছু প্ৰদান কৰাৰ চেষ্টা কৰিছে ৷
এই বাজেটখনত প্ৰযুক্তি ক্ষেত্ৰখনৰ বাবে কি বিশেষ আহক জানো-
1. প্ৰাকৃতিক গেছৰ পাইপলাইনৰ গ্ৰীড 16,000ৰ পৰা 27,000 কিল’মিটাৰলৈ বৃদ্ধি কৰা হ’ব ৷
2. শক্তি আৰু নৱীকৰণযোগ্য শক্তি ক্ষেত্ৰত 2020-21ৰ ভিতৰত 22,000 কোটি ব্যয় কৰা হ’ব ৷
3. 2020-21ত যাতায়াত প্ৰযুক্তি ক্ষেত্ৰত ব্যয় কৰা হ’ব 1.7 লাখ ৷
4. বেংগালুৰু উপনগৰ নিৰ্মান প্ৰকল্পলৈ 18,600 কোটি টকা আৱন্টন ৷
5. শক্তি আৰু নৱীকৰণযোগ্য শক্তি ক্ষেত্ৰত 22,000 কোটি টকা আৱন্টন ৷
6. আনাগত তিনি বছৰত পৰম্পৰাগত মিটাৰসমূহক প্ৰি-পেইড স্মাৰ্ট মিটাৰৰ দ্বাৰা সলনি কৰা হ’ব ৷
7. 2024ৰ ভিতৰত এয়াৰ ফ্লিট দুগুণ কৰি 600ৰ পৰা 1200 কৰা হ’ব ৷
8. উড়ান আঁচনিক সমৰ্থন কৰিবলৈ 2024 চনৰ ভিতৰত 100খন বিমানবন্দৰ স্থাপন কৰা হ’ব ৷
9. ৰে’ল লাইন সমূহৰ সমান্তৰালকৈ বৃহৎ সৌৰ শক্তি প্ৰকল্প স্থাপনৰ প্ৰস্তাৱক বিবেচনাৰ আওতাত ৰখা হৈছে ৷
10. নতুন অৰ্থনীতিৰ আধাৰত নতুনত্ব,IOT,3D প্ৰিন্টিং,কোৱান্টাম কম্পিউটিঙৰ জৰিয়তে দেশজুৰি ডাটা পাৰ্ক নিৰ্মানৰ বাবে ব্যক্তিগত খণ্ডৰ বাবে বিশ্ব ব্যৱস্থাৰ নীতি আৱিস্কাৰ কৰা হৈছে ৷ ৰে’ল লাইন সমূহৰ সমান্তৰালকৈ বৃহৎ সৌৰ শক্তি ধাৰণক্ষমতা স্থাপনৰ প্ৰস্তাৱক বিবেচনাৰ আওতাত ৰখা হৈছে ৷
11. "মই 2020-21ত যাতায়াত প্ৰযুক্তি ক্ষেত্ৰত 1,7 লাখ ব্যয়ৰ প্ৰস্তাৱ উত্থাপন কৰিলো"-বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ৷
12. বৃহৎ সৌৰ শক্তি প্ৰকল্প স্থাপন
13. মই উদ্যোগ আৰু শিল্পৰ উন্নয়নৰ বাবে 2020-21 বৰ্ষত 22,300 কোটি টকা প্ৰদানৰ প্ৰস্তাৱ গ্ৰহণ কৰিলো ৷
14. 2023 চনৰ ভিতৰত দিল্লী-মুম্বাই এক্সপ্ৰেছ ৱেৰ নিৰ্মান সম্পূৰ্ম কৰা হ’ব ৷
15. অতি শীঘ্ৰেই নেচনেল লজিষ্টিক পলিচিৰ ঘোষণা কৰা হ’ব ৷
16. 6 হাজাৰতকৈও অধিক প্ৰকল্প চিনাক্ত ৷
17. ভাৰতৰ ঘৰুৱা উৎপাদন বৃদ্ধিত তথা বৈদ্যুতিক উৎপাদনত বিনিয়োগ বৃদ্ধি কৰা প্ৰয়োজন ৷
18. ভাৰতৰ ঘৰুৱা উৎপাদন বৃদ্ধি তথা বৈদ্যুতিক উৎপাদনত বিনিয়োগ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় 6 হাজাৰ প্ৰকল্প চিনাক্ত ৷
19. চৰকাৰে ম’বাইল ফোন,অৰ্ধপৰিবাহী আৰু অন্যান্য বৈদ্যুতিক সৰঞ্জাম তৈয়াৰ কৰাৰ বাবে এটি আঁচনি প্ৰস্তাৱ কৰা হয় ৷
20. ডিচেম্বৰৰ শেষত 103 কোটি টকাৰ ইনফ্ৰা প্ৰকল্পৰ পাইপলাইনৰ কাম আৰম্ভ হৈছে ৷
চৰকাৰে ডাটা চেন্টাৰ পাৰ্কসমূহৰ বাবে সমগ্ৰ দেশতে এটি আঁচনি লৈ আহিব ৷ চৰকাৰে FY21 ত Bharat Netৰ বাবে 6,000 কোটি টকা প্ৰদান কৰিছে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, Bharat Netৰ জৰিয়তে ঘৰে ঘৰে তাঁৰে চলিত বৰ্ষত 1 লাখ গাঁও পঞ্চায়তক সংযুক্ত কৰিব ৷
1. Bharat Netৰ মাধ্যমেৰে চলিত বৰ্ষত 1 লাখ গাঁও পঞ্চায়তক সংযোগ ৷ Bharat Net in FY21:FMৰ বাবে 6000 কোটি টকা আৱন্টন ৷
2. কোৱান্টাম টেকন’ল’জি আৰু এপ্লিকেচনৰ 5 বছৰৰ বেছি সময় ধৰি ৰাষ্ট্ৰীয় মিচনৰ বাবে 8,000 কোটি টকা ব্যয় কৰা হৈছে ৷