নিউজ ডেস্ক, 27 এপ্ৰিলঃ ফেচবুকে জিঅ'ত কৰা বিনিয়োগে ৰিলায়েন্স উদ্যোগৰ ঋণমুক্ত হোৱাৰ লক্ষ্যত সহায় কৰিব । এই কথা সোমবাৰে প্ৰকাশ কৰিছে ক্ৰেডিট চুইছ নামৰ এটা সংস্থাই ।
ফেচবুকে ৰিলায়েন্সত 9.99 শতাংশ অংশীদাৰিত্ব ক্ৰয়ৰ বাবে 43,574 কোটি টকা বিনিয়োগ কৰিছিল । প্ৰতিবেদনখনত কৈছে যে,হোৱাটছএপৰ লগত সংযুক্ত হোৱাৰ ফলত JioMart এপৰ ব্যৱসায় দ্ৰুত ভাৱে সম্প্ৰসাৰণ কৰাত ই সহায় কৰিব । ইয়াৰ ফলত কোম্পানাটোৱে ব্যৱসায় অধিক সম্পসাৰণ কৰি লাভ অৰ্জন কৰিব পাৰিব ।
প্ৰতিবেদন খনত আগলৈ কয় যে,এই চুক্তিয়ে ফেচবুককো যথেষ্ট লাভাৱান্বিত কৰিব । ফেচবুকৰ দৰে জনপ্ৰিয় এপৰ নতুন সামগ্ৰী সমূহৰ বাবে জিঅ'ৰ নেটৱৰ্কে মেৰুদণ্ডৰ দৰে কাম কৰিব ।
উল্লেখ্য যে,মুকেশ আম্বানীৰ মালিকানাধীন ৰিলায়েন্স ইণ্ডাষ্টিজ লিমিটেড (RIL)য়ে 2021 চনৰ মাৰ্চৰ 31 তাৰিখৰ ভিতৰত ঋণমুক্ত হ'বলৈ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে ।
লগতে পঢ়কঃ অত্যাধিক ধনী,বৈদেশিক কোম্পানীসমূহক অধিক কৰ জাপিবলৈ পৰামৰ্শ কৰ বিষয়াৰ