ETV Bharat / business

কোভিড-১৯ৰ পিছত ASEAN হ'ব বিশ্বৰ পৰৱৰ্তী আৰ্থিক পাৱাৰ হাউচ: ডব্লিউ.ই.এফ

author img

By

Published : Jun 7, 2020, 7:12 PM IST

কোভিড-১৯ৰ পিছত বিশ্বব্যাপী পৰিৱৰ্তনৰ ক্ষেত্ৰত ১ বিলিয়নৰো অধিক উপভোক্তা, চতুৰ্থ শিল্পদ্যোগৰ পৰিৱৰ্তনৰ দিশত গুৰুত্ব দিব লাগিব । লগতে চীন, ভাৰত আৰু ASEANৰ দেশসমূহৰ বজাৰত গ্ৰাহকৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব বুলি ৱৰ্ল্ড ইক'নোমিক ফ'ৰাম (WEF)ৰ প্ৰতিবেদনত উল্লেখ আছে ।

কোভিড-১৯ৰ পিছত ASEAN হ'ব বিশ্বৰ পৰৱৰ্তী আৰ্থিক পাৱাৰ হাউচ: ডব্লিউ.ই.এফ
কোভিড-১৯ৰ পিছত ASEAN হ'ব বিশ্বৰ পৰৱৰ্তী আৰ্থিক পাৱাৰ হাউচ: ডব্লিউ.ই.এফ

নেশ্যনেল ডেস্ক, ৭ জুন: মহামাৰী কৰ'ণা ভাইৰাছৰ ফলত হোৱা আৰ্থিক সংকটৰ পৰা সমগ্ৰ বিশ্বৰে চৰকাৰ, ব্যৱসায়ী সংস্থা আৰু প্ৰতিজন নাগৰিকে মুক্ত হব বিচাৰে । কোভিড-১৯ৰ পিছৰ সময়ছোৱাৰ বাবে সকলোৰে সহযোগিতাৰে এক নতুন সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ।

ৱৰ্ল্ড ইক'নোমিক ফ'ৰাম (WEF)ৰ প্ৰতিবেদন অনুসৰি, কোভিড-১৯ৰ পিছত বিশ্বব্যাপী পৰিৱৰ্তন আনিবলৈ ১ বিলিয়নৰো অধিক উপভোক্তা, চতুৰ্থ শিল্পদ্যোগৰ পৰিৱৰ্তনৰ দিশত গুৰুত্ব দিব লাগিব । লগতে চীন, ভাৰত আৰু ASEANৰ দেশসমূহৰ বজাৰত গ্ৰাহকৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব ।

প্ৰতিবেদনত উল্লেখ কৰা মতে, বজাৰমূল্য বৃদ্ধিৰ কেন্দ্ৰীকৰণ কৰা হৈছে, যত বিশ্বৰ ৪০ শতাংশতকৈও অধিক গ্ৰাহকক অন্তৰ্ভুক্ত কৰা হৈছে । WEFৰ এই অধ্যয়ন ২০১৭ চনত চীনক লৈ আছিল, ২০১৮ বৰ্ষত ভাৰতৰ অধ্যয়ন আৰু অন্তিম ২০১৯-২০ বৰ্ষত ASEANৰ দেশসমূহৰ অধ্যয়ন কৰা হ'ব ।

বিশ্বৰ পৰৱৰ্তী আৰ্থিক পাৱাৰ হাউচ হিচাপে ASEANৰ দেশসমূহক ধৰা হৈছে, কিয়নো আৰ্থিক মূল্য বছৰী ৪ শতাংশলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । ইয়াৰোপৰি ২০৩০ বৰ্ষলৈকে ইয়াৰ জিডিপি ৪.৫ ট্ৰিলিয়নলৈ বৃদ্ধি পাব আৰু লগতে জনসংখ্যাইও ৭৫০ মিলিয়ন চুব ।

এফ.ডি.আইৰ ক্ষেত্ৰত ASEANৰ জনপ্ৰিয়ভাৱে গন্তব্য স্থানলৈ ৰূপান্তৰিত হ'ব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে । ২০১৮ চনত ASEANৰ এফ.ডি.আই ১৫৫ বিলিয়নলৈ গতি কৰিছে । এই ক্ষেত্ৰত চীনতকৈ ১.২ গুণ আৰু ভাৰততকৈ ৩.৭ গুণ বৃদ্ধি পায় ।

ইয়াৰোপৰি ASEANৰ মূল ভোগ ক্ষমতা ২০৩০ চনলৈ ২.২ গুণ বৃদ্ধি হৈ প্ৰায় ৪ ট্ৰিলিয়ন ডলাৰ হ'ব । এই ক্ষমতা চীনৰ তুলনাত ১.৯ গুণ আৰু ভাৰতৰ তুলনাত ৪ গুণ বেছি । ASEANৰ চহৰসমূহৰ সমস্যা যেনে, কম সুৰক্ষা আৰু নেটৱৰ্ক সমস্যা আদি দূৰ কৰাৰ বাবে চৰকাৰে স্মাৰ্ট চহৰ আঁচনি গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.