ETV Bharat / business

মুকলি হ'ল Apple ৰ নতুন iPad Air টেবলেট - মঙলবাৰে মুকলি হ'ল Appleৰ নতুন iPad Air টেবলেট

মঙলবাৰে মুকলি হ'ল Apple ৰ নতুন iPad Air টেবলেট । ৫৯৯ আমেৰিকান ডলাৰ আৰম্ভণি মূল্যৰ সৈতে এই মডেলত ব্যৱহাৰকাৰীৰ বাবে বিভিন্ন ধৰণৰ সুবিধা আছে । iPad Air ৰ অৱশ্যে বহুখিনি ডিজাইন পূৰ্বৰ মডেলৰ দৰেই আছে ।

iPad Air
মুকলি হ'ল Appleৰ নতুন iPad Air টেবলেট
author img

By

Published : Mar 9, 2022, 10:15 AM IST

বিজনেছ ডেস্ক, ৯ মাৰ্চ : বিশ্বৰ অন্যতম বৃহৎ প্ৰতিষ্ঠান এপলয়ে (Apple) মুকলি কৰিলে নতুন আইপেড । মঙলবাৰে এক অনুষ্ঠানত কেইবাটাও নতুন সংযোজনেৰে এই টেবলেটতো মুকলি কৰে (New Apple iPad Air launched) । 5G আৰু M1 processor ৰ সৈতে মুকলি কৰা এই iPad Air ৰ অৱশ্যে বহুখিনি ডিজাইন পূৰ্বৰ মডেলৰ দৰেই আছে ।

৫৯৯ আমেৰিকান ডলাৰ আৰম্ভণি মূল্যৰ সৈতে এই মডেলত ৱাই ফাই সুবিধা আছে ৷ য'ত USB-C প'ৰ্টৰ সৈতে ১০ জিবিপিএছ গতিত ডাটা স্থানান্তৰ কৰিব পৰা যাব । ৱাই-ফাই আৰু চেলুলাৰ সংস্কৰণৰ মূল্য ৭৪৯ আমেৰিকান ডলাৰ হ'ব । পাৱাৰ বুটামত বিল্ট-ইন টাচ আইডি থকা টেবলেটতো ১৮ মাৰ্চৰ পৰা গ্ৰে (Gray), গুলপীয়া, বেঙুনীয়া, নীলা আৰু ৰূপালী আৰু সোণালী ৰঙৰ সৈতে উপলব্ধ হ'ব যাক এপলে "ষ্টাৰলাইট" বুলি অভিহিত কৰিছে ।

এপল টেবলেটৰ সন্মুখত এটা আপডেট ১২-মেগাপিক্সেল চেন্সৰ আছে আৰু ইফালে ইয়াক এনেদৰে ডিজাইন কৰা হৈছে যাতে কলিঙৰ সময়ত ব্যৱহাৰকাৰীক স্বয়ংক্ৰিয়ভাৱে ফ্ৰেমত ৰাখিব পৰা যায় । নতুন আইপেড এয়াৰৰ বেক কেমেৰা ১২ মেগাপিক্সেলৰ । ৫০০ নিট ব্ৰাইটনেচৰ সৈতে ১০.৯ ইঞ্চি ডিচপ্লে পিকৰ সৈতে আইপেড এয়াৰে এইচডিআৰ (HDR) সমৰ্থন কৰে । কিন্তু ProMotion ৰ কথা ইয়াত উল্লেখ কৰা হোৱা নাই ।

আইপেড এয়াৰত (iPad Air) লেণ্ডস্কেপ ষ্টিৰিঅ' স্পীকাৰ (landscape stereo speakers) আছে । ইফালে পূৰ্বৰ মডেলসমূহৰ দৰে ইয়াত এপল পেঞ্চিলৰ (Apple Pencil) লগতে মেজিক কীবৰ্ডৰ (Magic Keyboard) সুবিধা আছে ।

শেহতীয়াকৈ এপলে কম মূল্যৰ 5G সুবিধাৰ সৈতে iPhone SE মুকলি কৰিছে । এই নতুন আইফোনটো ২০১৪ চনত মুকলি কৰা iPhone 6ৰ দৰে ডিজাইন কৰা হৈছে । iPhone SE ফোনবোৰ ৬৪ জিবি,১২৮ জিবি আৰু ২৫৬ জিবি কেইবাটাও মডেলত উপলব্ধ ।

স্মাৰ্টফোনত কঠিন গ্লাছ (চিৰামিক শ্বিল্ড) আছে । GSM এৰিনা অনুসৰি আইফোন SE ১১ মাৰ্চত প্ৰি-অৰ্ডাৰত পোৱা যাব । ৬৪ জিবি মডেলৰ সৈতে ৪২৯ আমেৰিকান ডলাৰ ইয়াৰ আৰম্ভণি মূল্য । অষ্ট্ৰেলিয়া, কানাডা, চীন, ফ্ৰান্স, জাৰ্মানী, ভাৰত, জাপান, বৃটেইন, আমেৰিকা যুক্তৰাজ্যকে ধৰি ৩০ খন দেশত ১৮ মাৰ্চত Shipments আৰম্ভ হ'ব ।

লগতে পঢ়ক : WhatsAppত অন্তৰ্ভুক্ত হ'ব গ্ৰুপ ভোটদানৰ সুবিধা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.