ETV Bharat / business

চীনা প্ৰতিষ্ঠানে সামগ্ৰী বিক্ৰী কৰাটো বিছাৰে 49 শতাংশ ভাৰতীয়ই - ভাৰত আৰু চীনৰ সামগ্ৰীৰ তুলনা

লোকেল ছাৰ্কোল নামৰ এক প্ৰতিষ্ঠানৰ শেহতীয়া সমীক্ষাত, ভাৰতৰ ভিতৰতে ডাটা সুৰক্ষিত থাকিলে চীনৰ বহুজাতিক কোম্পানীয়ে ভাৰতত সামগ্ৰী আৰু সেৱা বিক্ৰী কৰাটো বিছাৰে দেশৰ 49 শতাংশ ভাৰতীয়ই ৷

লোকেল ছাৰ্কোল নামৰ এক প্ৰতিষ্ঠানৰ শেহতীয়া সমীক্ষা

author img

By

Published : Jul 9, 2020, 6:54 PM IST

নিউজ ডেস্ক, 9 জুলাই : শেহতীয়া এক সমীক্ষাত ভাৰতৰ প্ৰায় 49 শতাংশ ব্যক্তিয়ে দেশত চীনা সামগ্ৰী আৰু সেৱা বিক্ৰী হোৱাটো বিচাৰে বুলি তথ্য পোহৰলৈ আহিছে ৷ চীনা বহুজাতিক প্ৰতিষ্ঠানে ভাৰতত সেৱা আৰু সামগ্ৰী বিক্ৰী কৰাটো বিচাৰে কিন্তু ইয়াৰ বাবে গ্ৰাহকসকলে প্ৰদান কৰা ব্যক্তিগত তথ্যসমূহ ভাৰততে সুৰক্ষিত থাকিব লাগিব, চীনত নহয় ৷

লগতে পঢ়কঃ মেড ইন চাইনা"ক বাধা দিলে "মেড ইন ইণ্ডিয়া"ৰ অধীনত থকা উদ্যোগসমূহো ব্যাহত হ'বঃ সুঞ্জয় জোশী

লোকেল ছাৰ্কোল নামৰ প্ৰতিষ্ঠানৰ শেহতীয়া এক সমীক্ষাত এই তথ্য প্ৰকাশ পাইছে ৷ সমীক্ষাৰ পিচত সংস্থাটোৱে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, 35 শতাংশ ভাৰতীয়ই এনেকুৱা সেৱা আৰু সামগ্ৰীৰ বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ হোৱাটো বিচাৰে, আনহাতে 14 শতাংশই ভাৰতত উৎপাদিত সামগ্ৰী বিক্ৰী হোৱাটো বিচাৰে ৷

লগতে পঢ়কঃ চীনা আগ্ৰাসনৰ সাক্ষ্য বহনকাৰী তেজপুৰৰ পদুম পুখুৰী আৰু বৰ্তমানৰ SBI

প্ৰায় 25 শতাংশই বিছাৰে যে, এইসমূহ প্ৰতিষ্ঠানে ভাৰতত উৎপাদিত সামগ্ৰী বিক্ৰী কৰক, সেয়াও চীনৰ সৈতে কোনো তথ্য সৰবৰাহ নকৰাকৈ আৰু 20 শতাংশই বিছাৰে যে, চীনৰ সৈতে কোনো ডাটা ভাগ-বতৰা নকৰাকৈ এনেকুৱা সেৱা আৰু সামগ্ৰী ভাৰতত বিক্ৰী কৰক ৷ প্ৰায় 4 শতাংশই চীনৰ সৈতে কোনো তথ্য সৰবৰাহ নকৰাকৈ সকলো সামগ্ৰী বিক্ৰী কৰাৰ পক্ষপাতী হোৱাৰ বিপৰীতে 2 শতাংশই সকলো কোম্পানীকে সেৱা আৰু সামগ্ৰীসমূহ যেনেকে আছে তেনেকে বিক্ৰী হোৱাটো বিছাৰে ৷

সকলোখিনি তথ্যলৈ লক্ষ্য কৰিলে 49 শতাংশ ভাৰতীয়ই চীনৰ বহুজাতিক কোম্পানীয়ে ভাৰতত সেৱা আৰু সামগ্ৰী বিক্ৰী কৰাটো বিছাৰে, কিন্তু তাৰ বাবে ভাৰতীয় গ্ৰাহকসকলৰ ব্যক্তিগত তথা গড় তথ্যসমূহ ভাৰততে থাকিব লাগিব, চীনত থকা কোম্পানীসমূহৰ মুখ্যালয়ত নহয় ৷

লগতে পঢ়কঃ চীনা উৎপাদিত সামগ্ৰী বৰ্জনত সক্ষম হ'বনে ভাৰত ?

চীনে বিনিয়োগ কৰা ভাৰতীয় কোম্পানীসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাক লৈ 30 শতাংশই মত প্ৰকাশ কৰে যে, 10 শতাংশ অথবা তাতকৈ অধিক চীনা স্বত্বাধিকাৰ থাকিলে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু 29 শতাংশই চীনা স্বত্বাধিকাৰ থকা সকলো কোম্পানীৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাটো বিছাৰে ৷ কিন্তু এইক্ষেত্ৰত 27 শতাংশই বিচাৰে যে, এনেকুৱা কোম্পানীসমূহৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নালাগে যদিও কোম্পানীটোত কৰ্মৰত চীনৰ নিৰ্দেশকসকলে পদত্যাগ কৰিব লাগে ৷ 11 শতাংশই বিচাৰে যে, এনেকুৱা কোম্পানীসমূহৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নালাগে ৷

লগতে পঢ়কঃ প্ৰসংগ ভাৰত-চীনঃ মেকমোহন লাইনত সষ্টম চীনা সৈন্য

প্ৰায় 3,000 ভাৰতীয় ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানক সমীক্ষাৰ সময়ত এইটো সোধা হৈছিল যে, যদিহে ভাৰতে চীনৰ সৈতে থকা অৰ্থনৈতিক চুক্তি ভংগ কৰি দিয়ে, ইয়াৰ প্ৰভাৱ তেওঁলোকৰ ব্যৱসায়ত কম সময়ৰ ভিতৰত কিদৰে পৰিব, এইক্ষেত্ৰত 7 শতাংশই কয় যে, ইয়াৰ ফলত তেওঁলোকৰ তাত অত্যন্ত নকৰাত্মক প্ৰভাৱ পৰিব আৰু 20 শতাংশই কয় যে, ইয়াৰ ফলত তেওঁলোকৰ ওপৰত অলপসংখ্যক নকৰাত্মক প্ৰভাৱ পৰিব ৷ ইয়াৰ বিপৰীতে 10 শতাংশই কয় যে, তেওঁলোকৰ তাত ইয়াৰ অত্যন্ত সকৰাত্মক প্ৰভাৱ পৰিব আৰু 14 শতাংশই অলপসংখ্যক সকৰাত্মক প্ৰভাৱ পৰিব ৷ 42 শতাংশই প্ৰকাশ কৰা অনুসৰি, ইয়াৰ ফলত তেওঁলোকৰ তাত কোনো প্ৰভাৱ নপৰিব ৷

সমীক্ষাৰ অন্তত প্ৰকাশ কৰা প্ৰতিবেদনখনত ক্ষুদ্ৰ উদ্যোগসমূহৰ মাজত চীনৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্ক সন্দৰ্ভত মতবিৰোধ আছে ৷ 27 শতাংশই কোৱা অনুসৰি, ইয়াৰ ফলত তেওঁলোকৰ তাত নকৰাত্মক প্ৰভাৱ পৰিব আৰু 24 শতাংশই তেওঁলোকৰ ব্যৱসায়ত ইয়াৰ সকৰাত্মক প্ৰভাৱ পৰিব বুলি উল্লেখ কৰে ৷

লগতে পঢ়কঃ গেংটকত ভাৰত-চীন সীমান্তত নিহত শ্বহীদক চৰকাৰীভাৱে শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.