ETV Bharat / budget-2019

পেট্ৰ'ল ডিজেলৰ মূল্য বৃদ্ধি, চিন্তিত জনতা

author img

By

Published : Jul 5, 2019, 9:39 PM IST

2019-20 বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰা বাজেটত পেট্ৰ'ল আৰু ডিজেল প্ৰতি লিটাৰৰ মূল্য দুই টকাকৈ বৃদ্ধি কৰা হৈছে ৷ আজি দাখিল কৰা বাজেট অনুসৰি প্ৰতি লিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হৈছে 70.51 আৰু 64.33 টকা

পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি, চিন্তিত জনতা

নিউজ ডেক্স, 5জুনঃ আজি মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট সংসদত দাখিল কৰে দেশৰ প্ৰথম গৰাকী পূৰ্ণাংগ মহিলা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । 2019-20 বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰা এই বাজেটত পেট্ৰল আৰু ডিজেলৰ প্ৰতি লিটাৰৰ মূল্য দুই টকাকৈ বৃদ্ধি কৰা হৈছে । বিত্তমন্ত্ৰী গৰাকীয়ে বাজেট ভাষণত বিশেষ অতিৰিক্ত শুক্লৰ কৰৰ লগতে পথ আৰু আন্তঃগাঁথনিৰ কৰ বৃদ্ধিৰ বাবে এক টকাকৈ প্ৰতি লিটাৰ automobile fuel ৰ ক্ষেত্ৰত ধাৰ্য কৰা হৈছে বুলি উল্লেখ কৰে ।

মোদী চৰকাৰে বিশেষ অতিৰিক্ত শুক্লৰ ক্ষেত্ৰত প্ৰতি লিটাৰ branded আৰু un-branded পেট্ৰলত 7 টকাকৈ আৰু 1 টকাকৈ প্ৰতি লিটাৰ ডিজেলত ধাৰ্য কৰিছে । তাৰোপৰি পথ আৰু আন্তঃগাঁথনি কৰৰ বাবে 8 টকাকৈ প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলত ধাৰ্য কৰিছে ।

etv bharat
পেট্ৰ'ল ডিজেলৰ মূল্য বৃদ্ধি, চিন্তিত জনতা

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ বাজেটৰ জৰিয়তে আহিবলগা সামগ্ৰিক কৰৰ কথা উল্লেখ কৰাৰ পৰা বিৰত থাকে ।
2018-19 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত পেট্ৰল আৰু ডিজেল প্ৰতি লিটাৰৰ ওপৰত শুক্ল কৰ 2 টকাকৈ আঁতৰ কৰাৰ পাছত তেলৰ মূল্য নিম্নগামী কৰিব পৰা হোৱা নাছিল যাৰ বাবে পথ আৰু আন্তঃগাঁথনিৰ কৰ সংগ্ৰহৰ বাবে অতিৰিক্ত 8 টকাকৈ প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ পৰা সংগ্ৰহ কৰিবলগা হৈছে ।

আজি দাখিল কৰা বাজেটত অনুসৰি প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য 70.51 আৰু 64.33 টকালৈ বৃদ্ধি কৰা হৈছে ।

পেট্ৰল আৰু ডিজেলৰ এনে মূল্যবৃদ্ধিয়ে চিন্তিত কৰি তুলিছে মধ্যবিত্তীয় শ্ৰেণীক । কিয়নো তেলৰ মূল্যবৃদ্ধিয়ে সামগ্ৰিকভাৱে দৈনন্দিন জীৱনত প্ৰভাৱ পেলায় । এই প্ৰভাৱ কেনেধৰণৰ হয় তাক তলত উল্লেখ কৰা হ'লঃ

1. তেলৰ উৰ্ধগামী মূল্যঃ এক বিশেষ প্ৰতিবেদনত উল্লেখ কৰা মতে, এই বছৰত আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্যই 100 ডলাৰ স্পৰ্শ কৰিছে যাক ক্ৰয় কৰাটো জনসাধাৰণৰ কাৰণে সম্ভৱ নহয় ৷ যোৱা কেইটামান দিনৰ আগতে পেট্ৰল আৰু ডিজেলৰ মূল্য অত্যাধিক বৃদ্ধি পোৱাৰ পাছত চৰকাৰে ইয়াৰ মূল্য হ্ৰাস কৰিছিল যদিও সেই মূল্য সকলোৰে বাবে গ্ৰহণযোগ্য নাছিল ৷

2. দৈনন্দিন সামগ্ৰীৰ মূল্যঃ পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে ৷

3. মুদ্ৰাস্ফীতিঃ পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে দেশত মুদ্ৰাস্ফীতিৰ দৰে সমস্যাৰ সৃষ্টি কৰে যাৰ বাবে
দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী সমূহৰো মূল্য বৃদ্ধি কৰে ৷ The Economic Times ৰ এক প্ৰতিবেদন মতে, মুদ্ৰাস্ফীতিৰ ফলতেই 4 ৰ পৰা 5 শতাংশলৈ দৈনন্দিন সামগ্ৰীৰ মূল্য পায় ৷

4. সংৰক্ষণ হ্ৰাসঃ পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত উপাৰ্জিত আয় সংৰক্ষণো নিম্নগামী হ'ব লগা হয়৷

5. ভ্ৰমণ, শিক্ষা, বাণিজ্য ইত্যাদিঃ ভ্ৰমণপ্ৰিয় লোক সকলকো চিন্তিত কৰি তোলে পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে ৷ তাৰ লগতে শিক্ষা, বাণিজ্য ইত্যাদিৰ ক্ষেত্ৰতো সীমাবদ্ধতা আনি দিয়ে ৷

6. সুতৰ হাৰঃ অত্যাধিক মুদ্ৰাস্ফীতিয়ে বেংকসমূহক সুতৰ হাৰ বৃদ্ধি কৰাবলৈ বাধ্য কৰায় ৷ ইয়াৰ ফলত জনসাধাৰণক ঋণ লোৱাৰ ক্ষেত্ৰতো চিন্তিত কৰি তোলে ৷

Sir,
Here we attached a file on  budget announcement on  petrol price and its  impact on common man.

With Regards
RKC - EBCR

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.