ETV Bharat / briefs

আমেৰিকাৰ প্ৰতিবাদক বিশ্বজুৰি সমৰ্থন কাৰ ?

author img

By

Published : Jun 13, 2020, 10:34 PM IST

আৰক্ষীয়ে জৰ্জ ফ্লোয়েডক হত্যা কৰাৰ পাছত সৃষ্টি হোৱা এই আন্দোলনৰ সমৰ্থন আৰু জৰ্জ ফ্লয়েডৰ হত্যা সন্দৰ্ভত ট্ৰাম্পে দিয়া প্ৰতিক্ৰিয়াক কেন্দ্ৰ কৰি বাৰ্লিন,লণ্ডন,পেৰিছৰ লগতে বিশ্বৰ বিভিন্ন চহৰত প্ৰতিবাদ অব্যাহত আছে ।

আমেৰিকাৰ প্ৰতিবাদক বিশ্বজুৰি সমৰ্থন, ট্ৰাম্পৰ প্ৰসংগত মন্তব্য দিয়াৰ পৰা বিৰত বৈশ্বিক নেতাসকল

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ জুনঃ আমেৰিকা যুক্তৰাষ্ট্ৰত বিগত কিছুদিন ধৰি জৰ্জ ফ্লোয়েডৰ হত্যাকাণ্ডক লৈ উত্তপ্ত হৈ আছে পৰিৱেশ । জৰ্জ ফ্লোয়েডৰ হত্যাৰ পাছতে এই ঘটনাৰ প্ৰতিবাদত "ব্লেক লিভছ মেটাৰ" নামৰ এক আন্দোলনে আমেৰিকাত বৃহৎ ৰূপ ধাৰণ কৰাৰ লগতে বিশ্বজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে পৰিছে । বিশ্বজুৰি বিভিন্নজনে এই আন্দোলনক সমৰ্থন জনাইছে ।

আৰক্ষীয়ে জৰ্জ ফ্লোয়েডক হত্যা কৰাৰ পাছত সৃষ্টি হোৱা এই আন্দোলনৰ সমৰ্থন আৰু জৰ্জ ফ্লয়েডৰ হত্যা সন্দৰ্ভত ট্ৰাম্পে দিয়া প্ৰতিক্ৰিয়াক কেন্দ্ৰ কৰি বাৰ্লিন, লণ্ডন,পেৰিছৰ লগতে বিশ্বৰ বিভিন্ন চহৰত প্ৰতিবাদ অব্যাহত আছে । কিন্তু আমেৰিকাৰ পৰম্পৰাগত সহযোগী দেশৰ নেতাসকলে ট্ৰাম্পক পোনপটীয়াকৈ সমালোচনা কৰাৰ পৰিৱৰ্তে আন্তঃৰাষ্ট্ৰীয় কুটনীতি আৰু ঘৰুৱা সম্পৰ্কৰ মাজত ভাৰসাম্য ৰক্ষাৰ প্ৰচেষ্টা হে কৰা পৰিলক্ষিত হয় ।

ট্ৰাম্পে এখন গীৰ্জাত ফটো উঠাবলৈ যোৱাৰ বাবে হোৱাইট হাউছৰ বাহিৰত শান্তিপূৰ্ণ প্ৰতিবাদ কৰি থকা প্ৰতিবাদকাৰীসকলক বলপূৰ্বকভাৱে উক্ত স্থানৰ পৰা আঁতৰাই পঠোৱা সন্দৰ্ভত যেতিয়া কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন টুডোৰ প্ৰতিক্ৰিয়া বিচৰা হৈছিল তেতিয়া তেওঁ ২০ চেকেণ্ডলৈকে মৌন হৈ থাকে আৰু পাছত কয় যে, কানাডাতো ব্যৱস্থাগত বৈষম্যমূলক আচৰণ হয়। তেখেতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ কথা একো উল্লেখেই কৰাৰ পৰা বিৰত থাকিল ।

নিজৰ বক্তব্যত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন টুডোৱে কয় " আমি ভেদভাৱৰ বিৰুদ্ধে চলা যুঁজৰ সহযোগী হ'ব লাগিব। আমি শুনিব লাগিব, আমি শিকিব লাগিব আৰু আমি প্ৰসংগ বোৰক সমাধানৰ অংশীদাৰ হোৱাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব" ।

লগতে পঢ়ক: বাঘজানৰ অগ্নিকাণ্ড সন্দৰ্ভত কৰা পি আই এল বৰ্খাস্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.