এণ্টাৰটেইনমেন্ট ডেস্ক, ১৭ জুনঃ বলীউড অভিনেতা বিকী কৌশালৰ আহিবলগীয়া ছবি 'চৰ্দাৰ উধম সিঙ'ৰ ওপৰত কোভিড-১৯ মহামাৰীৰ বিশেষ প্ৰভাৱ পৰা নাই। ছবিখনৰ পৰিচালক সুজিত সিৰকাৰ প্ৰকাশ কৰে এই কথা।
![Vicky Kaushal starrer Sardar Udham Singh not affected by COVID-19: Shoojit Sircar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11:36_7649074_458_7649074_1592370059915.png)
সুজিত সিৰকাৰে প্ৰকাশ কৰা অনুসৰি এই মহামাৰীৰ আৰম্ভণিৰ পূৰ্বেই প্ৰায় সম্পূৰ্ণ হৈ উঠিছিল ছবিখনৰ শ্বুটিঙৰ কাম। কেৱল ছবিখন পোষ্ট প্ৰডাকশ্যনৰ কাম বাকী আছে। শীঘ্ৰে ছবিখনৰ বাকি থকা কামখিনি আৰম্ভ কৰা হ'ব বুলি পৰিচালক গৰাকীয়ে জানিবলৈ দিয়ে।
সম্প্ৰতি ছবিখনৰ পোষ্ট প্ৰডাকশ্যনৰ কাম-কাজ আৰম্ভ কৰাৰ বাবে চিন্তা চৰ্চা অব্যাহত ৰাখিছে ছবি-পৰিচালকগৰাকীয়ে। যিহেতু ছবিখন আগন্তুক বৰ্ষত মুক্তি লাভ কৰিব গতিকে ছবিখনৰ পোষ্ট প্ৰডাকশ্যনৰ কামসমূহ লাহে লাহে আৰম্ভ কৰা হ'ব বুলি সুজিত সিৰকাৰে উল্লেখ কৰে।
সঁচা কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে 'চৰ্দাৰ উধম সিং' ছবিখন। ১৯১৯ চনত অমৃতচৰ জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ প্ৰতিশোধ স্বৰূপে বিকী কৌশলে উধম সিঙৰ কাহিনীক দেশবাসীৰ সম্মুখলৈ আনিব। য'ত দেশৰ স্বাধীনতাৰ পূৰ্বে পাঞ্জাৱৰ প্ৰাক্তন লেফটেনেণ্ট গৱৰ্ণৰ মাইকেল অ' ডায়ৰৰ হত্যা কৰা হৈছিল। চৰ্ডাৰ উধম সিঙক এই হত্যাকাণ্ডৰ দোষী হিচাপে চিনাক্ত কৰি ১৯৪০ চনত ফাঁচি দিয়া হৈছিল।
উল্লেখ্য় যে, ১২ জুনত সুজিত সিৰকাৰৰ পৰিচালনাত নিৰ্মিত 'গুলাবো চিটাবো' ছবিখন ১২ জনত অ'টিটি প্লেটফৰ্মত মুক্তি লাভ কৰিছে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল বলীউড অভিনেতা আয়ুস্মান খুড়ানা আৰু বিগ বি অমিতাভ বচ্চনে।
লগতে চাওকঃ গলৱানত ভাৰত-চীনৰ সংঘৰ্ষঃ উত্তৰাখণ্ড চীন সীমান্তত তৎপৰতা সেনাৰ