ETV Bharat / briefs

ৰঙাপৰাত পথৰ দুৰৱস্থা - বিদ্যালয়

ৰঙাপৰাৰ ১ নং ৱাৰ্ডৰ গোপাল ঠাকুৰ পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভূগিবলগীয়া হৈছে অঞ্চলবাসী, বন্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷

ৰঙাপৰাত পথৰ দুৰৱস্থা
author img

By

Published : May 5, 2019, 6:43 PM IST

ৰঙাপৰা,৫মে' : ৰঙাপৰাৰ ১ নং ৱাৰ্ডৰ গোপাল ঠাকুৰ পথৰ দুৰৱস্থা । এজাক বৰষুণতেই বোকাময় হৈ পৰে পথটো । যাৰ বাবে অঞ্চলবাসীয়ে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছে । ইফালে ৰঙাপৰা পৌৰসভাৰ পৌৰপতি মিঠু পালে গোপাল ঠাকুৰ পথটটো পকীকৰণ তথা যাতায়তৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়া বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

ৰঙাপৰাত পথৰ দুৰৱস্থা

আনহাতে, ছাত্ৰ-ছাত্ৰীসকলে এই পথটোৰে বিদ্যালয়লৈ অহা-যোৱা কৰাত বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি স্থানীয় ৰাইজে মন্তব্য কৰি শীঘ্ৰে পথটো যাতায়তৰ বাবে সুচল কৰিবলৈ দাবী জনায় ।

Intro:ৰঙাপৰাৰ গোপাল ঠাকুৰ পথটি আজিও নহল পকীকৰণঃ কুম্ভকৰ্ণ নিদ্ৰাত পৌৰসভা।Body:ৰঙাপৰাঃ ৰঙাপৰা পৌৰসভাৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবেই আজি ৰঙাপৰাৰ ১ নং ৱাৰ্ডৰ ৰাইজে চৰম দুৰ্ভোগ ভূগিবলগীয়া হৈছে। অঞ্চলটোৰ ৰাইজে বিশেষকৈ কৃত্ৰিম বানপানীৰ পৰা পৰিত্ৰাণ পোৱা নাই। পৌৰসভাখনৰ পৌৰপতি মিঠু পালে গোপাল ঠাকুৰ পথটি পকীকৰণ তথা যাতায়তৰ ক্ষেত্ৰত উপযোগী নকৰাত ৰাইজ আৰু ছাত্র-ছাত্ৰী সকলে লেতেৰা পানী গছকি অহা-যোৱা কৰিব লগীয়া হৈছে। পথচোৱাত পানী জমা হোৱাৰ ফলত মাজে সময়ে ছাত্র-ছাত্ৰীসকলে উপায় বিহীন হৈ বিপদ সংকূল ভাৱে ৰেল পথৰ ওপৰেদি অহা-যোৱা কৰিবলগীয়া হৈছে। ইমানৰ পাছতো পৌৰসভাখনৰ পৌৰপতি মিঠু পালে চকু মুদা কুলিৰ ভাও ধৰি অহাৰ অভিযোগ উত্থাপিত হয়।অতি গুৰুত্বপূৰ্ণ পথচোৱা নিৰ্মাণ কৰাৰ বাবে ভুক্তভোগী ৰাইজে ৰঙাপৰা পৌৰসভাখন বাৰম্বাৰ আবেদন নিবেদন কৰি অহাৰ পাছতো সুফল লাভ নকৰিলে। পথচোৱা নিৰ্মাণ কৰাৰ বাবে পৌৰসভাখনক শীঘ্ৰে দাবী জনাইছে স্থানীয় ৰাইজে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.