মৰিগাঁও,৩ ফেব্ৰুৱাৰী: মৰিগাঁৱৰ পবিতৰাহাট প্ৰেক্ষাগৃহত বুধবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ধপাত নিয়ন্ত্ৰণৰ এক বিশেষ শিবিৰ । মৰিগাঁও জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কাৰ্যসূচী তথা শিবিৰৰ উদ্বোধন কৰে জিলা আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলাই । উদ্বোধনী ভাষণত বৰকলাই কয় যে, ধপাত সমাজৰ বাবে বৰবিহস্বৰূপ । ধপাত সেৱনৰ অপকাৰিতাৰ বিষয়ে সমাজৰ সকলো শ্ৰেণীৰ লোক আজিও অৱগত নহয় ৷

আনহাতে মৰিগাঁও জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ পৰিচালক তথা জ্যেষ্ঠ চিকিৎসক ডাঃ জয়া বড়োৱে বিশ্বত ধপাত সেৱনৰ দ্বাৰা মানুহৰ মৃত্যু হোৱাৰ এক পৰিসংখ্যা দাঙি ধৰি কয় যে, আৰক্ষীৰ সৈতে কেতিয়াবা ধপাতৰ বিৰুদ্ধে চলোৱা অভিযানৰ পিছত সেই স্থানত আৰক্ষীয়ে বিড়ি-চিগাৰেট সেৱন কৰি থকা দেখিলে মন বেয়া লাগে । সেয়েহে আৰক্ষীসকলক ধপাত মুক্ত পৰিৱেশ ৰচনা কৰাত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় বড়োৱে ।

উল্লেখযোগ্য যে, জিলা উপ-আৰক্ষী অধীক্ষক গীতাৰ্থ শৰ্মাই ধপাত বিৰোধী আইনৰ বিষয়ে ব্যাখ্যা আগবঢ়াই, অসামৰিক বেশত থাকি ৰাজহুৱা স্থানত চিগাৰেট সেৱন কৰাৰ বাবে ২০০ টকা জৰিমনা দিব লগা হোৱাৰ বিষয়ে সদৰী কৰে ৷
লগতে পঢ়ক:দি গাৰ্ল অন দ্যা ট্ৰেইন : আকৰ্ষণীয় হত্যাকাৰীৰ ৰূপত পৰিণীতি চোপ্ৰা