ETV Bharat / briefs

শোণিতপুৰৰ ৰঙাপৰাত বিকল পানী যোগান আঁচনি - জনস্বাস্থ্য কাৰিকৰী বিভাগ

শোণিতপুৰ জিলাৰ ৰঙাপৰাত দীৰ্ঘদিন ধৰি বিকল হৈ পৰি আছে পানী যোগান আঁচনি, বৰ্তমান পানী যোগান আঁচনিকেইটা ভূত বাংলালৈ পৰিণত হৈছে , আঁচনিকেইখন কাৰ্যক্ষম কৰি বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ দাবী স্থানীয় ৰাইজৰ

শোণিতপুৰৰ ৰঙাপৰাত বিকল পানী যোগান আঁচনি
author img

By

Published : May 2, 2019, 1:10 PM IST

ৰঙাপৰা, ২ এপ্ৰিল : শোণিতপুৰ জিলাৰ ৰঙাপৰাবাসী বঞ্চিত হ'বলগীয়া হৈছে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে । জিলাখনৰ বহু কেইখন গাঁৱত স্থাপন কৰা হৈছিল বহুকেইটা পানী যোগান আঁচনি । কিন্তু পানী যোগান আঁচনিকেইখন স্থাপন কৰাৰ পাছতো সমাধান হোৱা নাছিল খোৱাপানীৰ অভাৱ । কিয়নো আঁচনিকেইখন স্থাপন কৰাৰ পাছৰে পৰা বিকল হৈ পৰি থাকে । ইফালে, ২০০৮ চনত শোণিতপুৰৰ চাৰিদুৱাৰ দলং বস্তিত জনস্বাস্থ্য কাৰিকৰী বিভাগে লাখ-লাখ টকা ব্যয় কৰি স্থাপন কৰিছিল পানী যোগান আঁচনি । কিন্তু দীৰ্ঘদিনৰ পৰা পানী যোগান আঁচনি বিকল হৈ পৰি থাকে । যাৰ পৰিণতিত বিশুদ্ধ খোৱাপানী এটুপিৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে অঞ্চলবাসীয়ে ।

শোণিতপুৰৰ ৰঙাপৰাত বিকল পানী যোগান আঁচনি

উল্লেখ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সচিব নৰেশ্বৰ কাকতিয়ে শুভ উদ্বোধন কৰিছিল এখন পানী যোগান আঁচনি । সম্প্ৰতি হাবি-জংঘলৰে আগুৰি থকাত এক প্ৰকাৰ ভূত বাংলালৈ পৰিণত হৈছে এই আঁচনিখন । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেজপুৰ সংমণ্ডল ১নং ৰ অধীনত থকা পানী যোগান আঁচনিখন চোৱা-চিতাৰ অভাৱত ক্ৰমান্বয়ে জহি খহি যাবলৈ ধৰিছে। স্থানীয় ৰাইজে বিকল হৈ থকা পানী যোগান আঁচনিখন কাৰ্যক্ষম কৰি ৰাইজক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিবলৈ বিভাগটোক দাবী জনায় ।

Intro:ধোঁৱাচাঙত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগঃ হাবি-জংঘলৰে আগুৰি ভূত বাংলালৈ পৰিণত হৈছে চাৰিদুৱাৰ দলং বস্তি পানী যোগান আঁচনি।Body:ৰঙাপৰাঃ ৰাজ্য চৰকাৰৰ বিয়াগোম জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ অধীনত থকা একাংশ পানী যোগান আঁচনি আজি ধোঁৱাচাঙত উঠিছে।বিশেষকৈ গ্ৰাম্য অঞ্চলত থকা একাংশ পানী যোগান আঁচনি সমূহ ধোঁৱাচাঙলৈ পৰিণত হোৱাত ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। ২০০৮ চনত শোণিতপুৰৰ চাৰিদুৱাৰ দলং বস্তিত জনস্বাস্থ্য কাৰিকৰী বিভাগে লাখ লাখ টকা ব্যয় কৰি সাপেক্ষে স্থাপন কৰা পানী যোগান আঁচনি দীৰ্ঘদিনৰে পৰা বিকল হৈ পৰি আছে। উল্লেখ্য যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সচিব নৰেশ্বৰ কাকতিয়ে শুভ উদ্বোধন কৰা পানী যোগান আঁচনিখন সম্প্ৰতি হাবি-জংঘলৰে আগুৰি থকাত এক প্ৰকাৰ ভূত বাংলালৈ পৰিণত হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেজপুৰ সংমণ্ডল ১ৰ অধীনত থকা পানী যোগান আঁচনিখন চোৱা-চিতাৰ অভাৱত ক্ৰমান্বয়ে জহি খহি যাবলৈ ধৰিছে। স্থানীয় ৰাইজে বিকল হৈ থকা পানী যোগান আঁচনিখন কাৰ্যক্ষম কৰি ৰাইজক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিবলৈ বিভাগটোক দাবী জনাইছে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.