ETV Bharat / briefs

জামুগুৰিহাটত অচিনাক্ত বাহনৰ খুন্দাত দুগৰাকী মহিলাৰ কৰুণ মৃত্যু

শোণিতপুৰৰ চতিয়া সমষ্টিৰ শ'লগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা দুৰ্ঘটনাৰ ফলত কৰুণ মৃত্যুক আকোৱালী লয় জেউতি শইকীয়া আৰু বুলু শইকীয়া নামৰ দুগৰাকী মহিলাই

জামুগুৰিহাটত অচিনাক্ত বাহনৰ খুন্দাত দুগৰাকী মহিলাৰ কৰুণ মৃত্যু
author img

By

Published : Apr 29, 2019, 8:25 PM IST

চতিয়া, 29 এপ্ৰিলঃ শোণিতপুৰৰ চতিয়া সমষ্টিৰ শ'লগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত কৰুণভাৱে মৃত্যুক আকোৱালী লয় দুগৰাকী মহিলাই । মৃত্যু হোৱা মহিলা দুগৰাকী হ'ল শ'লগুৰি গাঁওৰ জেউতি শইকীয়া (৫০) আৰু বুলু শইকীয়া (৪৭) ।

ETV BHARAT ASSAM
জামুগুৰিহাটত অচিনাক্ত বাহনৰ খুন্দাত দুগৰাকী মহিলাৰ কৰুণ মৃত্যু

তথ্য অনুসৰি, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে প্ৰাতঃভ্ৰমণ কৰি থকা অৱস্থাতে তীব্ৰবেগী কোনো গাড়ীয়ে মহতিয়াই লৈ যায় দুয়ো গৰাকী মহিলাক । উক্ত দুৰ্ঘটনাত জেউতি শইকীয়াৰ থিতাতে মৃত্যু হয় যদিও বুলু শইকীয়াক ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত সংকটজনক অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰি ধলাইবিলস্থিত উত্তৰ জামুগুৰি চিকিৎসালয়ত ভৰ্তি কৰায় । আহত মহিলা গৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে । কিন্তু, তেজপুৰৰ মিছন হাস্পতালত চিকিৎসাধীন অৱস্থাতে বুলু শইকীয়াৰ মৃত্যু হয় । উল্লেখ্য যে ৰাইজৰ দৃষ্টিগোচৰ নোহোৱাৰ সুযোগ লৈ পলাই সাৰিবলৈ সক্ষম হয় দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন ।

Intro:শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ শ'লগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত দুগৰাকী মহিলাই কৰুণ মৃত্যুক আকোৱালী ল'ব লগা হয়। Body: মৃত্যু হোৱা মহিলা দুগৰাকী হ'ল শ'লগুৰি গাঁওৰ জেউতি শইকীয়া (৫০)আৰু বুলু শইকীয়া (৪৭)। জানিব পৰা মতে, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰে প্ৰাত:ভ্ৰমণ কৰি থকা অৱস্থাতে তীব্ৰবেগী কোনো গাড়ীয়ে মহতিয়াই যায় দুয়ো গৰাকী মহিলাক। উক্ত দুৰ্ঘটনাত জেউতি শইকীয়াৰ থিতাতে মৃত্যু হয় যদিও বুলু শইকীয়াক ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত সংকট জনক অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰি ধলাইবিলস্থিত উত্তৰ জামুগুৰি চিকিৎসালয়ত ভৰ্তি কৰায়। ইয়াতে আহত মহিলা গৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় যদিও আঘাতৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকে মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে। কিন্তু, তেজপুৰৰ মিছন হাস্পতালত চিকিৎসাধিন অৱস্থাতে বুলু শইকীয়াৰ মৃত্যু ঘটে। Conclusion:উল্লেখ্য যে দূৰ্ঘটনা সংঘটিত কৰা গাড়ীখন ৰাইজৰ দৃষ্টিগোচৰ নোহোৱাৰ সুযোগ গ্ৰহণ কৰি পলাই সাৰিবলৈ সক্ষম হয়। মহিলা দুগৰাকীৰ মৃত্যুত আঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

Pransankar Bhuyan
ETv bharat,Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.