গোলাঘাট,14 জুন: এক দুৰ্ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে নিশা সৰুপথাৰত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ আজেৰ আলি নামৰ এজন ই-ৰিক্সা চালক তীব্ৰবেগী এখন বাইকৰ খুন্দাত নিহত হোৱাৰ পিছতেই অঞ্চলটোত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ৷ ঘটনাস্থলীতে ৰিক্সাচালক জনৰ মৃত্যু হোৱাত একাংশ ক্ষুব্ধ ৰাইজে নিশা আৰক্ষী থানালৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে এজন কৰ্তব্যৰত আৰক্ষীকো আক্ৰমণ কৰিছিল ৷ ইফালে ঘটনাটোৰ লগত জড়িত তিনিজনক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ৷
আটক কৰা তিনিজনেই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য বুলি জানিব পৰা গৈছে ৷ ধৃত লোককেইজন ধনশিৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সদস্য আৰিফ আলি,সহকাৰী সম্পাদক মন্টু বসুমতাৰী আৰু উপ-সভাপতি শ্বাহৰুখ আনচাৰী ৷ আৰক্ষীয়ে ঘটনাটোৰ ভিডিঅ ফুটেজ চাই ঘটনাটোত জড়িত লোককেইজনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷