ETV Bharat / briefs

শিক্ষক নাইঃ ৰঙিয়াৰ বিদ্যালয়ত অভিভাৱকৰ প্ৰতিবাদ

ৰঙিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত ধুহিৰ দক্ষিণটাৰী পশ্চিম চোপা প্ৰাথমিক বিদ্যালয়ত শিক্ষক উপস্থিত নথকাৰ বাবে বন্ধ হৈ পৰে পাঠদান, কণ-কণ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ আহি উভতি যাবলগীয়া হয়

ৰঙিয়াত কণ-কণ শিক্ষাৰ্থীৰ প্ৰতিবাদ
author img

By

Published : May 21, 2019, 4:29 PM IST

ৰঙিয়া,২১মে' : শিক্ষক অবিহনে চলিছে ৰঙিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত ধুহিৰ দক্ষিণটাৰী পশ্চিম চোপা প্ৰাথমিক বিদ্যালয় । বিদ্যালয়খনৰ একমাত্ৰ শিক্ষক কনক কলিতা দুৰ্ঘটনাগ্ৰস্ত হৈ চিকিৎসাধীন অৱস্থাত থকাৰ বাবে বিদ্যালয়ৰ পাঠদান সম্প্ৰতি বন্ধ হৈ পৰে । যাৰ বাবে প্ৰতিদিনে কণ-কণ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ আহি উভতি যাবলগীয়া হয় । সোমবাৰেও কণ-কণ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ আহে যদিও বিদ্যালয়খনত শিক্ষক উপস্থিত নথকাত ঘৰমুৱা হ'বলগীয়া হয় । বিদ্যালয়খনত এনে অচলাৱস্থাৰ সৃষ্টি হোৱাৰ বাবে অভিভাৱক তথা স্থানীয় ৰাইজে বিদ্যালয়খনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।

ৰঙিয়াত কণ-কণ শিক্ষাৰ্থীৰ প্ৰতিবাদ

উল্লেখ্য যে প্ৰায় ৬ মাহ পূৰ্বে প্ৰধান শিক্ষকগৰাকী অৱসৰ লোৱাৰ পাছত মাত্ৰ এজন শিক্ষকৰে বিদ্যালয়খন চলি আছিল । কিন্তু কিছুদিন পূৰ্বে বিদ্যালয়খনৰ একমাত্ৰ শিক্ষক কনক কলিতাও দুৰ্ঘটনাগ্ৰস্ত হৈ চিকিৎসাধীন হৈ থকাত বিদ্যালয়খনৰ পাঠদান বন্ধ হৈ পৰে । যাৰ বাবে এই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হয় । শিক্ষা বিভাগে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে আৰু বিদ্যালয়খনত অভিভাৱক আৰু স্থানীয় ৰাইজ উপস্থিত হৈ শিক্ষক নিযুক্তিৰ দাবীত পৰিস্থিতি উত্তপ্ত কৰি তোলে ।

Intro:শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত ৰঙিয়াৰ এজাক কণকণ শিশু। শিক্ষক নোহোৱাকৈ চলিছে চৰকাৰী বিদ্যালয়Body:শিক্ষক নোহোৱাকৈ চলিছে ৰঙিয়াৰ এখন চৰকাৰী বিদ্যালয়। মাত্ৰ এজনে শিক্ষকেৰে চলি থকা বিদ্যালয়খনৰ একমাত্ৰ শিক্ষকজন অসুস্থ হৈ চিকিৎসাধীন অৱস্থাত থকাৰ বাবে বিদ্যালয়ৰ পাঠদান সম্প্ৰতি বন্ধ হৈ আছে । যাৰ বাবে প্ৰতিদিনে বিদ্যালয়লৈ আহি কন কন ছাত্ৰ-ছাত্ৰীসকলে উভতি যাব লগীয়া হৈছে । সোমবাৰেও ছাত্র-ছাত্ৰী সকলে বিদ্যালয়খনলৈ আহে যদিও শিক্ষক নথকা বাবে পুনৰ উভতি যাব লগা হয় । এনে শৈক্ষিক অচলাৱস্থাৰ বাবে অভিভাৱক আৰু স্থানীয় ৰাইজে বিদ্যালয়খনৰ মূল দুৱাৰমুখত বাঁহৰ বেৰ দি উত্তাল পৰিবেশৰ সৃষ্টি কৰি প্ৰতিবাদ সাব্যস্ত কৰে । এই বিদ্যালয়খন হৈছে ৰঙিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ধুহিৰ দক্ষিণটাৰী পশ্চিম চোপা প্ৰাথমিক বিদ্যালয় । এই বিদ্যালয়খনত ২২ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে মাত্ৰ এজন শিক্ষক । প্ৰায় ৬ মাহ পূৰ্বে প্ৰধান শিক্ষক গৰাকী অৱসৰ লোৱাৰ পিছত মাত্ৰ এজন শিক্ষকৰে বিদ্যালয়খন চলি আছে । কিন্তু কিছুদিন পূৰ্বে বিদ্যালয়খনৰ একমাত্ৰ শিক্ষক কনক কলিতা দুৰ্ঘটনাগ্ৰস্থ হৈ চিকিৎসাধীন হৈ থকাত বিদ্যালয়খনৰ পাঠদান বন্ধ হৈ পৰে । যাৰ বাবে এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হব লগীয়া হৈছে । শিক্ষাৰ মৌলিক অধিকাৰৰ পৰা ছাত্র-ছাত্রীক বঞ্চিত কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই বহু পৰিমাণে দায়ী বুলি অভিযোগ আনিছে ৰাইজে । এসপ্তাহ ধৰি শিক্ষা বিভাগে কোনো যথাবিহীত ব্যৱস্থা নোলোৱাত সোমবাৰে ধৈৰ্য্যৰ বান্ধ ছিগে স্থানীয় ৰাইজৰ । বিদ্যালয়খনত অভিভাৱক আৰু স্থানীয় ৰাইজ উপস্থিত হৈ শিক্ষক নিযুক্তিৰ দাবীত পৰিস্থিতি উত্তপ্ত কৰি তোলে । শিক্ষাৰ আমুল পৰিবৰ্তন অনাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰৰ দিনত এনে শৈক্ষিক অচলাৱস্থা দিনক দিনে বৃদ্ধি হোৱা বুলিও সচেতন ৰাইজে মন্তব্য কৰিছে ।

BITE : 2. Public 2. StudentConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.