ইণ্টাৰনেশ্বনেল ডেস্ক, ১০ জুনঃ দেশজুৰি অব্যাহত থকা ল'কডাউন শিথিল কৰাৰ বাবে পাকিস্তানত বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা। বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে এই কথা।
পাকিস্তানৰ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী পলিতা মাহিপালাই দেশখনত কোভিড-১৯ৰ হাৰ বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰে। দেশখনত নিৰীক্ষণ পদ্ধতি দুৰ্বল, মেডিকেল সমূহত সংকটজনক ৰোগীৰ বাবে পৰ্যাপ্ত থকা ঠাইৰ অভাৱৰ লগতে কোভিড-১৯ৰ পৰা বাচি থাকিবলৈ গ্ৰহণ কৰিবলগীয়া সাৱধানতা মানি নচলাৰ বাবেই ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্যগৰাকীয়ে উল্লেখ কৰে।
![pakistans lockdown relaxation resulted in rise in coronavirus infection rate: WHO](https://etvbharatimages.akamaized.net/etvbharat/prod-images/06:43_pakistan_e12fmor_dsoyo2i-thumbnail-320x180-70_zmtlvru1591794708603-86_1006email_1591794719_141.jpg)
পলিতা মাহিপালাই এখন পত্ৰযোগে উল্লেখ কৰা অনুসৰি পাকিস্তানৰ প্ৰায় প্ৰতিখন জিলাতে কৰ'ণা ভাইৰাছ সংক্ৰমিত হৈছে। বৰ্তমানলৈকে দেশখনত ১.১০ লাখ লোক এই মহামাৰীৰ কৱলত পৰিছে।
১২ এপ্ৰিলত পাক চৰকাৰে এই ৰোগৰ সংক্ৰমণ ৰোধৰ বাবে দেশখনত সামাজিত দুৰত্ব বৰ্তাই ৰখা,চলা-ফুৰাত বাধা,সকলো বিদ্যালয় তথা বাণিজ্যিক কাম-কাজ বন্ধ,আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ নিষিদ্ধ আদি নীতি নিয়ম জাৰি কৰিছিল। কিন্তু অধিকাংশ লোকে এই নীতি-নিয়ম মানি নচলাৰ লগতে লক ডাউন শিথিত কৰি দিয়াত বৃদ্ধি পাইছে কোভিড-১৯ আক্ৰান্ত ব্যক্তিৰ সংখ্যা। লগতে,কিছুদিন পূৰ্বে দেশখনত এদিনত ১০০ জন ৰোগীক মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।
দেশখনত জুলাই আৰু আগষ্ট মাহত কোভিড-১৯ ৰোগীৰ সংখ্য়া বৃদ্ধি হৈছে বুলি সোমবাৰে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে উল্লেখ কৰে। লগতে, কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে লক ডাউন একমাত্ৰ সমাধান নহয় বুলি দেশবাসীয়ে বুজি পাইছে বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।