ETV Bharat / briefs

মৰাণৰ ধেমেচীত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলন সমাপ্ত - বিজেপি

মৰাণৰ ধেমেচীত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে বিধায়ক চক্ৰধৰ গগৈয়ে ।

বিজেপি সভা
বিজেপি সভা
author img

By

Published : Dec 13, 2020, 3:01 PM IST

মৰাণ, ১৩ ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ ধেমেচীত শনিবাৰে অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সন্মিলন । কাৰ্যকৰ্তা সন্মিলনত ধেমেচীৰ পঞ্চায়তৰ কাৰ্যকৰ্তা, বিজেপি দলৰ বিষয়ববীয়া, কৰ্মীসকলে অংশগ্ৰহণ কৰাৰ লগতে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়েও অংশগ্ৰহণ কৰে ।

আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ ভেঁটি শক্তিশালী কৰিবলৈ কেনেদৰে দলৰ কৰ্মীসকলে কাম কৰিব লাগিব সেই সম্পৰ্কে সন্মিলনত আলোচনা কৰা হয় । উল্লেখ যে সমাগত ২১ৰ নিৰ্বাচনক লক্ষ্য কৰি ৰাজ্যৰ প্ৰতিটো সমষ্টিতে শাসক দল বিজেপিয়ে বৃদ্ধি কৰিছে ৰাজনৈতিক তৎপৰতা । দলীয় ভেঁটি শক্তিশালী কৰিবলৈ অনুষ্ঠিত কৰিছে এটাৰ পাচত আন এটা দলীয় অনুষ্ঠান ।

লগতে পঢ়ক: যোৰহাট, মাজুলীৰ মুঠ ৪৩,২৮৭ টা শিশুক কৰা হ'ব টিটেনাচ প্লাছৰ টীকাকৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.