মালিগাঁও,৩১মে': শুকুৰবাৰে গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ বিজি কলনিত সংঘটিত হয় পথ দুৰ্ঘটনা । তীব্ৰ বেগী এখন চাৰিচকীয়া বাহনে মহতিয়াই নিয়ে এগৰাকী পথাচাৰীক । AS-01DK-8388 নম্বৰৰ চাৰিচকীয়া বাহনখনে খুন্দা মাৰে প্ৰিয়া মিশ্ৰ নামৰ এগৰাকী মহিলাক। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মহিলাগৰাকী। আঘাতপ্ৰাপ্ত মহিলাগৰাকীক ভৰ্তি কৰা হয় সঞ্জীৱনী হাস্পতালত। ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহনখনৰ চালকে পলায়ন কৰে যদিও জালুকবাৰী যানবাহন আৰক্ষীয়ে বাহনখন জব্দ কৰিবলৈ সক্ষম হয়।
মালিগাঁৱত তীব্ৰবেগী বাহনে মহতিয়ালে মহিলাক - দুৰ্ঘটনা
মহানগৰীৰ মালিগাঁৱত তীব্ৰ বেগী বাহনে মহতিয়ালে প্ৰিয়া মিশ্ৰ নামৰ এগৰাকী মহিলাক,দুৰ্ঘটনাত আঘাটপ্ৰাপ্ত মহিলাগৰাকীক সঞ্জীৱনী হাস্পতাললৈ প্ৰেৰণ কৰা হয়