ETV Bharat / briefs

মাজুলীত যুৱ কংগ্ৰেছ আৰু এন‌এছ‌ইউআইৰ প্ৰতিবাদ - SI exam corruption

মাজুলী যুৱ কংগ্ৰেছ আৰু মাজুলী জিলা এন‌এছ‌ইউআইৰ উদ্যোগত বুধবাৰে গড়মূৰ তিনিআলিত কৃষক বিৰোধী আইনখন বাতিলৰ দাবীত প্ৰতিকৃতি দাহ কৰাৰ লগতে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাত হোৱা দুৰ্নীতিৰ তদন্ত চিবিআইক অৰ্পণ কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

Majuli protest
মাজুলীত যুৱ কংগ্ৰেছ আৰু এন‌এছ‌ইউআইৰ প্ৰতিবাদ
author img

By

Published : Sep 30, 2020, 10:54 PM IST

মাজুলী, ৩০ ছেপ্টেম্বৰ: মাজুলী যুৱ কংগ্ৰেছ আৰু মাজুলী জিলা এন‌এছ‌ইউআইৰ উদ্যোগত বুধবাৰে গড়মূৰ তিনিআলিত কৃষক বিৰোধী আইনখনক বাতিলৰ দাবীত প্ৰতিকৃতি দাহ কৰাৰ লগতে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষাত হোৱা দুৰ্নীতিৰ তদন্ত চিবিআইক অৰ্পণ কৰাৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । ক’ভিড প্ৰটকল মানি আয়োজন কৰা কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মাজুলী জিলা কংগ্ৰেছৰ তত্বাৱধায়ক দাদু টায়ে উপস্থিত থাকি কৃষক সকলক কৰা অন্যায় বিৰুদ্ধে মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰি অসম চৰকাৰৰ গৃহ বিভাগৰ অন্তৰ্গত এছ আই পৰীক্ষাৰ দুৰ্নীতিৰ বিৰুদ্ধে সমালোচনা কৰি কয় যে, অসমৰ ইতিহাসত সকলোতকৈ বৃহৎ দুৰ্নীতি এই এছ আই পৰীক্ষাৰ দুৰ্নীতি । পৰীক্ষাৰ আগদিনা বন্ধ কোঠাত পৰীক্ষাৰ অনুশীলনৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ দুৰ্নীতিত বিজেপি নেতা সাঙোৰ খোৱা ঘটনাই প্ৰমাণ কৰে যে বিজেপি দলে কেনেদৰে চৰকাৰৰ কাম কাজসমূহ নিয়ন্ত্ৰণ কৰে ।

Majuli protest
মাজুলীত যুৱ কংগ্ৰেছ আৰু এন‌এছ‌ইউআইৰ প্ৰতিবাদ

তাৰোপৰি মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীৰ তত্বাৱধায়ক বিমল বৰাৰ নাম দুৰ্নীতিৰ অভিযোগত উত্থাপিত হোৱা ঘটনা‌ই প্ৰমাণ কৰে যে এই তদন্তই কিমান নিৰপেক্ষতা অৱলম্বন কৰিব। সেয়ে কংগ্ৰেছ দলে চিবিআইৰ দ্বাৰা এই তদন্ত কৰিবলৈ দাবী উত্থাপন কৰে । কাৰ্যসূচীত উপস্থিত থাকি যুৱ ব্ৰিগেডৰ সভাপতি দীনমণি দত্ত‌ই বিমল বৰাক তদন্তৰ আওতালৈ আনিলেই মুখ্যমন্ত্ৰীৰ শূণ্য সহনশীলতাৰ প্ৰকৃত স্বৰূপ ওলাই পৰিব বুলি মতপোষণ কৰে ।

একেদৰে মাজুলী সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি বিষ্ণু কমল পায়েঙে কয় যে, লকডাউনৰ ফলত অধিক নিবনুৱা যুৱক যুৱতীৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছত এছ আই পৰীক্ষা‌ই কিছু সকাহ দিছিলহে কিন্তু এই নিবনুৱা যুৱক যুৱতীসকলৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দি কেৱল বিজেপি নেতাৰ সান্নিধ্যত থকা সকলক নিযুক্তি দিয়াৰ উদ্দেশ্যে যি দুৰ্নীতি কৰিলে, এইয়া কেৱল নিন্দনীয়‌ই নহয় ঘৃণনীয়‌ও বুলি মন্তব্য কৰে । নিবনুৱা ভাই ভনী সকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি এই বৃহৎ দুৰ্নীতিৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰি সৰ্বানন্দ সোণোৱালে নিজৰ স্বচ্চতা প্ৰমাণ কৰি দেখুৱাতৈকো দাবী উত্থাপন কৰে ।

অনুষ্ঠানত মাজুলী ব্লক কংগ্ৰেছৰ সভাপতি ৰামেশ্বৰ দলে, মাজুলী ব্লক যুৱ কংগ্ৰেছৰ সভাপতি পুলক ওজাকে ধৰি বহু যুৱ কংগ্ৰেছ তথা এন‌এছ‌ইউআইৰ বিষয়ববীয়াও উপস্থিত থাকে ।

লগতে পঢ়ক: শংকৰদেৱ কলাক্ষেত্ৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.