ETV Bharat / briefs

কৰিমগঞ্জত লক্ষাধিক টকাৰ চোৰাং চেগুন কাঠ জব্দ - Illegal Segun Wood Seized in karimganj

কৰিমগঞ্জত কাঠৰ চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান ৷ লক্ষাধিক টকাৰ চোৰাং চেগুন কাঠসহ এখন ট্ৰাক জব্দ অভিযানত ৷ অভিযানৰ সময়ত চোৰাং কাঠ সৰবৰাহ কৰা চোৰাং ব্যৱসায়ীৰ পলায়ন ৷ তদন্ত অব্যাহত বন বিভাগৰ ৷

কৰিমগঞ্জত লক্ষাধিক টকাৰ চোৰাং চেগুন কাঠ জব্দ

author img

By

Published : Sep 7, 2020, 12:39 PM IST

Updated : Sep 7, 2020, 2:29 PM IST

কৰিমগঞ্জ, ৭ চেপ্তেম্বৰঃ কৰিমগঞ্জ জিলাৰ বন বিভাগৰ অভিযান অব্যাহত দুষ্ট চক্ৰৰ বিৰুদ্ধে। অসম মিজোৰাম সীমান্তত অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে ৷

গোপন সূত্ৰৰ ভিত্তিত লোৱাইৰপোৱা ৰেঞ্জৰ অধিনষ্ঠ ৰাজ্ঞামাটি বিট অফিচৰ কলামাটিত চলোৱা এক অভিযানত এখন ট্রাকৰ পৰা বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ কৰাৰ লগতে AS-01AC-2155 নম্বৰৰ ট্রাকখন জব্দ কৰে বন বিভাগৰ অভিযানকাৰী দলটোৱে।

ইপিনে বন বিভাগে চোৰাং কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় যদিও চোৰাং কাঠ সৰবৰাহৰ লগত জড়িত লোকসকলে অভিযানৰ সময়ত পলায়ন কৰে বুলি জানিবলৈ দিয়ে ৷

উল্লেখযোগ্য যে, বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জব্দকৃত কাঠখিনিৰ বজাৰ মুল্য প্ৰায় দুই লাখ টকা হ'ব ৷ পলায়ন কৰা লোককেইজনৰ সন্ধানত বন বিভাগৰ অভিযান অব্যাহত আছে ৷

Last Updated : Sep 7, 2020, 2:29 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.