ETV Bharat / briefs

ইৰাণত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্থ হোৱা অট্টালিকাটো এটা চেন্ট্ৰিফিউজ কেন্দ্ৰ আছিল

author img

By

Published : Jul 7, 2020, 12:08 AM IST

ইৰাণৰ পাৰমাণবিক সংস্থাসমূহৰ মুখপাত্র বেহৰুজ কমালবংদীয়ে উল্লেখ কৰা অনুসৰি, অগ্নিকাণ্ড সংঘটিত হোৱা চেন্ট্ৰিফিউজ কেন্দ্ৰটোৰ কাম-কাজ ২০১৩ বৰ্ষত আৰম্ভ হৈছিল আৰু ২০১৮ বৰ্ষত ইয়াৰ উদ্ধোধন কৰা হৈছিল।

 ইৰাণ
Iran confirms damaged nuclear site was centrifuge facility

নিউজ ডেস্ক, ৬ জুলাইঃ বৃহস্পতিবাৰে ইৰাণত সংঘটিত হৈছিল এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই ঘটনাত এটা বৃহৎ অট্টালিকা ভাঙি পৰিছিল বাতৰি প্ৰকাশিত হৈছিল। কিন্তু ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষণ স্থল ( Natanz nuclear site)ত ক্ষতিগ্ৰস্থ হোৱা অট্টালিকাটো আছলতে এটা নতুনকৈ স্থাপন কৰা চেন্ট্ৰিফিউজ কেন্দ্ৰ (new centrifuge center) আছিল বুলি ইৰাণে দাবী কৰিছে। চৰকাৰী নিউজ সংস্থা আইআৰএনএ (IRNA) প্ৰকাশ কৰিছে এই তথ্য ।

বৃহস্পতিবাৰে সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাক ইৰাণৰ বিষয়াসকলে এটা সৰু ঘটনা আৰু ইয়াৰ ফলত কেৱল উদ্য়োগিক কেন্দ্ৰসমূহ ক্ষতিগ্ৰস্থ হৈছিল বুলি উল্লেখ কৰিছিল। কিন্তু ইৰাণৰ চৰকাৰী নিউজ চেনেলত প্ৰকাশিত অগ্নিকাণ্ডৰ চিত্ৰ আৰু ভিডিঅ'সমূহত ইটাৰে বন্ধা ঘৰসমূহ জ্বলি যোৱা দেখা গৈছিল।

ইৰাণৰ পাৰমাণবিক সংস্থাসমূহৰ মুখপাত্র বেহৰুজ কমালবংদী (Behruz Kamalwandi, spokesman for Iran's nuclear agency)য়ে দেওবাৰে উল্লেখ কৰা অনুসৰি, এই কেন্দ্ৰটোৰ কাম-কাজ ২০১৩ বৰ্ষত আৰম্ভ হৈছিল আৰু ২০১৮ বৰ্ষত ইয়াৰ উদ্ধোধন কৰা হৈছিল। উন্নত চেন্ট্ৰিফিউজ যন্ত্ৰ নিৰ্মাণ কৰাৰ বাবে এই কেন্দ্ৰটো স্থাপন কৰা হৈছিল বুলি মুখপাত্রগৰাকীয়ে উল্লেখ কৰে।

বৃহস্পতিবাৰে কেন্দ্ৰটোত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত উন্নত চেন্ট্ৰিফিউজ যন্ত্ৰসমূহৰ বিকাশ আৰু উৎপাদনৰ ক্ষেত্ৰত পলম হ'ব পাৰে বুলি বেহৰুজ কমালবংদীয়ে উল্লেখ কৰে । এই অগ্নিকাণ্ডৰ ফলত বহুকোইটা ডিভাইচ ক্ষতিগ্ৰস্থ হৈছে।

উল্লেখ্য যে, বিশ্বৰ শক্তিক্ষেত্ৰসমূহৰ সৈতে ২০১৫ বৰ্ষত হোৱা পৰমাণু চুক্তি অনুসৰি জাৰি কৰা নিষেধাজ্ঞাৰ কাৰণে উক্ত কেন্দ্ৰটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱা নাছিল বুলি জানিব পৰা গৈছে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.