ETV Bharat / briefs

ডিব্ৰুগড়ৰ জকাইত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

author img

By

Published : Dec 15, 2020, 11:48 AM IST

চেঁচা বাগানৰ ২০ নং লাইনত উদ্ধাৰ হয় প্ৰায় ৬০ কিলোগ্ৰাম ওজনৰ প্ৰকাণ্ড অজগৰডাল ।

জকাইত উদ্ধাৰ প্ৰকাণ্ড অজগৰ
জকাইত উদ্ধাৰ প্ৰকাণ্ড অজগৰ

মৰাণ, ১৫ ডিচেম্বৰ : ডিব্ৰুগড়ৰ চেঁচা বাগানৰ ২০ নং লাইনত সোমবাৰে এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয় । প্ৰায় ৬০ কিলোগ্ৰাম ওজনৰ অজগৰডাল জকাই খণ্ড বন বিষয়াই বনকৰ্মীৰ সহযোগত উদ্ধাৰ কৰি জকাই সংৰক্ষিত বনাঞ্চলত মেলি দিয়ে । খণ্ড বন বিষয়া দ্বিজেন নেওগে সাংবাদিকক জানিব দিয়া মতে, জকাই সংৰক্ষিত বনাঞ্চলত শতাধিক অজগৰ এতিয়াও আছে । জিলাখনৰ সকলো ঠাইতে উদ্ধাৰ হোৱা অজগৰ জকাইৰ সংৰক্ষিত বনাঞ্চলতে আশ্ৰয় প্ৰদান কৰা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.